--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ IPL ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে চিহ্নিত পেট কামিন্স৷ ২০.৫০ কোটি টকাৰ টেগ লৈ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্স আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ডুবাইৰ কোকাকোলা এৰিনাত অনুষ্ঠিত হোৱা আই পি এল নিলাম ২০২৪ত কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰে। পেটৰ বেচ প্ৰাইজ আছিল ২ কোটি টকা৷ চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে খেলুৱৈগৰাকীৰ বাবে প্ৰথমে প্ৰতিদ্বন্দ্বিতা কৰিছিল।আৰু পাছত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু-এ নিলাম মূল্য ৫.০০ কোটি টকালৈ বৃদ্ধি কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদেও যোগদান কৰি আৰচিবিৰ সৈতে নিবিদাৰ মৌখিক যুদ্ধ আৰম্ভ কৰে আৰু হায়দৰাবাদে অৱশেষত পেটক ক্ৰয় কৰে। ২০.৫০ কোটি টকাৰে কামিন্স আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

২০২৩ চনৰ আই পি এল নিলামত ১৮.৫০ কোটি টকাত বিক্ৰী হোৱা ছেম কৰণৰ অভিলেখ ভংগ কৰে পেট কামিন্সে। ২০১৫ চনত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ক বিক্ৰী কৰাৰ সময়ত যুৱৰাজ সিঙে ১৬ কোটি টকাৰে আটাইতকৈ দামী ভাৰতীয় খেলুৱৈৰ অভিলেখ এতিয়াও অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক