--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি এবিধ নতুন খাদ্য খালে জাপানৰ প্ৰধানমন্ত্ৰীয়ে৷ ভাৰতীয় লোকৰ প্ৰিয় খাদ্য ফুচকা খাই টকালি পাৰিলে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷   জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ফুচকা দেখাৰ লগে লগে এয়া কি বুলি প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কিছিদাক ফুচকাৰ সোৱাদ লোৱাৰ সুবিধা কৰি দিয়ে৷ উল্লেখ্য  দুদিনীয়া ভাৰত ভ্ৰমণকালত তেওঁ ভাৰতীয় খাদ্যৰ সোৱাদ লৈ ফুৰিছে। 

কিছিদাই  ফুচকা খোৱাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি নাগালেণ্ডৰ মন্ত্ৰী টেমজেম ইম্মা আলঙে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীয়েও ফুচকাৰ লোভ সামৰিব নোৱাৰিলে৷
জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই সোমবাৰে ভাৰতত উপস্থিত হৈছে। তেওঁ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ পিছত দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত উপস্থিত হয়। তাত কিছিদাই ভাৰতীয় খাদ্যৰ জুতি লয়। 


বিভিন্ন প্ৰকাৰৰ খাদ্য  যেনে ফুচকা, আম পান্না, লাচী পৰিৱেশন কৰা হয়।জাপানৰ প্ৰধানমন্ত্ৰীৰ ফুচকা খোৱাৰ দৃশ্য নেটিজেনসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে। ভিডিঅ'টোত জাপানৰ প্ৰধানমন্ত্ৰীক টেঙা পানীৰে তিনিটা ফুচকা খাই থকা  দেখা গৈছে। তেওঁ ভাৰতীয় খাদ্য ভালপায় বুলি অনুভৱ কৰি মোদীয়ে তেওঁক আৰু কেইটামান ফুচকা দিবলৈ কৈছিল।ভিডিঅ'টো নাগালেণ্ডৰ বিজেপি চৰকাৰৰ এজন মন্ত্ৰী টেমজেনে শ্বেয়াৰ কৰিছে। তেওঁ টুইটত লিখিছে, "আনকি জাপানৰ প্ৰধানমন্ত্ৰীয়েও ভাৰতৰ জনপ্ৰিয়  ফুচকা খোৱাৰ লোভ চম্ভালিব নোৱাৰে।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু