--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কই দেশৰ পৰিধি নেওচি বিদেশতো আলোড়ন তুলিছে৷ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়া ৰছদ হুছেইনে মন্তব্য কৰিছে, বিদ্যালয়ত হিজাব নিষিদ্ধকৰণে ধৰ্মীয় স্বাধীনতা উলংঘা কৰিছে৷ আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ দূত হিচাপে ইছলামিক সহযোগিতা সংগঠনত (অ’আইচি) কাৰ্যনিৰ্বাহ কৰা ৰছদ হুছেইনক শেহতীয়াকৈ বিডেন প্ৰশাসনে আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূত হিচাপে নিযুক্তি দিছিল। আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৰশাদ হুছেইনে শুকুৰবাৰে কয় যে, কৰ্ণাটকে ধৰ্মীয় পোছাকৰ বাধ্যবাধকতা নিৰ্ধাৰণ কৰিব নালাগে৷ তেওঁ লগতে কয়, বিদ্যালয়সমূহত হিজাব নিষিদ্ধকৰণে ধৰ্মীয় স্বাধীনতা উলংঘা কৰে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে মেলবৰ্ণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনক সাক্ষাৎ কৰিছিল আৰু দুয়োগৰাকী নেতাই দ্বিপাক্ষিকভাৱে আৰু কৌশলগত ভাৰত মহাসাগৰ অঞ্চলত কোৱাড গোটৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ পৰ্যালোচনা কৰি থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতগৰাকীয়ে এই মন্তব্য কৰিছে৷ যিসময়ত কৰ্ণাটকৰ হিজাব প্ৰসংগ ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰি আছে, সেইসময়তে হুছেইনে এই মন্তব্য প্ৰকাশ কৰিছে৷ আমেৰিকাত জন্মগ্ৰহণ কৰা হুছেইনৰ দেউতাক বিহাৰৰ বাসিন্দা আছিল। তেওঁ য়েল ল স্কুলত অধ্যয়ন কৰিছিল আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসন (কেনেডি স্কুল অৱ গভৰ্ণমেণ্ট) আৰু আৰবী আৰু ইছলামিক অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। ইপিনে, ব্লিঙ্কেনৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বিভিন্ন দ্বিপাক্ষিক তথা গোলকীয় বিষয়ৰ ওপৰত আলোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ