--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেশ ভাটৰ কন্যা আলিয়া ভাটে ২০১২ চনত ‘ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ’ ছবিৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। তাৰপাছত একাধিক পৰিচালকৰ সৈতে বিভিন্ন ধৰণৰ ছবিত অভিনয় কৰি তেওঁ নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে। ‘হাইৱে’, ‘ৰাজী’, ‘কাপুৰ এণ্ড সন্স’, ‘গলী বয়’, 'উড়তা পাঞ্জাৱ’, ‘গাংগুবাই কঠিয়াৱাড়ী’ আদি ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।

অহা মাহত মুক্তি পাব আলিয়াৰ হলিউডৰ প্ৰথমখন ছবি ‘হাৰ্ট অৱ ষ্টোন’। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। শেহতীয়াকৈ আলিয়াক এক অনুষ্ঠানত সোধা হৈছিল, তেওঁ নিজকে নৱপ্ৰজন্মৰ বাবে প্ৰভাৱশালী বুলি গণ্য কৰিবলৈ ইচ্ছুক নেকি? 

প্ৰশ্নৰ উত্তৰ দি আলিয়াই ক'লে, "মইও বহুৱাৰ চং দিবলৈও সাজু, যদিহে মোৰ দৰমহা সময়মতে আহি পৰে।" আলিয়াৰ কথা শুনি স্পষ্ট যে তাই পেছাদাৰিত্বৰ পৰা চুলি এটাও লৰচৰ কৰিবলৈ ইচ্ছুক নহয়।

ইয়াৰ পূৰ্বে আলিয়াই বলীউডৰ পৰা হলিউডলৈ পৰিৱৰ্তনৰ সৈতে জড়িত পাৰিতোষিকৰ কথাও উল্লেখ কৰিছিল। বলীউডে এতিয়াও হলিউডত থকা পে পেৰিটিৰ স্তৰত উপনীত হ’ব পৰা নাই। আলিয়াই এই কথাও প্ৰকাশ কৰে যে তেওঁৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি দৰমহা পোৱাটো হলিউডত কাম কৰাৰ আঁৰৰ অন্যতম কাৰণ।

অহা ২৮ জুলাইত মুক্তি পাব আলিয়াৰ ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ সিঙৰ সৈতে টিম আপ কৰিছে। 'ৰকি ঔৰ ৰাণী...' মুক্তিৰ পিছত অহা মাহত মুক্তি পাব 'হাৰ্ট অৱ ষ্টোন'। হলিউডৰ প্ৰথমখন ছবিত আলিয়াই ‘ৱাণ্ডাৰ উইমেন’ৰ তাৰকা গাল গড’ট আৰু ‘ফিফটি শ্বেডছ অৱ গ্ৰে’ৰ অভিনেতা জেমী ডৰ্নানৰ সৈতে অভিনয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক