--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পদ্মশ্ৰী বঁটা প্ৰাপ্ত শিল্পী সুদৰ্শন পট্টনায়কে উৰিষ্যাস্থিত এক সংবাদ মাধ্যমত এএছআইৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।তেওঁৰ এই অভিযোগ উত্থাপিত হৈছে কোণাৰ্ক সূৰ্য মন্দিৰ সন্দৰ্ভত৷ সৌন্দৰ্য আৰু প্ৰত্নতাত্বিক ক্ষেত্ৰত, কোণাৰ্ক সূৰ্য মন্দিৰৰ নাম বিশ্বব্যাপী।
 
এএছআইয়ে শেহতীয়াকৈ 'ব্লেক পেগোডা' নামেৰে জনাজাত বিখ্যাত মন্দিৰটো পুনৰ নিৰ্মাণৰ উদ্যোগ লৈছে। ইয়াৰ বাবে, মন্দিৰৰ বিভিন্ন স্থানত এলইডি লাইট স্থাপন কৰা হৈছে। সুদৰ্শনে অভিযোগ কৰিছিল যে এই লাইটবোৰ স্থাপন কৰি মন্দিৰৰ অন্তৰ্নিহিত সৌন্দৰ্য ধ্বংস কৰা হৈছে।শিল্পী সুদৰ্শনে মন্দিৰৰ দেৱালৰ পোহৰক 'বেণ্ড পাৰ্টি'ৰ পোহৰৰ সৈতে তুলনা কৰে।

সুদৰ্শন পট্টনায়কে  কয় যে , "ৰাতি দূৰৰ পৰা মন্দিৰটোলৈ চাই মন্দিৰৰ দেৱালত পোহৰৰ ৰেখাক লৈ নান প্ৰশ্ন উত্থাপিত হ'ব। মই সদায় মন্দিৰটো পোহৰ কৰাৰ পক্ষপাতী। কিন্তু বৰ্তমানৰ পোহৰ প্ৰণালীয়ে স্মৃতিস্তম্ভটো সৌন্দৰ্য বৃদ্ধি কৰাৰ পৰিৱৰ্তে ইয়াৰ সৌন্দৰ্য হ্ৰাসহে কৰিছে। মন্দিৰত স্থাপন কৰা এই লাইটবোৰে স্মৃতিস্তম্ভটোৰ সৌন্দৰ্য কলুষিত কৰি আছে। ''

এনেদৰেই মন্দিৰৰ দেৱাল পোহৰ ৰখাৰ বিৰোধিতা কৰি পাটনায়কে ইয়াৰ পূৰ্বে এটা টুইটৰ জৰিয়তে এএছআই কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপিত কৰে শিল্পীজনে৷ এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ অৱস্থান কেনে ধৰণৰ হ’ব সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক