--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতৰ শেষ গাঁও উত্তৰাখণ্ডত অৱস্থিত, যিখনো মহাভাৰতৰ যুগৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। এই গাঁৱতেই সৰস্বতী নদীখনো অৱস্থিত বুলি কোৱা হয়। লাষ্ট ইণ্ডিয়ান ভিলেজ বা ভাৰতৰ শেষৰখন গাওঁৰ সৈতে জড়িত আকৰ্ষণীয় তথ্যৰ বিষয়ে জানো আহক

যদিও ভাৰতত লাখ লাখ গাঁও আছে, কিন্তু কেতিয়াবা সকলোৰে জানিবলৈ কৌতুহল হয় বা প্ৰশ্ন হয় যে ভাৰতৰ শেষৰ গাঁওখন ক’ত অৱস্থিত?হয় ভাৰতৰ শেষৰখন গাঁও উত্তৰাখণ্ডৰ এনে এখন ঠাইত অৱস্থিত, য’ত যিকোনো সময়তে ফুৰিবলৈ বুলি যাব পাৰি। বদ্ৰীনাথৰ পৰা তিনি কিলোমিটাৰ উচ্চতাত অৱস্থিত মানা গাঁও। এই মানা গাঁওৱেই হৈছে ভাৰতৰ শেষৰখন গাঁও। কোৱা হয় যে এই গাঁৱৰ সংযোগো মহাভাৰতৰ যুগৰ লগত জড়িত।

পাণ্ডৱসকলে স্বৰ্গলৈ যাবলৈ এই পথ বাছি লৈছিল বুলি বিশ্বাস কৰা হয়। পাণ্ডৱসকলে স্বৰ্গলৈ যোৱাৰ পথত যেতিয়া মানা গাঁৱত উপস্থিত হ’ল, তেতিয়া পাণ্ডৱসকলে ইয়াত বৈ যোৱা সৰস্বতী নদীৰ পৰা বাট বিচাৰিলে। বাট নোপোৱাত ভীমে দুটা ডাঙৰ ডাঙৰ শিল তুলি নদীৰ ওপৰত ৰাখি এখন দলং সাজিলে। এই দলংখনৰ মাজেৰে তেওঁলোকে নৈখন পাৰ হৈ আগবাঢ়িল। আজিও সেই ঠাইতে সৰস্বতী নৈ প্ৰবাহিত হৈ আলাকনন্দৰ সৈতে সংযুক্ত হৈ আছে। আজিও সেই শিলৰ দলংখন নৈৰ ওপৰতে আছে। এই দলংখন ‘ভীমপুল’ নামেৰে জনাজাত। এইখন গাওঁলৈ গ’লে ভীম দলঙৰ বাহিৰেও বহু ঠাইৰ পৰা বিলুপ্ত হৈ পৰা সৰস্বতী নৈখন চোৱাৰ সৌভাগ্য লাভ কৰিব৷

ইয়াত অৱস্থিত আছে 'ভাৰতবৰ্ষৰ শেষৰখন দোকান’

দেশৰ শেষৰখন দোকানো বিচাৰি পাব মানা গাঁৱতেই। এই দোকানখন ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে 'হিন্দুস্তানৰ শেষৰখন দোকান'। এইখন এখন চাহ দোকান। এই অঞ্চললৈ অহা পৰ্যটকসকলে নিশ্চিতভাৱে এই দোকানখনৰ পৰা চাহ খায় আৰু ইয়াৰ সন্মুখত ফটো উঠে। এই অঞ্চলৰ কিছু দূৰৈ পৰাই আৰম্ভ হয় চীনৰ সীমান্ত 

এই গাঁওখনত প্ৰায় ৬০ টা ঘৰ আছে আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৪০০ৰ ওচৰা-ওচৰি। প্ৰায়বোৰ ঘৰ কাঠৰে নিৰ্মিত। ছাদখন শিলৰ পেনেলৰ। কোৱা হয় যে এই ঘৰবোৰে ভূমিকম্পৰ কঁপনি সহজে সহ্য কৰে। এই ঘৰবোৰত ওপৰৰ মহলাত মানুহ থাকে আৰু তলত জীৱ-জন্তু থাকে। গাঁৱত ঘৰতে ভাতৰ পৰা সুৰাও  প্ৰস্তুত কৰে। ইয়াৰ বাহিৰেও গাওঁখনত এনে বহুতো বনৌষধি আছে, যিবোৰক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। এই সকলোবোৰৰ বাহিৰেও ইয়াত গণেশ গুহা, ব্যাস গুহাও অৱস্থিত কোৱা হয় যে এই গুহাত বহি গণপতিয়ে মহাভাৰত ৰচনা কৰিছিল। বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হোৱাৰ পিছত ইয়াত মানুহৰ গতিবিধি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত