--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ অচল হৈ পৰিল টুইটাৰ। কিছুদিন পূৰ্বেও অচল হৈ পৰিছিল টুইটাৰ। আজি পুনৰ ভাৰতকে ধৰি বিশ্বৰ কেইবা খনো দেশত টুইটাৰ অচল হৈ পৰে।টুইটাৰ অচল হৈ পৰাৰ বাবে নেটিজেনসকলে মূলতঃ টুইটাৰৰ নতুন মালিক ইলন মাস্ককে দোষাৰোপ কৰিছে।নেট  ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ টুইটাৰ একাউণ্টত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বাবে সমস্যাৰো সন্মুখীন হৈছে ।

যেতিয়াই নেটিজেনে টুইটাৰত  প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়াই  এটা পপআপ "কিবা ভুল হৈছিল, কিন্তু চিন্তা নকৰিব - পুনৰ চেষ্টা কৰক" বুলি ওলায়। ডাউনডিটেক্টৰৰ মতে ইলন মাস্কৰ মালিকানাধীন টুইটাৰে পৃথিৱীৰ কেইখনমান ঠাইত বিজুতিৰ সন্মুখীন হৈছিল।  

সমস্যাটো এপ্পৰ সলনি টুইটাৰৰ ডেস্কটপ সংস্কৰণৰ ক্ষেত্ৰত হোৱা বুলি বহুতে প্ৰকাশ কৰিছে।  ডাউনডিটেক্টৰ অনুসৰি টুইটাৰৰ এই বিজুতি পুৱা প্ৰায় ৩ বজাত আৰম্ভ হৈছিল আৰু পুৱা প্ৰায় ৭  বজাত বহু ঠাইত পুনৰ সক্ষম হৈ উঠিছিল। টুইটাৰৰ এনে সমস্যাৰ বাবে  কেইবাজনো নেট ব্যৱহাৰকাৰীয়ে ইলন মাস্কক দোষাৰোপ কৰিছে।  

যোৱা সপ্তাহত মাস্কে  টুইটাৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছিল।লগে লগে তেওঁ টুইটাৰৰ  শীৰ্ষ বিষয়াসকলক বৰ্খাস্ত কৰিছিল। তেওঁ আজিৰে পৰা কোম্পানীটোত  গণ ছাটাই আৰম্ভ কৰিছে। টুইটাৰ কৰ্মচাৰীসকলক ইমেইলতএইবুলি  জাননী দিয়া হৈছে যে ছাটাই কৰাসকলে যাতে কাৰ্যালয়লৈ নাহে।  উল্লেখ্য মাস্কে টুইটাৰৰ প্ৰায়৭,৫০০ জন কৰ্মচাৰীৰ প্ৰায় আধা সংখ্যকৰ কাম  কৰ্তন কৰিব বুলি জানিব পৰা গৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক