--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰল প্ৰশংসাৰ এক নিদৰ্শন দাঙি ধৰি বেইজিংস্থিত চীনা সংবাদ পত্ৰ ‘গ্লোবেল টাইমছ’-এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক শাসন আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰশংসা কৰি এটা প্ৰবন্ধ প্ৰকাশ কৰিছে।

ছাংহাইৰ ‘ফুদান বিশ্ববিদ্যালয়’ৰ ‘দক্ষিণ এছিয়া অধ্যয়ন কেন্দ্ৰ’ৰ সঞ্চালক ঝাং জিয়াডঙে লিখা এই প্ৰবন্ধটোৱে যোৱা চাৰিটা বছৰত ভাৰতৰ উল্লেখযোগ্য সাফল্য সন্দৰ্ভত আলোকপাত কৰিছে। ই ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশ, নগৰ শাসনৰ উন্নতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, বিশেষকৈ চীনৰ প্ৰতি মনোভাৱৰ পৰিৱৰ্তনৰ কথা স্বীকাৰ কৰে। "উদাহৰণ স্বৰূপে, চীন আৰু ভাৰতৰ মাজত বাণিজ্যিক ভাৰসাম্যহীনতাৰ বিষয়ে আলোচনা কৰোঁতে ভাৰতীয় প্ৰতিনিধিসকলে আগতে মুখ্যতঃ বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে চীনৰ পদক্ষেপত গুৰুত্ব দিছিল। কিন্তু এতিয়া তেওঁলোকে ভাৰতৰ ৰপ্তানি সম্ভাৱনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে" বুলি  প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।

এই প্ৰবন্ধটোত দেশৰ কৌশলগত আত্মবিশ্বাসত গুৰুত্ব আৰোপ কৰি "ভাৰত আখ্যান" গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় দৃষ্টিভংগীক বিশেষভাৱে প্ৰশংসা কৰিছে। লেখকে কয় যে ইয়াৰ দ্ৰুত অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ সৈতে, ভাৰত কৌশলগতভাৱে অধিক আত্মবিশ্বাসী আৰু 'ভাৰত আখ্যান' সৃষ্টি আৰু বিকাশত অধিক সক্ৰিয় হৈ উঠিছে। "ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰতে পশ্চিমৰ সৈতে গণতান্ত্ৰিক সহমতত গুৰুত্ব দিয়াৰ পৰা গণতান্ত্ৰিক ৰাজনীতিৰ 'ভাৰতীয় বৈশিষ্ট্য'ৰ প্ৰসংগত আলোকপাত কৰিবলৈ আগবাঢ়িছে। বৰ্তমান, গণতান্ত্ৰিক ৰাজনীতিৰ ভাৰতীয় উৎপত্তি সন্দৰ্ভত আৰু অধিক গুৰুত্ব দিয়া হৈছে" বুলিও তেওঁ লগতে উল্লেখ কৰে।
এই পৰিৱৰ্তনে ঐতিহাসিক ঔপনিৱেশিকতাৰ ছাঁৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ৰাজনৈতিক আৰু সাংস্কৃতিক ভাৱে বিশ্বব্যাপী প্ৰভাৱশালী দেশ হিচাপে নিজৰ স্থান নিশ্চিত কৰাৰ বাবে ভাৰতে পোষণ কৰা অভিলাষকে প্ৰতিফলিত কৰে বুলিও লেখকে মন্তব্য কৰে।

তদুপৰি, এই প্ৰবন্ধটোৱে প্ৰধানমন্ত্ৰী মোদীৰ অধীনত ভাৰতৰ বৈদেশিক নীতিৰ কৌশলক প্ৰশংসা কৰে; ৰাছিয়া-ইউক্ৰেইন সংঘাতত এক সূক্ষ্ম স্থিতি প্ৰদৰ্শন কৰাৰ সময়ত ৰাষ্ট্ৰৰ বহু-পক্ষীয় মৈত্ৰীৰ দৃষ্টিভংগী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু ৰাছিয়াৰ দৰে মুখ্য গোলকীয় শক্তিসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰসংগত আলোকপাত কৰে।
বৈদেশিক নীতিত ভাৰতৰ কৌশলগত চিন্তাধাৰাৰ আন এটা পৰিৱৰ্তন হৈছে আৰু স্পষ্টভাৱে এক বৃহত শক্তিধৰ দেশৰ দিশে আগবঢ়াৰ ৰণনীতি গ্ৰহণ কৰিছে বুলিও প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতা গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ৰাছিয়া আৰু অন্যান্য দেশ আৰু আঞ্চলিক সংগঠনসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক গাঢ় কৰাৰ বাবে বহু-পক্ষীয় মৈত্ৰীৰ কৌশল গ্ৰহণৰ পোষকতা কৰিছে" বুলি  অধ্যাপক ঝাঙে মন্তব্য কৰে।

ভাৰতে সদায় নিজকে বিশ্বশক্তি হিচাপে গণ্য কৰি আহিছে বুলি প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। অৱশ্যে, ভাৰতে ‘মাল্টি-বেলেন্সিং’-ৰ পৰা ‘মাল্টি-এলাইনমেণ্ট’লৈ স্থানান্তৰিত হোৱাৰ মাত্ৰ ১০ বছৰতকৈয়ো কম সময়হে হৈছে, আৰু এতিয়া ই ‘বহুমেৰু বিশিষ্ট বিশ্ব’ত ‘এটা মেৰু’ হোৱাৰ কৌশল গ্ৰহণৰ দিশত দ্ৰুতগতিত ৰূপান্তৰিত হৈছে বুলি প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। সামৰণিত লেখকে কয়, "এনে লাগিছে যে এক পৰিৱৰ্তিত, শক্তিশালী আৰু অধিক দৃঢ় ভাৰত এক নতুন ভূ-ৰাজনৈতিক কাৰক হৈ উঠিছে, যাক বহুতো দেশে গুৰুত্ব দিব লাগিব।"

ভাৰতৰ অগ্ৰগতিৰ এই বিৰল স্বীকৃতি আৰু ‘গ্লোবেল টাইমছ’য়ে প্ৰধানমন্ত্ৰী মোদীৰ কৌশলগত দৃষ্টিভংগীক কৰা প্ৰশংসাই ভাৰতৰ গোলকীয় প্ৰভাৱৰ বৰ্ধিত স্বীকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় দৃশ্যপটত ইয়াৰ দৃঢ় স্থিতিৰ প্ৰভাৱকে সূচাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক