--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি এবিধ নতুন খাদ্য খালে জাপানৰ প্ৰধানমন্ত্ৰীয়ে৷ ভাৰতীয় লোকৰ প্ৰিয় খাদ্য ফুচকা খাই টকালি পাৰিলে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷   জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ফুচকা দেখাৰ লগে লগে এয়া কি বুলি প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কিছিদাক ফুচকাৰ সোৱাদ লোৱাৰ সুবিধা কৰি দিয়ে৷ উল্লেখ্য  দুদিনীয়া ভাৰত ভ্ৰমণকালত তেওঁ ভাৰতীয় খাদ্যৰ সোৱাদ লৈ ফুৰিছে। 

কিছিদাই  ফুচকা খোৱাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি নাগালেণ্ডৰ মন্ত্ৰী টেমজেম ইম্মা আলঙে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীয়েও ফুচকাৰ লোভ সামৰিব নোৱাৰিলে৷
জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই সোমবাৰে ভাৰতত উপস্থিত হৈছে। তেওঁ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ পিছত দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত উপস্থিত হয়। তাত কিছিদাই ভাৰতীয় খাদ্যৰ জুতি লয়। 


বিভিন্ন প্ৰকাৰৰ খাদ্য  যেনে ফুচকা, আম পান্না, লাচী পৰিৱেশন কৰা হয়।জাপানৰ প্ৰধানমন্ত্ৰীৰ ফুচকা খোৱাৰ দৃশ্য নেটিজেনসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে। ভিডিঅ'টোত জাপানৰ প্ৰধানমন্ত্ৰীক টেঙা পানীৰে তিনিটা ফুচকা খাই থকা  দেখা গৈছে। তেওঁ ভাৰতীয় খাদ্য ভালপায় বুলি অনুভৱ কৰি মোদীয়ে তেওঁক আৰু কেইটামান ফুচকা দিবলৈ কৈছিল।ভিডিঅ'টো নাগালেণ্ডৰ বিজেপি চৰকাৰৰ এজন মন্ত্ৰী টেমজেনে শ্বেয়াৰ কৰিছে। তেওঁ টুইটত লিখিছে, "আনকি জাপানৰ প্ৰধানমন্ত্ৰীয়েও ভাৰতৰ জনপ্ৰিয়  ফুচকা খোৱাৰ লোভ চম্ভালিব নোৱাৰে।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ