--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিল আৰু ১২টা চিতা বাঘ। শনিবাৰে পুৱা গোৱালিয়ৰৰ বায়ুসেনাৰ ঘাটিত নমাই অনা হয় বাঘকেইটা। ইয়াৰ পিছত বাঘকেইটাক মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়।

কেইমাহমানৰ আগতে নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ অনা হৈছিল। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুনোৰ অৰণ্যত বাঘকেইটাক মেলি দিছিল। ছেপ্টেম্বৰৰ পিছৰ ৫ মাহৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে আন এটা চিতা বাঘৰ দল আনিলে।

দ্বিতীয় পৰ্যায়ৰ ১২ টা চিতা বাঘ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা আই এ এফ চি-১৭ বিমানযোগে অনা হৈছিল। ১০ ঘণ্টীয়া বিমান যাত্ৰাৰ অন্তত গোৱালিয়ৰ পাইহি চিতাবাঘকেইটা। ইয়াৰ পিছত তেওঁলোকক বায়ুসেনাৰ হেলিকপ্টাৰেৰে কুনো বনাঞ্চললৈ লৈ যোৱা হয়।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কুনো সংৰক্ষিত বনাঞ্চলত চিতাকেইটা মেলি দিয়ে। এই ১২টা নতুন চিতাবাঘৰ ভিতৰত ৭টা মতা আৰু ৫জনী মাইকী। কিছুদিন বন্দী হৈ থকাৰ পিছত চিতাবোৰক বন্যপ্ৰাণীৰ মাজত এৰি দিয়া হ’ব।

চল্লিশৰ দশকত ভাৰতৰ অৰণ্যৰ পৰা চিতাবাঘসমূহ নোহোৱা হৈ গৈছিল। এই জীৱ-জন্তুবোৰক ঘূৰাই অনাৰ উদ্দেশ্যেৰে এতিয়া আফ্ৰিকাৰ পৰা অনা হৈছে। কৰ্তৃপক্ষই আশা কৰিছে যে চিতা কেইটা ভাৰতীয় পৰিবেশৰ লগত খাপ খাব পাৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই