--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেল খেলপথাৰত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোৱে শক্তিশালী ৰূপত শৃংখলা আৰম্ভ কৰি প্ৰথম ইনিংছত ১৪১ ৰাণেৰে জয়লাভ কৰে। এতিয়া দ্বিতীয়খন টেষ্ট মেচতো টিম ইণ্ডিয়াৰ উদ্দেশ্য হ’ব ২-০ ৰে শৃংখলা জয় কৰা। এই মেচখনৰ পূৰ্বে ট্ৰিনিদাদৰ খেলপথাৰত ব্রায়ান লাৰা আৰু বিৰাট কোহলীৰ বিশেষ সাক্ষাৎ দেখা গৈছিল৷

বিচিচিআইয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত ট্ৰিনিদাদৰ খেলপথাৰত ৱেষ্ট ইণ্ডিজ দলৰ অনুশীলনৰ সময়ত লাৰা উপস্থিত আছিল৷সেই সময়ত ভাৰতীয় দলটোৱে ষ্টেডিয়াম এৰিবলৈ ওলাইছিল আৰু সেই সময়ত কোহলীয়ে লাৰাক লগ পাইছিল, তেতিয়া তেওঁক ফোনত কাৰোবাৰ লগত কথা পতা দেখা গৈছিল। ইয়াৰ পাছত লাৰাই কোহলীৰ লগত হাত মিলাই সাৱটি ধৰিলে যদিও বহুদিন দুয়োৰে মাজত কোনো কথা-বতৰা হোৱা নাছিল।

কোহলীৰ উপৰিও ব্রায়ান লাৰাই অধিনায়ক ৰোহিত শর্মা আৰু টিম ইণ্ডিয়াৰ অন্যান্য খেলুৱৈকো সাক্ষাৎ কৰে৷ একে সময়তে লাৰাক মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগত কথা পতা দেখা গ’ল।

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ বাবে ট্ৰিনিদাদ টেষ্ট মেচখন তেওঁৰ কেৰিয়াৰৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। এই মেচত যেতিয়া কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৫০০ সংখ্যক মেচ খেলিব। ইয়াৰ লগে লগে তেওঁ এই বিশেষ মাইলৰ খুঁটিত উপনীত হোৱা শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু মহেন্দ্ৰ সিং ধোনীৰ পাছত চতুৰ্থজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব। কোহলীয়ে এই পৰ্যন্ত ১১০খন টেষ্ট, ২৭৪খন এদিনীয়া আৰু ১১৫খন টি-২০ মেচ খেলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু