--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিদৰে ভাৰতৰ বাবে আৰম্ভ হৈছিল মহেন্দ্ৰ সিং ধোনীৰ কেৰিয়াৰ? আজিলৈকে টীম ইণ্ডিয়াৰ সফল অধিনায়কৰ ভিতৰত গণ্য কৰা মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ পাছতেই এদিনীয়া আৰু টেষ্ট দলত বিশেষ পৰিচয় লাভ কৰে। ইয়াৰ পাছত ধোনীয়ে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই, পৰৱৰ্তী সময়ত ধোনীয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দলটোৰ অধিনায়কত্ব কৰে। 


২০০৭ চনত টি-২০ বিশ্বকাপত ভাৰতক জয়ৰ দিশত আগুৱাই নিয়াৰ পাছত ধোনীক এদিনীয়া আৰু টেষ্টৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছত ২০১১ চনত এদিনীয়া বিশ্বকাপতো ভাৰতক জয়ৰ দিশত আগুৱাই লৈ যায় এম এছ ধোনীয়ে।ধোনীৰ নেতৃত্বত ভাৰতে চেম্পিয়নছ ট্ৰফীও লাভ কৰে। 


এতিয়া প্ৰশ্ন হয় ঝাৰখণ্ডৰ সৰু চহৰ ৰাঁচীৰ পৰা ওলাই আহি ধোনী টীম ইণ্ডিয়াৰ ইমান ফলপ্ৰসূ ক্ৰিকেটাৰ কেনেকৈ হ’ল? কাৰণ উইকেটৰ আঁৰত আছে ধোনীৰ অতুলনীয় প্ৰতিভা। ধোনী এনে এজন অল-ৰাউণ্ডাৰ আছিল যে ভাৰতে সদায় বিচাৰিছিল। ধোনীয়ে দলটোক নেতৃত্ব দিছিল, উইকেট ৰক্ষা কৰিছিল আৰু বেটৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিল।


শেহতীয়াকৈ ৰাষ্ট্ৰীয় দলত প্ৰথমে দ্ৰুতগতিত স্থান দখল কৰা পাৰ্থিৱ পেটেলে ধোনীক বহুত প্ৰশংসা কৰিছিল আৰু প্ৰকাশ কৰিছিল যে ধোনীক কিয় ভাৰতৰ বাবে নিৰ্বাচন কৰা হয়? নিজৰ কেৰিয়াৰৰ সাফল্যৰ কৃতিত্ব ধোনীক দি পাৰ্থিৱে কয় যে 'নিঃসন্দেহে ধোনীয়ে মহান কাম কৰি আহিছে। ইয়াত কোনো সন্দেহ নাই। কিন্তু যেতিয়া আপুনি প্ৰথম অধিনায়ক হয় তেতিয়া তেওঁৰ বাবে আপোনাৰ হৃদয়ত সদায় এটা সহৃদয়তা থাকে। চেন্নাই ছুপাৰ কিংছৰ হৈ তিনি বছৰ ধৰি খেলিছোঁ৷কিন্তু ধোনী অহাৰ আগতেই মই টেষ্টত অভিষেক বা এদিনীয়াত অভিষেক ঘটাইছিলোঁ।” পাৰ্থিৱে লগতে কয় যে “মোৰ প্ৰদৰ্শনৰ অৱনতি ঘটিছিল।আৰু সেইবাবেই ধোনীক উইকেটৰক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছিল। গতিকে মই ভাবো ইয়াৰ বাবে ক্ৰেডিট তেওঁৰ ওপৰত যায়। মই সদায় কৈ আহিছো যে আপুনি মাত্ৰ এটা সুযোগ পায় কাৰণ চাৰিওফালে ইমান খেলুৱৈ আছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক