--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰমাগতভাৱে ভাৰতবৰ্ষত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা ৷ ভাৰতত নিবনুৱাৰ হাৰ ২০২৩ চনৰ জানুৱাৰী মাহত ৭.১৪%ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৭.৪৫%লৈ বৃদ্ধি পাইছে,  ফলত দেশত নিবনুৱাৰ সংখ্যা ৩.৩ কোটিলৈ বৃদ্ধি হ'ল। যি সংখ্যা জানুৱাৰী মাহত ৩ কোটি ১৫ লাখ আছিল। ভাৰতীয় অৰ্থনীতিৰ নিৰীক্ষণ কেন্দ্ৰCMIE)ই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বিগত চাৰি মাহত গ্ৰাম্য নিবনুৱা সমস্যা হ্ৰাস পোৱাৰ পিছত পুনৰ গ্ৰাম্য নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। ফলত অনাকাংক্ষিত হাৰত ভাৰতত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷

 উল্লেখযোগ্য যে,নগৰীয়া নিবনুৱাৰ হাৰ ক্ৰমাগত দ্বিতীয় মাহৰ বাবে হ্ৰাস পাই ২০২৩চনৰ ফেব্ৰুৱাৰী মাহত ৭.৯৩% আছিল, কিন্তু ২০২৩ চনৰ জানুৱাৰী মাহত নিবনুৱা বৃদ্ধিৰ হাৰ আছিল ৮.৫৫%। ২০২২ চনৰ ডিচেম্বৰ মাহত এই সংখ্যাই ১০.০৯% ৰ অভিলেখ সৃষ্টি কৰিছিল।কিন্তু অধিক চিন্তনীয় কথাটো হল গ্ৰাম্য নিবনুৱাৰ হাৰ যোৱা ফেব্ৰুৱাৰী মাহত ৭.২৩% লৈ বৃদ্ধি পাইছে, এই সংখ্যা আছিল জানুৱাৰী মাহত ৬.৪৮%।

 পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অক্টোবৰ-ডিচেম্বৰ (Q3FY23)ত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ একেৰাহে দ্বিতীয় ত্ৰিমাসিকৰ বাবে হ্ৰাস পাইছে, এই পৰিসংখ্যাটো ৪.৪% বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। শেহতীয়াকৈ ৪.৪ শতাংশ ত্ৰিমাসিক বৃদ্ধিৰ সংখ্যা ২০২২-২৩ চনৰ দ্বিতীয় ত্ৰিমাসিকত দেখা পোৱা ৬.৩ শতাংশ বৃদ্ধিতকৈ কম বুলি ঠাৱৰ কৰিব পৰা গৈছে৷ চৰকাৰে ২০২৩চনৰ জানুৱাৰী মাহত আঠটা মূল খণ্ডৰ বৃদ্ধিৰ উৎপাদনৰ তথ্যও প্ৰকাশ কৰিছিল। ইয়াত দেখা গৈছে যে জানুৱাৰী মাহত আঠটা মূল খণ্ডৰ বৃদ্ধিৰ উৎপাদন চাৰি মাহৰ সৰ্বোচ্চ ৭.৮ শতাংশত বৃদ্ধি পাইছে, যিটো সংখ্যা ২০২২ চনৰ ডিচেম্বৰ মাহত ৭ শতাংশৰ তুলনাত বৃদ্ধি পাইছে।

 ভাৰতৰ উৎপাদন খণ্ডই ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চাৰি মাহৰ ভিতৰত আটাইতকৈ লেহেমীয়া গতিৰে সম্প্ৰসাৰণ কৰিছিল যদিও মুদ্ৰাস্ফীতিৰ অধিক চাপৰ মাজতো উত্থানশীল ঘৰুৱা চাহিদাৰ মাজত তুলনামূলকভাৱে শক্তিশালী হৈয়েই আছে।ঋণৰ ব্যয় বৃদ্ধি আৰু উৎপাদন ক্ষেত্ৰত দুৰ্বলতাই ভাৰতীয় অৰ্থনীতিৰ গতি মন্থৰ কৰি তুলিছে। বছৰৰ পিছত বছৰ ধৰি এই ত্ৰৈমাসিকত উৎপাদন খণ্ড ১.১ শতাংশ হ্ৰাস পাইছে, যিটো ক্ৰমাগতভাৱে দ্বিতীয়টো সংকোচনে ৰপ্তানিৰ ক্ষেত্ৰত দুৰ্বলতা প্ৰতিফলিত কৰিছে।

 স্মৰ্তৱ্য যে,ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ২০২২ত সৰ্বাধিক নিবনুৱাৰ হাৰ হাৰিয়ানাত ৩৭.৪%, আনহাতে ওড়িশাত সৰ্বনিম্ন ০.৯%। হাৰিয়ানাৰ উপৰিও দেশৰ ৰাজধানীকে ধৰি অতিৰিক্ত সাতখন ৰাজ্যত দুটা সংখ্যাৰ নিবনুৱাৰ হাৰ দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই