--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেশ ভাটৰ কন্যা আলিয়া ভাটে ২০১২ চনত ‘ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ’ ছবিৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। তাৰপাছত একাধিক পৰিচালকৰ সৈতে বিভিন্ন ধৰণৰ ছবিত অভিনয় কৰি তেওঁ নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে। ‘হাইৱে’, ‘ৰাজী’, ‘কাপুৰ এণ্ড সন্স’, ‘গলী বয়’, 'উড়তা পাঞ্জাৱ’, ‘গাংগুবাই কঠিয়াৱাড়ী’ আদি ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।

অহা মাহত মুক্তি পাব আলিয়াৰ হলিউডৰ প্ৰথমখন ছবি ‘হাৰ্ট অৱ ষ্টোন’। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। শেহতীয়াকৈ আলিয়াক এক অনুষ্ঠানত সোধা হৈছিল, তেওঁ নিজকে নৱপ্ৰজন্মৰ বাবে প্ৰভাৱশালী বুলি গণ্য কৰিবলৈ ইচ্ছুক নেকি? 

প্ৰশ্নৰ উত্তৰ দি আলিয়াই ক'লে, "মইও বহুৱাৰ চং দিবলৈও সাজু, যদিহে মোৰ দৰমহা সময়মতে আহি পৰে।" আলিয়াৰ কথা শুনি স্পষ্ট যে তাই পেছাদাৰিত্বৰ পৰা চুলি এটাও লৰচৰ কৰিবলৈ ইচ্ছুক নহয়।

ইয়াৰ পূৰ্বে আলিয়াই বলীউডৰ পৰা হলিউডলৈ পৰিৱৰ্তনৰ সৈতে জড়িত পাৰিতোষিকৰ কথাও উল্লেখ কৰিছিল। বলীউডে এতিয়াও হলিউডত থকা পে পেৰিটিৰ স্তৰত উপনীত হ’ব পৰা নাই। আলিয়াই এই কথাও প্ৰকাশ কৰে যে তেওঁৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি দৰমহা পোৱাটো হলিউডত কাম কৰাৰ আঁৰৰ অন্যতম কাৰণ।

অহা ২৮ জুলাইত মুক্তি পাব আলিয়াৰ ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ সিঙৰ সৈতে টিম আপ কৰিছে। 'ৰকি ঔৰ ৰাণী...' মুক্তিৰ পিছত অহা মাহত মুক্তি পাব 'হাৰ্ট অৱ ষ্টোন'। হলিউডৰ প্ৰথমখন ছবিত আলিয়াই ‘ৱাণ্ডাৰ উইমেন’ৰ তাৰকা গাল গড’ট আৰু ‘ফিফটি শ্বেডছ অৱ গ্ৰে’ৰ অভিনেতা জেমী ডৰ্নানৰ সৈতে অভিনয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু