--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাবছৰৰ অন্তত ঘূৰি আহিছে অভিনেত্ৰী অমিছা পেটেল। ছানী দেউলৰ সৈতে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘গাদৰ ২’ অহা ১১ আগষ্টত মুক্তি পাব। ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে অ’টিটি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল। অ’টিটি প্লেটফৰ্মত ছবি, ধাৰাবাহিক ভাৰতীয় সভ্যতাৰ লগত অসঙ্গতিপূৰ্ণ বুলি তেওঁ ভাবে।

এক সাক্ষাৎকাৰত অমীশাই কয়, ‘দৰ্শকে এখন ভাল আৰু পৰিষ্কাৰ চিনেমাৰ বাবে অপেক্ষা কৰি আছে। ককা-আইতাই নাতি-নাতিনীৰ সৈতে চাব পৰা চিনেমা। কিন্তু অ’টিটিত সেয়া নহয়। কেৱল সমকামিতা আৰু যৌনতা।’’

উল্লেখ্য যে 'গড্ডৰ’ ছৱিখনে এটা সুন্দৰ কাহিনী ক’বলৈ চেষ্টা কৰিছে। কেৱল সেয়াই নহয়, এই ছবিখনে পৰিয়ালৰ মূল্যবোধৰ কাহিনী ক’ব। ইয়াৰ বাহিৰেও আছে ডাঙৰ ডাঙৰ সংলাপ আৰু কিছুমান মৰ্মস্পৰ্শী দৃশ্য, যিবোৰে দৰ্শকৰ হৃদয় চুই যাব বুলি আমিষাই দাবী কৰিছে। ইতিমধ্যে ছবিখনক ভাৰতীয় সেনাই গ্ৰীণ চিগনেল দিছে। ছবিখনৰ নিৰ্মাতাসকলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি তাতো ইতিবাচক সঁহাৰি লাভ কৰে।

এই ছবিখনৰ দ্বিতীয় খণ্ডত ছাকিনাৰ চৰিত্ৰটোৰ মৃত্যু হৈছে যদিও ছাকিনাৰ পুত্ৰ পাকিস্তানত আছে। পুত্ৰক ঘূৰাই অনাৰ বাবে পিতৃয়ে কৰা সংগ্ৰামক কেন্দ্ৰ কৰি ছবিখনৰ চিত্ৰনাট্য আবদ্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক