--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যোৱা কেইদিনমানৰ পৰা কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। মাৰাত্মক ভাইৰাছবিধে পুনৰ ৰঙা চকু দেখুৱাবলৈ  আৰম্ভ কৰিছে। এনে সময়তে শুকুৰবাৰে  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে এক  উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত সকলোকে সতৰ্ক হৈ  থাকিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ 

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪  ঘণ্টাত ৬,০০০ ৰো অধিক লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। ২০৩ দিনত এয়া প্ৰথমবাৰৰ বাবে সৰ্বাধিক  দৈনিক পৰিসংখ্যা। কোভিড  পৰিস্থিতি এতিয়া মহাৰাষ্ট্ৰ আৰু  কেৰালাৰ দৰে ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে৷ পশ্চিমবংগতো সংক্ৰমণৰ হাৰ আগৰ তুলনাত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত বংগত ৪৪ জন লোক সংক্ৰমিত হৈছে। কেৱল কলকাতাত ১৪ জন লোক সংক্ৰমিত হৈছে। বৰ্ধমান দ্বিতীয় স্থানত আছে। 

সেই জিলাত সংক্ৰমিত সকলৰ ভিতৰত ছয়জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  এনে জটিল সময়ৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শুক্ৰবাৰে সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিডক কোনো কাৰণে সহজ ভাবে নল’বলৈ সকলোকে আহ্বান জনায়৷ তেওঁ সকলোকে কোভিডৰ নীতি-নিয়মসমূহ পূৰ্বৰ দৰেই কঠোৰ ভাবে মানি চলিবলৈ আহ্বান জনায়৷ ইয়াৰ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ১০ আৰু ১১ এপ্ৰিলত সকলো ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত মক ড্ৰিল অনুষ্ঠিত কৰা হ'ব। 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰ  স্বাস্থ্য মন্ত্ৰীসকলক ৮ আৰু ৯ এপ্ৰিলত চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে৷ সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীকে কোভিড প্ৰতিৰোধৰ প্ৰস্তুতি কেনেদৰে  চলি আছে তাৰ মূল্যাঙ্কন কৰিবলৈ কোৱা হৈছে। সকলো চিকিৎসালয়ক জৰুৰীকালীন হটস্পট চিনাক্ত কৰাৰ পৰা সকলো দিশতে  সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷  কোভিড পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিবলৈ কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ