--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে এজন প্ৰাক্তন বিজেপি কাউন্সিলাৰে টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ই দেশৰ সীমান্তৰ এখন নগ্ন ছবি উদঙাইছে। সীমান্ত পাৰ হৈ ভাৰতৰ ভূমিত চীনা সৈন্যই প্ৰৱেশ কৰি পুনৰ উভটি যোৱা ঘটনাই এতিয়া তোলপাৰ লগাইছে শীৰ্ষ মহল। ব্যক্তিজনে দাবী কৰা অনুসৰি ২৮ জানুৱাৰীত সংঘটিত হৈছে এই ঘটনা। নায়োমাৰ খণ্ড উন্নয়ন অধ্যক্ষ উৰ্গেইন চোডনে ডগবুক নামৰ এখন ঠাইৰ এটা ভিডিঅ’ টুইটাৰযোগে ৰাজহুৱা কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছিল যে, ২৮ জানুৱাৰীত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰি চৰণীয়া য়াকৰ এটা জাক খেদাইছিল। সচৰাচৰ ঘটি থকা ঘটনাৰ দৰে সেইদিনা কোনো ব্যক্তিক অপহৰণ বা আন কোনো কাণ্ড সংঘটিত কৰা নাছিল। সেইদিনা কেৱল সেই অঞ্চলটোত চৰি থকা জন্তুবোৰক চৰি থকাত বাধা প্ৰদান কৰিছিল। কিন্তু ব্যক্তিজনৰ টুইটটোৰ আঁত ধৰি ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰল পৰা এটা সূত্ৰই দাবী কৰিছে যে টুইটাৰযোগে প্ৰকাশ কৰা ভিডিঅ’টো যথেষ্ট পূৰণি। তেওঁলোকে উল্লেখ ককৰা অনুসৰি ভিডিঅ’টোত কোনো ঠাইতে বৰফ পৰি থকা দেখিবলৈ পোৱা নাই। কিয়নো শীতকালত সেই অঞ্চলটোত প্ৰছণ্ড হিম প্ৰৱাহ হয়। যাৰ ফলত সমগ্ৰ অঞ্চলটো বৰফেৰে আবৃত হৈ থাকে। কিন্তু ভিডিঅ’টোত কোনো ঠাইতে বৰফ পৰি থকা দেখিবলৈ পোৱা নাই। তেওঁলোকে এই ভিডিঅ’টো কোনোবা গ্ৰীষ্মকালৰ বুলি দাবী কৰিছে। পূৰ্বে বিজেপিৰ এজন কাউন্সিলাৰ হৈ থকা চোডনে সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে দাবী কৰিছে যে ‘মই যি টুইট কৰিছিলো সেয়াই সত্য’। ভিডিঅ'টোৰ সৈতে চোডনে নিম্নলিখিতবোৰ পোষ্ট কৰিছিল। তাত তেওঁ লিখিছিল, ‘২৮ জানুৱাৰীত পিএলএ সেনা আমাৰ অঞ্চললৈ আহিছিল আৰু আমাৰ য়াকৰ জাকবোৰক আমাৰ নিজৰ এলেকাত চৰাত বাধা দিছিল। এইক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে কোনো ব্যৱস্থা লোৱা নাছিল’। শুক্ৰবাৰে আন এটা টুইটত তেওঁ কয়: ‘... আমাৰ চৰকাৰে সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত সদায় এক শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। আৰু মই চৰকাৰক এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছো’। তেওঁ লগতে কৈছিল যে চৰকাৰে এনে সমস্যাবোৰ সমাধানৰ বাবে অঞ্চলটোৰ সীমান্তত বেৰা দিয়া উচিত। ব্যক্তিজনৰ টুইটৰ পাছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ’টো যিমানেই পূৰণি নহওক কিয়, এনেকৈ প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈন্যই ভাৰতত প্ৰৱেশ কৰি অবাধে ঘূৰি ফুৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। এনেবোৰ দুৰ্বলতাৰ বাবেই কেইদিনমান পূৰ্বে PLAএ অৰুণাচলৰ যুৱকজনক অপহৰণ কৰিবলৈ সমৰ্থ হৈছিল বুলিও বহুলোকে মন্তব্য কৰিছে। কিন্তু বিষয়টোত ৰহস্যজনক নিৰৱতা অৱলম্বন কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী সহিতে সংশ্লিষ্ট বিষয়াসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই