--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদত এইবাৰ মোহময়ী বলীউড অভিনেত্ৰী উৰ্বশী ৰাউটেলা৷ যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ খেল চাবলৈ আহিছিল বলীউডৰ সুন্দৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীৰ সৈতে এটা ডাঙৰ ঘটনা সংঘটিত হয়। দৰাচলতে অভিনেত্ৰীগৰাকীৰ আইফোনটো ষ্টেডিয়ামৰ ক’ৰবাত হেৰাই যায়। যাৰ তথ্য তেওঁ নিজে এতিয়া ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে।

আচলতে যোৱা নিশা উৰ্বশী ৰাউটেলা ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন উপভোগ কৰিবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল। ইয়াৰ পাছতে ষ্টেডিয়ামত অভিনেত্ৰীগৰাকীৰ ২৪ কেৰেটৰ সোণৰ আইফোনটো হেৰায়। উৰ্বশীয়ে এই তথ্য তেওঁৰ এক্স(পূৰ্বৰ টুইটাৰ)ৰ ওপৰত দিছে। য’ত তেওঁ আহমেদাবাদ পুলিচক টেগ কৰি লিখিছে –“ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মোৰ ২৪ কেৰেটৰ আইফোনটো হেৰাই গৈছে। অনুগ্ৰহ কৰি, কোনোবাই বিচাৰি পালে তৎক্ষণাত যোগাযোগ কৰক৷” এতিয়া অভিনেত্ৰীগৰাকীয়েও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীটো এই পোষ্টটো শ্বেয়াৰ কৰিছে।

ইয়াৰ পূৰ্বে উৰ্বশী ৰাউটেলাই নিজৰ ষ্টেডিয়ামৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য’ত ভাৰতক জয়ৰ দিশে আগবাঢ়ি যোৱা দেখি উৰ্বশীক সুখী দেখা গৈছিল। টীম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ নীলা ৰঙৰ পোছাক পৰিধান কৰি ষ্টেডিয়ামত উপস্থিত হয় অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ এই লুকটো তেওঁৰ অনুৰাগীসকলে অতিশয় ভাল পাইছে। ইয়াৰ পূৰ্বেও উৰ্বশীক বহুবাৰ মেচ চাই থকা দেখা গৈছে।

অভিনয় ব্যস্ততাৰ কথা ক’বলৈ গ’লে উৰ্বশী ৰাউটেলাক কিছুদিন পূৰ্বে বিগ বছ অ’টিটি ২ৰ বিজয়ী এলভিছ যাদৱৰ সৈতে মিউজিক এলবামত দেখা গৈছিল। তেওঁলোকৰ দুয়োটা গীতে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক