--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ অচল হৈ পৰিল টুইটাৰ। কিছুদিন পূৰ্বেও অচল হৈ পৰিছিল টুইটাৰ। আজি পুনৰ ভাৰতকে ধৰি বিশ্বৰ কেইবা খনো দেশত টুইটাৰ অচল হৈ পৰে।টুইটাৰ অচল হৈ পৰাৰ বাবে নেটিজেনসকলে মূলতঃ টুইটাৰৰ নতুন মালিক ইলন মাস্ককে দোষাৰোপ কৰিছে।নেট  ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ টুইটাৰ একাউণ্টত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বাবে সমস্যাৰো সন্মুখীন হৈছে ।

যেতিয়াই নেটিজেনে টুইটাৰত  প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়াই  এটা পপআপ "কিবা ভুল হৈছিল, কিন্তু চিন্তা নকৰিব - পুনৰ চেষ্টা কৰক" বুলি ওলায়। ডাউনডিটেক্টৰৰ মতে ইলন মাস্কৰ মালিকানাধীন টুইটাৰে পৃথিৱীৰ কেইখনমান ঠাইত বিজুতিৰ সন্মুখীন হৈছিল।  

সমস্যাটো এপ্পৰ সলনি টুইটাৰৰ ডেস্কটপ সংস্কৰণৰ ক্ষেত্ৰত হোৱা বুলি বহুতে প্ৰকাশ কৰিছে।  ডাউনডিটেক্টৰ অনুসৰি টুইটাৰৰ এই বিজুতি পুৱা প্ৰায় ৩ বজাত আৰম্ভ হৈছিল আৰু পুৱা প্ৰায় ৭  বজাত বহু ঠাইত পুনৰ সক্ষম হৈ উঠিছিল। টুইটাৰৰ এনে সমস্যাৰ বাবে  কেইবাজনো নেট ব্যৱহাৰকাৰীয়ে ইলন মাস্কক দোষাৰোপ কৰিছে।  

যোৱা সপ্তাহত মাস্কে  টুইটাৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছিল।লগে লগে তেওঁ টুইটাৰৰ  শীৰ্ষ বিষয়াসকলক বৰ্খাস্ত কৰিছিল। তেওঁ আজিৰে পৰা কোম্পানীটোত  গণ ছাটাই আৰম্ভ কৰিছে। টুইটাৰ কৰ্মচাৰীসকলক ইমেইলতএইবুলি  জাননী দিয়া হৈছে যে ছাটাই কৰাসকলে যাতে কাৰ্যালয়লৈ নাহে।  উল্লেখ্য মাস্কে টুইটাৰৰ প্ৰায়৭,৫০০ জন কৰ্মচাৰীৰ প্ৰায় আধা সংখ্যকৰ কাম  কৰ্তন কৰিব বুলি জানিব পৰা গৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত