--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতৰ শেষ গাঁও উত্তৰাখণ্ডত অৱস্থিত, যিখনো মহাভাৰতৰ যুগৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। এই গাঁৱতেই সৰস্বতী নদীখনো অৱস্থিত বুলি কোৱা হয়। লাষ্ট ইণ্ডিয়ান ভিলেজ বা ভাৰতৰ শেষৰখন গাওঁৰ সৈতে জড়িত আকৰ্ষণীয় তথ্যৰ বিষয়ে জানো আহক

যদিও ভাৰতত লাখ লাখ গাঁও আছে, কিন্তু কেতিয়াবা সকলোৰে জানিবলৈ কৌতুহল হয় বা প্ৰশ্ন হয় যে ভাৰতৰ শেষৰ গাঁওখন ক’ত অৱস্থিত?হয় ভাৰতৰ শেষৰখন গাঁও উত্তৰাখণ্ডৰ এনে এখন ঠাইত অৱস্থিত, য’ত যিকোনো সময়তে ফুৰিবলৈ বুলি যাব পাৰি। বদ্ৰীনাথৰ পৰা তিনি কিলোমিটাৰ উচ্চতাত অৱস্থিত মানা গাঁও। এই মানা গাঁওৱেই হৈছে ভাৰতৰ শেষৰখন গাঁও। কোৱা হয় যে এই গাঁৱৰ সংযোগো মহাভাৰতৰ যুগৰ লগত জড়িত।

পাণ্ডৱসকলে স্বৰ্গলৈ যাবলৈ এই পথ বাছি লৈছিল বুলি বিশ্বাস কৰা হয়। পাণ্ডৱসকলে স্বৰ্গলৈ যোৱাৰ পথত যেতিয়া মানা গাঁৱত উপস্থিত হ’ল, তেতিয়া পাণ্ডৱসকলে ইয়াত বৈ যোৱা সৰস্বতী নদীৰ পৰা বাট বিচাৰিলে। বাট নোপোৱাত ভীমে দুটা ডাঙৰ ডাঙৰ শিল তুলি নদীৰ ওপৰত ৰাখি এখন দলং সাজিলে। এই দলংখনৰ মাজেৰে তেওঁলোকে নৈখন পাৰ হৈ আগবাঢ়িল। আজিও সেই ঠাইতে সৰস্বতী নৈ প্ৰবাহিত হৈ আলাকনন্দৰ সৈতে সংযুক্ত হৈ আছে। আজিও সেই শিলৰ দলংখন নৈৰ ওপৰতে আছে। এই দলংখন ‘ভীমপুল’ নামেৰে জনাজাত। এইখন গাওঁলৈ গ’লে ভীম দলঙৰ বাহিৰেও বহু ঠাইৰ পৰা বিলুপ্ত হৈ পৰা সৰস্বতী নৈখন চোৱাৰ সৌভাগ্য লাভ কৰিব৷

ইয়াত অৱস্থিত আছে 'ভাৰতবৰ্ষৰ শেষৰখন দোকান’

দেশৰ শেষৰখন দোকানো বিচাৰি পাব মানা গাঁৱতেই। এই দোকানখন ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে 'হিন্দুস্তানৰ শেষৰখন দোকান'। এইখন এখন চাহ দোকান। এই অঞ্চললৈ অহা পৰ্যটকসকলে নিশ্চিতভাৱে এই দোকানখনৰ পৰা চাহ খায় আৰু ইয়াৰ সন্মুখত ফটো উঠে। এই অঞ্চলৰ কিছু দূৰৈ পৰাই আৰম্ভ হয় চীনৰ সীমান্ত 

এই গাঁওখনত প্ৰায় ৬০ টা ঘৰ আছে আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৪০০ৰ ওচৰা-ওচৰি। প্ৰায়বোৰ ঘৰ কাঠৰে নিৰ্মিত। ছাদখন শিলৰ পেনেলৰ। কোৱা হয় যে এই ঘৰবোৰে ভূমিকম্পৰ কঁপনি সহজে সহ্য কৰে। এই ঘৰবোৰত ওপৰৰ মহলাত মানুহ থাকে আৰু তলত জীৱ-জন্তু থাকে। গাঁৱত ঘৰতে ভাতৰ পৰা সুৰাও  প্ৰস্তুত কৰে। ইয়াৰ বাহিৰেও গাওঁখনত এনে বহুতো বনৌষধি আছে, যিবোৰক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। এই সকলোবোৰৰ বাহিৰেও ইয়াত গণেশ গুহা, ব্যাস গুহাও অৱস্থিত কোৱা হয় যে এই গুহাত বহি গণপতিয়ে মহাভাৰত ৰচনা কৰিছিল। বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হোৱাৰ পিছত ইয়াত মানুহৰ গতিবিধি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য