--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে এজন প্ৰাক্তন বিজেপি কাউন্সিলাৰে টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ই দেশৰ সীমান্তৰ এখন নগ্ন ছবি উদঙাইছে। সীমান্ত পাৰ হৈ ভাৰতৰ ভূমিত চীনা সৈন্যই প্ৰৱেশ কৰি পুনৰ উভটি যোৱা ঘটনাই এতিয়া তোলপাৰ লগাইছে শীৰ্ষ মহল। ব্যক্তিজনে দাবী কৰা অনুসৰি ২৮ জানুৱাৰীত সংঘটিত হৈছে এই ঘটনা। নায়োমাৰ খণ্ড উন্নয়ন অধ্যক্ষ উৰ্গেইন চোডনে ডগবুক নামৰ এখন ঠাইৰ এটা ভিডিঅ’ টুইটাৰযোগে ৰাজহুৱা কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছিল যে, ২৮ জানুৱাৰীত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰি চৰণীয়া য়াকৰ এটা জাক খেদাইছিল। সচৰাচৰ ঘটি থকা ঘটনাৰ দৰে সেইদিনা কোনো ব্যক্তিক অপহৰণ বা আন কোনো কাণ্ড সংঘটিত কৰা নাছিল। সেইদিনা কেৱল সেই অঞ্চলটোত চৰি থকা জন্তুবোৰক চৰি থকাত বাধা প্ৰদান কৰিছিল। কিন্তু ব্যক্তিজনৰ টুইটটোৰ আঁত ধৰি ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰল পৰা এটা সূত্ৰই দাবী কৰিছে যে টুইটাৰযোগে প্ৰকাশ কৰা ভিডিঅ’টো যথেষ্ট পূৰণি। তেওঁলোকে উল্লেখ ককৰা অনুসৰি ভিডিঅ’টোত কোনো ঠাইতে বৰফ পৰি থকা দেখিবলৈ পোৱা নাই। কিয়নো শীতকালত সেই অঞ্চলটোত প্ৰছণ্ড হিম প্ৰৱাহ হয়। যাৰ ফলত সমগ্ৰ অঞ্চলটো বৰফেৰে আবৃত হৈ থাকে। কিন্তু ভিডিঅ’টোত কোনো ঠাইতে বৰফ পৰি থকা দেখিবলৈ পোৱা নাই। তেওঁলোকে এই ভিডিঅ’টো কোনোবা গ্ৰীষ্মকালৰ বুলি দাবী কৰিছে। পূৰ্বে বিজেপিৰ এজন কাউন্সিলাৰ হৈ থকা চোডনে সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে দাবী কৰিছে যে ‘মই যি টুইট কৰিছিলো সেয়াই সত্য’। ভিডিঅ'টোৰ সৈতে চোডনে নিম্নলিখিতবোৰ পোষ্ট কৰিছিল। তাত তেওঁ লিখিছিল, ‘২৮ জানুৱাৰীত পিএলএ সেনা আমাৰ অঞ্চললৈ আহিছিল আৰু আমাৰ য়াকৰ জাকবোৰক আমাৰ নিজৰ এলেকাত চৰাত বাধা দিছিল। এইক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে কোনো ব্যৱস্থা লোৱা নাছিল’। শুক্ৰবাৰে আন এটা টুইটত তেওঁ কয়: ‘... আমাৰ চৰকাৰে সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত সদায় এক শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। আৰু মই চৰকাৰক এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছো’। তেওঁ লগতে কৈছিল যে চৰকাৰে এনে সমস্যাবোৰ সমাধানৰ বাবে অঞ্চলটোৰ সীমান্তত বেৰা দিয়া উচিত। ব্যক্তিজনৰ টুইটৰ পাছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ’টো যিমানেই পূৰণি নহওক কিয়, এনেকৈ প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈন্যই ভাৰতত প্ৰৱেশ কৰি অবাধে ঘূৰি ফুৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। এনেবোৰ দুৰ্বলতাৰ বাবেই কেইদিনমান পূৰ্বে PLAএ অৰুণাচলৰ যুৱকজনক অপহৰণ কৰিবলৈ সমৰ্থ হৈছিল বুলিও বহুলোকে মন্তব্য কৰিছে। কিন্তু বিষয়টোত ৰহস্যজনক নিৰৱতা অৱলম্বন কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী সহিতে সংশ্লিষ্ট বিষয়াসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি