--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যোৱা কেইদিনমানৰ পৰা কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। মাৰাত্মক ভাইৰাছবিধে পুনৰ ৰঙা চকু দেখুৱাবলৈ  আৰম্ভ কৰিছে। এনে সময়তে শুকুৰবাৰে  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে এক  উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত সকলোকে সতৰ্ক হৈ  থাকিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ 

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪  ঘণ্টাত ৬,০০০ ৰো অধিক লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। ২০৩ দিনত এয়া প্ৰথমবাৰৰ বাবে সৰ্বাধিক  দৈনিক পৰিসংখ্যা। কোভিড  পৰিস্থিতি এতিয়া মহাৰাষ্ট্ৰ আৰু  কেৰালাৰ দৰে ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে৷ পশ্চিমবংগতো সংক্ৰমণৰ হাৰ আগৰ তুলনাত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত বংগত ৪৪ জন লোক সংক্ৰমিত হৈছে। কেৱল কলকাতাত ১৪ জন লোক সংক্ৰমিত হৈছে। বৰ্ধমান দ্বিতীয় স্থানত আছে। 

সেই জিলাত সংক্ৰমিত সকলৰ ভিতৰত ছয়জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  এনে জটিল সময়ৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শুক্ৰবাৰে সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিডক কোনো কাৰণে সহজ ভাবে নল’বলৈ সকলোকে আহ্বান জনায়৷ তেওঁ সকলোকে কোভিডৰ নীতি-নিয়মসমূহ পূৰ্বৰ দৰেই কঠোৰ ভাবে মানি চলিবলৈ আহ্বান জনায়৷ ইয়াৰ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ১০ আৰু ১১ এপ্ৰিলত সকলো ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত মক ড্ৰিল অনুষ্ঠিত কৰা হ'ব। 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰ  স্বাস্থ্য মন্ত্ৰীসকলক ৮ আৰু ৯ এপ্ৰিলত চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে৷ সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীকে কোভিড প্ৰতিৰোধৰ প্ৰস্তুতি কেনেদৰে  চলি আছে তাৰ মূল্যাঙ্কন কৰিবলৈ কোৱা হৈছে। সকলো চিকিৎসালয়ক জৰুৰীকালীন হটস্পট চিনাক্ত কৰাৰ পৰা সকলো দিশতে  সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷  কোভিড পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিবলৈ কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত