--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেল খেলপথাৰত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোৱে শক্তিশালী ৰূপত শৃংখলা আৰম্ভ কৰি প্ৰথম ইনিংছত ১৪১ ৰাণেৰে জয়লাভ কৰে। এতিয়া দ্বিতীয়খন টেষ্ট মেচতো টিম ইণ্ডিয়াৰ উদ্দেশ্য হ’ব ২-০ ৰে শৃংখলা জয় কৰা। এই মেচখনৰ পূৰ্বে ট্ৰিনিদাদৰ খেলপথাৰত ব্রায়ান লাৰা আৰু বিৰাট কোহলীৰ বিশেষ সাক্ষাৎ দেখা গৈছিল৷

বিচিচিআইয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত ট্ৰিনিদাদৰ খেলপথাৰত ৱেষ্ট ইণ্ডিজ দলৰ অনুশীলনৰ সময়ত লাৰা উপস্থিত আছিল৷সেই সময়ত ভাৰতীয় দলটোৱে ষ্টেডিয়াম এৰিবলৈ ওলাইছিল আৰু সেই সময়ত কোহলীয়ে লাৰাক লগ পাইছিল, তেতিয়া তেওঁক ফোনত কাৰোবাৰ লগত কথা পতা দেখা গৈছিল। ইয়াৰ পাছত লাৰাই কোহলীৰ লগত হাত মিলাই সাৱটি ধৰিলে যদিও বহুদিন দুয়োৰে মাজত কোনো কথা-বতৰা হোৱা নাছিল।

কোহলীৰ উপৰিও ব্রায়ান লাৰাই অধিনায়ক ৰোহিত শর্মা আৰু টিম ইণ্ডিয়াৰ অন্যান্য খেলুৱৈকো সাক্ষাৎ কৰে৷ একে সময়তে লাৰাক মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগত কথা পতা দেখা গ’ল।

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ বাবে ট্ৰিনিদাদ টেষ্ট মেচখন তেওঁৰ কেৰিয়াৰৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। এই মেচত যেতিয়া কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৫০০ সংখ্যক মেচ খেলিব। ইয়াৰ লগে লগে তেওঁ এই বিশেষ মাইলৰ খুঁটিত উপনীত হোৱা শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু মহেন্দ্ৰ সিং ধোনীৰ পাছত চতুৰ্থজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব। কোহলীয়ে এই পৰ্যন্ত ১১০খন টেষ্ট, ২৭৪খন এদিনীয়া আৰু ১১৫খন টি-২০ মেচ খেলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে