--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ-পূবৰ কেইবা খনো ৰাজ্যৰ ভ্ৰমণসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই গুৱাহাটীত আহি উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ মেঘালয়লৈ যায়। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে মেঘালয়ত এক সমাৱেশক সম্বোধন কৰি  ভাৰতেও ফিফা বিশ্বকাপৰ দৰে অনুষ্ঠান আয়োজন কৰাৰ আশ্বাস দিয়ে।

তেওঁ কয়  " মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমি ভাৰতত ফিফা বিশ্বকাপৰ দৰে এটা অনুষ্ঠান আয়োজন কৰিম ," । ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অফিচিয়েল টুইটাৰ একাউণ্টে একেটা টুইটেই কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি  মেঘালয়ত  বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। মোদীয়ে লগতে কয়"এয়া কাকতালীয় যে যেতিয়া ফুটবল বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হয়, মই ফুটবল খেলপথাৰত ফুটবল অনুৰাগীসকলক সম্বোধন কৰি আছো,"। 

উল্লেখ্য ফুটবলত মেঘালয় এখন আগবঢ়া ৰাজ্য। মোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখন এতিয়া অনুষ্ঠিত হৈ  আছে আৰু আমি এখন ফুটবল খেলপথাৰৰ পৰাই উন্নয়নমূলক কাম আৰম্ভ কৰিছো।  প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িছে।তেওঁ কয় " আমি ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন দৃষ্টিভংগীৰে আগবাঢ়ি আছো। উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ প্ৰথম ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলে ৯০ টা প্ৰকল্পৰ দ্বাৰা  বহুমুখী হল, ফুটবল খেলপথাৰ, এথলীট ট্ৰেক উপহাৰ লাভ কৰিছে," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু