--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিল আৰু ১২টা চিতা বাঘ। শনিবাৰে পুৱা গোৱালিয়ৰৰ বায়ুসেনাৰ ঘাটিত নমাই অনা হয় বাঘকেইটা। ইয়াৰ পিছত বাঘকেইটাক মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়।

কেইমাহমানৰ আগতে নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ অনা হৈছিল। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুনোৰ অৰণ্যত বাঘকেইটাক মেলি দিছিল। ছেপ্টেম্বৰৰ পিছৰ ৫ মাহৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে আন এটা চিতা বাঘৰ দল আনিলে।

দ্বিতীয় পৰ্যায়ৰ ১২ টা চিতা বাঘ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা আই এ এফ চি-১৭ বিমানযোগে অনা হৈছিল। ১০ ঘণ্টীয়া বিমান যাত্ৰাৰ অন্তত গোৱালিয়ৰ পাইহি চিতাবাঘকেইটা। ইয়াৰ পিছত তেওঁলোকক বায়ুসেনাৰ হেলিকপ্টাৰেৰে কুনো বনাঞ্চললৈ লৈ যোৱা হয়।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কুনো সংৰক্ষিত বনাঞ্চলত চিতাকেইটা মেলি দিয়ে। এই ১২টা নতুন চিতাবাঘৰ ভিতৰত ৭টা মতা আৰু ৫জনী মাইকী। কিছুদিন বন্দী হৈ থকাৰ পিছত চিতাবোৰক বন্যপ্ৰাণীৰ মাজত এৰি দিয়া হ’ব।

চল্লিশৰ দশকত ভাৰতৰ অৰণ্যৰ পৰা চিতাবাঘসমূহ নোহোৱা হৈ গৈছিল। এই জীৱ-জন্তুবোৰক ঘূৰাই অনাৰ উদ্দেশ্যেৰে এতিয়া আফ্ৰিকাৰ পৰা অনা হৈছে। কৰ্তৃপক্ষই আশা কৰিছে যে চিতা কেইটা ভাৰতীয় পৰিবেশৰ লগত খাপ খাব পাৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement