--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইৰাণৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা দাৰিউছ মেহৰজাৱী আৰু তেওঁৰ পত্নীক ঘৰতে ঘপিয়াই হত্যা কৰা হয়। দুৰ্বৃত্তৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ন্যায়িক বিষয়া হোছেইন ফাজেলীয়ে জনোৱা মতে, মেহৰজুই আৰু তেওঁৰ পত্নী বাহিদে মহম্মদীফাৰৰ ডিঙিত দাৰে ঘাঁ বহুওৱা হৈছে।

ফাজেলীয়ে কয়, মেহৰজুইৰ ঘৰ তেহৰাণৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ উপকণ্ঠ অঞ্চলত। যোৱা নিশা তেওঁৰ ছোৱালী মোনা মেহৰজুই মাক-দেউতাকক লগ কৰিবলৈ গৈছিল। ঘৰত সোমাই তাই দেখিলে ৰক্তাক্ত মৃতদেহবোৰ তাতেই পৰি আছে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ পৰিচালক-পত্নীগৰাকীক ছ’চিয়েল মিডিয়াত কেইবাটাও হত্যাৰ ভাবুকি দিয়া হৈছে। অৱশ্যে আৰক্ষীয়ে কয় যে তেওঁলোকক কোনে বা কোনে হত্যা কৰিব পাৰে, কিয় হত্যা কৰিলে সেই বিষয়ে এতিয়াও তেওঁলোকৰ কোনো ধাৰণা নাই।

মেহৰজুইৰ বয়স আছিল ৮৩ বছৰ। ১৯৬০ চনত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ‘চিনেমা প্ৰগ্ৰেম’ৰে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ দেশলৈ উভতি আহি বহু সফলতা লাভ কৰে। তেওঁক আধুনিক ইৰাণী চিনেমাৰ অন্যতম সৃষ্টিকৰ্তা বুলি কোৱা হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক