--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদত এইবাৰ মোহময়ী বলীউড অভিনেত্ৰী উৰ্বশী ৰাউটেলা৷ যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ খেল চাবলৈ আহিছিল বলীউডৰ সুন্দৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীৰ সৈতে এটা ডাঙৰ ঘটনা সংঘটিত হয়। দৰাচলতে অভিনেত্ৰীগৰাকীৰ আইফোনটো ষ্টেডিয়ামৰ ক’ৰবাত হেৰাই যায়। যাৰ তথ্য তেওঁ নিজে এতিয়া ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে।

আচলতে যোৱা নিশা উৰ্বশী ৰাউটেলা ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন উপভোগ কৰিবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল। ইয়াৰ পাছতে ষ্টেডিয়ামত অভিনেত্ৰীগৰাকীৰ ২৪ কেৰেটৰ সোণৰ আইফোনটো হেৰায়। উৰ্বশীয়ে এই তথ্য তেওঁৰ এক্স(পূৰ্বৰ টুইটাৰ)ৰ ওপৰত দিছে। য’ত তেওঁ আহমেদাবাদ পুলিচক টেগ কৰি লিখিছে –“ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মোৰ ২৪ কেৰেটৰ আইফোনটো হেৰাই গৈছে। অনুগ্ৰহ কৰি, কোনোবাই বিচাৰি পালে তৎক্ষণাত যোগাযোগ কৰক৷” এতিয়া অভিনেত্ৰীগৰাকীয়েও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীটো এই পোষ্টটো শ্বেয়াৰ কৰিছে।

ইয়াৰ পূৰ্বে উৰ্বশী ৰাউটেলাই নিজৰ ষ্টেডিয়ামৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য’ত ভাৰতক জয়ৰ দিশে আগবাঢ়ি যোৱা দেখি উৰ্বশীক সুখী দেখা গৈছিল। টীম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ নীলা ৰঙৰ পোছাক পৰিধান কৰি ষ্টেডিয়ামত উপস্থিত হয় অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ এই লুকটো তেওঁৰ অনুৰাগীসকলে অতিশয় ভাল পাইছে। ইয়াৰ পূৰ্বেও উৰ্বশীক বহুবাৰ মেচ চাই থকা দেখা গৈছে।

অভিনয় ব্যস্ততাৰ কথা ক’বলৈ গ’লে উৰ্বশী ৰাউটেলাক কিছুদিন পূৰ্বে বিগ বছ অ’টিটি ২ৰ বিজয়ী এলভিছ যাদৱৰ সৈতে মিউজিক এলবামত দেখা গৈছিল। তেওঁলোকৰ দুয়োটা গীতে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু