--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পদ্মশ্ৰী বঁটা প্ৰাপ্ত শিল্পী সুদৰ্শন পট্টনায়কে উৰিষ্যাস্থিত এক সংবাদ মাধ্যমত এএছআইৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।তেওঁৰ এই অভিযোগ উত্থাপিত হৈছে কোণাৰ্ক সূৰ্য মন্দিৰ সন্দৰ্ভত৷ সৌন্দৰ্য আৰু প্ৰত্নতাত্বিক ক্ষেত্ৰত, কোণাৰ্ক সূৰ্য মন্দিৰৰ নাম বিশ্বব্যাপী।
 
এএছআইয়ে শেহতীয়াকৈ 'ব্লেক পেগোডা' নামেৰে জনাজাত বিখ্যাত মন্দিৰটো পুনৰ নিৰ্মাণৰ উদ্যোগ লৈছে। ইয়াৰ বাবে, মন্দিৰৰ বিভিন্ন স্থানত এলইডি লাইট স্থাপন কৰা হৈছে। সুদৰ্শনে অভিযোগ কৰিছিল যে এই লাইটবোৰ স্থাপন কৰি মন্দিৰৰ অন্তৰ্নিহিত সৌন্দৰ্য ধ্বংস কৰা হৈছে।শিল্পী সুদৰ্শনে মন্দিৰৰ দেৱালৰ পোহৰক 'বেণ্ড পাৰ্টি'ৰ পোহৰৰ সৈতে তুলনা কৰে।

সুদৰ্শন পট্টনায়কে  কয় যে , "ৰাতি দূৰৰ পৰা মন্দিৰটোলৈ চাই মন্দিৰৰ দেৱালত পোহৰৰ ৰেখাক লৈ নান প্ৰশ্ন উত্থাপিত হ'ব। মই সদায় মন্দিৰটো পোহৰ কৰাৰ পক্ষপাতী। কিন্তু বৰ্তমানৰ পোহৰ প্ৰণালীয়ে স্মৃতিস্তম্ভটো সৌন্দৰ্য বৃদ্ধি কৰাৰ পৰিৱৰ্তে ইয়াৰ সৌন্দৰ্য হ্ৰাসহে কৰিছে। মন্দিৰত স্থাপন কৰা এই লাইটবোৰে স্মৃতিস্তম্ভটোৰ সৌন্দৰ্য কলুষিত কৰি আছে। ''

এনেদৰেই মন্দিৰৰ দেৱাল পোহৰ ৰখাৰ বিৰোধিতা কৰি পাটনায়কে ইয়াৰ পূৰ্বে এটা টুইটৰ জৰিয়তে এএছআই কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপিত কৰে শিল্পীজনে৷ এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ অৱস্থান কেনে ধৰণৰ হ’ব সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু