--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কই দেশৰ পৰিধি নেওচি বিদেশতো আলোড়ন তুলিছে৷ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়া ৰছদ হুছেইনে মন্তব্য কৰিছে, বিদ্যালয়ত হিজাব নিষিদ্ধকৰণে ধৰ্মীয় স্বাধীনতা উলংঘা কৰিছে৷ আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ দূত হিচাপে ইছলামিক সহযোগিতা সংগঠনত (অ’আইচি) কাৰ্যনিৰ্বাহ কৰা ৰছদ হুছেইনক শেহতীয়াকৈ বিডেন প্ৰশাসনে আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূত হিচাপে নিযুক্তি দিছিল। আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৰশাদ হুছেইনে শুকুৰবাৰে কয় যে, কৰ্ণাটকে ধৰ্মীয় পোছাকৰ বাধ্যবাধকতা নিৰ্ধাৰণ কৰিব নালাগে৷ তেওঁ লগতে কয়, বিদ্যালয়সমূহত হিজাব নিষিদ্ধকৰণে ধৰ্মীয় স্বাধীনতা উলংঘা কৰে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে মেলবৰ্ণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনক সাক্ষাৎ কৰিছিল আৰু দুয়োগৰাকী নেতাই দ্বিপাক্ষিকভাৱে আৰু কৌশলগত ভাৰত মহাসাগৰ অঞ্চলত কোৱাড গোটৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ পৰ্যালোচনা কৰি থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতগৰাকীয়ে এই মন্তব্য কৰিছে৷ যিসময়ত কৰ্ণাটকৰ হিজাব প্ৰসংগ ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰি আছে, সেইসময়তে হুছেইনে এই মন্তব্য প্ৰকাশ কৰিছে৷ আমেৰিকাত জন্মগ্ৰহণ কৰা হুছেইনৰ দেউতাক বিহাৰৰ বাসিন্দা আছিল। তেওঁ য়েল ল স্কুলত অধ্যয়ন কৰিছিল আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসন (কেনেডি স্কুল অৱ গভৰ্ণমেণ্ট) আৰু আৰবী আৰু ইছলামিক অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। ইপিনে, ব্লিঙ্কেনৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বিভিন্ন দ্বিপাক্ষিক তথা গোলকীয় বিষয়ৰ ওপৰত আলোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু