--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী জয় শ্বাহে যোৱা বুধবাৰে (১৯ জুলাই) এছিয়া কাপ ২০২৩ৰ সূচী প্ৰকাশ কৰে। ৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল। একে সময়তে ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কেণ্ডীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ মেচ।এই মেচখনত ভাৰতীয় দলে পাকিস্তানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বুলি ক্ৰিকেটপ্ৰেমীসকলে দাবী কৰিছে৷

ভাৰত আৰু পাকিস্তানৰ দলৰ মাজত অন্তিমখন খেল টি-২০ বিশ্ব ২০২২ কাপত অনুষ্ঠিত হৈছিল, য’ত টিম ইণ্ডিয়াই জয় লাভ কৰিছিল। একে সময়তে ২০২২ চনত খেলা এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত দুখন মেচ অনুষ্ঠিত হৈছিল, য’ত দুয়োটা দলে ১-১ মেচত জয়লাভ কৰিছিল।

ইয়াৰ বাহিৰেও যদি আমি এদিনীয়াৰ কথা কওঁ, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ৩খন এদিনীয়া খেলত টিম ইণ্ডিয়াই জয়ৰে নিজৰ আধিপত্য বজাই ৰাখিছে। ২০১৮ চনত ৫০ অভাৰ ফৰ্মেটত খেলা এছিয়া কাপত দুবাৰকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ হৈছিল, য’ত টীম ইণ্ডিয়াই দুয়োবাৰেই জয়লাভ কৰিছিল।

ভাৰত আৰু পাকিস্তানৰ অন্তিমখন এদিনীয়া মেচ ২০১৯ চনত মানচেষ্টাৰত অনুষ্ঠিত হোৱা বিশ্বকাপত ডাকৱৰ্থ-লুইছ পদ্ধতিৰে ভাৰতীয় দলটোৱে ৮৯ ৰানত জয়লাভ কৰিছিল। এই আটাইকেইটা পৰিসংখ্যালৈ চাই অনুমান কৰিব পাৰি যে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্থিতি শক্তিশালী হ’ব৷

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত খেলা যোৱা ১০খন এদিনীয়াত ভাৰতে ৭খনত জয় লাভ কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ ৩খনত জয়লাভ কৰিছে। একে সময়তে এদিনীয়া এছিয়া কাপত দুয়োটা দলে এতিয়ালৈকে ১৩ বাৰ মুখামুখি হৈছে, য’ত ভাৰতে ৭খন আৰু পাকিস্তানে ৫খন খেলত জয়লাভ কৰিছে। আনহাতে ১খন মেচ নিৰ্ণায়ক হিচাপে বিবেচিত হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement