--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ-পূবৰ কেইবা খনো ৰাজ্যৰ ভ্ৰমণসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই গুৱাহাটীত আহি উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ মেঘালয়লৈ যায়। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে মেঘালয়ত এক সমাৱেশক সম্বোধন কৰি  ভাৰতেও ফিফা বিশ্বকাপৰ দৰে অনুষ্ঠান আয়োজন কৰাৰ আশ্বাস দিয়ে।

তেওঁ কয়  " মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমি ভাৰতত ফিফা বিশ্বকাপৰ দৰে এটা অনুষ্ঠান আয়োজন কৰিম ," । ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অফিচিয়েল টুইটাৰ একাউণ্টে একেটা টুইটেই কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি  মেঘালয়ত  বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। মোদীয়ে লগতে কয়"এয়া কাকতালীয় যে যেতিয়া ফুটবল বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হয়, মই ফুটবল খেলপথাৰত ফুটবল অনুৰাগীসকলক সম্বোধন কৰি আছো,"। 

উল্লেখ্য ফুটবলত মেঘালয় এখন আগবঢ়া ৰাজ্য। মোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখন এতিয়া অনুষ্ঠিত হৈ  আছে আৰু আমি এখন ফুটবল খেলপথাৰৰ পৰাই উন্নয়নমূলক কাম আৰম্ভ কৰিছো।  প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িছে।তেওঁ কয় " আমি ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন দৃষ্টিভংগীৰে আগবাঢ়ি আছো। উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ প্ৰথম ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলে ৯০ টা প্ৰকল্পৰ দ্বাৰা  বহুমুখী হল, ফুটবল খেলপথাৰ, এথলীট ট্ৰেক উপহাৰ লাভ কৰিছে," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক