--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত  ভাৰতীয় লেখিকা আৰু সমাজহিতৈষী সুধা মূৰ্তিক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্মভূষণ বঁটা প্ৰদান কৰাৰ বাবে আনন্দিত হৈ পৰিছে ব্ৰিটেইনৰ ফাৰ্ষ্ট লেডী৷  অনুষ্ঠানটোত সুধা মূৰ্তিৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্য-সদস্যাই  অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত আছিল তেওঁৰ কন্যা অক্ষতা মূৰ্তি, পুত্ৰ ৰোহন মূৰ্তি৷ অক্ষতা মূৰ্তি হৈছে ব্ৰিটেইনৰ  ফাৰ্ষ্ট লেডী৷ 

অক্ষতা মূৰ্তিয়ে তেওঁৰ  মাতৃৰ কৃতিত্বকলৈ  গৌৰৱ প্ৰকাশ কৰিছে৷  সামাজিক মাধ্যমৰ ইনষ্টাগ্ৰামত তেওঁ লিখিছে, "কালি মই  গৌৰৱেৰে চাইছিলো, যেতিয়া মোৰ মাতৃয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মভূষণ লাভ কৰিছিল।  মাৰ  দাতব্য আৰু স্বেচ্ছাসেৱী প্ৰচেষ্টাই মোৰ বাবে  আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হিচাপে কাম কৰিছে।" উল্লেখ্য ৰাষ্ট্ৰপতি দোৰৌপদী  মুৰ্মুৱে সমাজসেৱাৰ বাবে  সুধা মূৰ্তিক পদ্মভূষণ প্ৰদান কৰিছে। এগৰাকী সমাজহিতৈষী, প্ৰখ্যাত লেখিকা আৰু মূৰ্তি ফাউণ্ডেচনৰ অধ্যক্ষা, তেওঁ স্বাস্থ্যসেৱা, শিক্ষা, কলা আৰু সংস্কৃতি, পশু কল্যাণ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বহু প্ৰকল্প আৰম্ভ কৰিছে ৷ 

সুধা মূৰ্তিয়ে ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ চৰ্তহীন সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয়, "মই এই বঁটাৰ বাবে  ভাৰতৰ জনসাধাৰণৰ ওচৰত ঋণী। মই আশা কৰোঁ যে আজি মোৰ স্বীকৃতিয়ে যুৱ প্ৰজন্মক সমাজ কল্যাণক বৃত্তি হিচাপে ল'বলৈ অনুপ্ৰাণিত কৰিব। আমাৰ মহান ৰাষ্ট্ৰৰ নিৰন্তৰ বিকাশৰ বাবে ইয়াৰ প্ৰয়োজন। মই সদায় অনুভৱ কৰোঁ যে কেইজনমানৰ উদাৰতাই এক মিলিয়নৰ বাবে আশা হ’ব পাৰে।"

সুধা মূৰ্তিৰ পুত্ৰ ৰোহন মূৰ্তিয়েও তেওঁৰ মাতৃৰ কৃতিত্বৰ প্ৰশংসা কৰিছিল। তেওঁ কয়, "মোৰ মা আমাৰ জীৱনত সদায় এক ইতিবাচক শক্তি হৈ আহিছে। তেওঁ আমাক কঠোৰ পৰিশ্ৰম, নম্ৰতা আৰু নিস্বাৰ্থতাৰ  পাঠ  শিকাইছে।"ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও সুধা মূৰ্তিৰ কৃতিত্বৰ বাবে গৌৰৱ প্ৰকাশ কৰিছে। তেওঁ তেওঁৰ পত্নীৰ পোষ্টৰ উত্তৰত "গৌৰৱৰ দিন" বুলি উল্লেখ কৰিছে। সুধা মূৰ্তিৰ কৃতিত্বই বহুতকে অনুপ্ৰাণিত কৰিছে ৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল