--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা শোকাৱহ ঘটনা সংঘটিত হৈছে শুকুৰবাৰে পুৱা মুম্বাইত। মুম্বাই আৰক্ষীৰ গাড়ী চালক পদৰ বাবে হোৱা শাৰীৰিক যোগ্যতা পৰীক্ষাৰ ১৬০০ মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰি দৌৰি থকা অৱস্থাতে মৃত্যু হয় এগৰাকী প্ৰাৰ্থীৰ।

২৬ বছৰীয়া প্ৰাৰ্থীগৰাকীৰ নাম গণেশ উত্তম উগালে। প্ৰাৰ্থীগৰাকীয়ে কলিনা বিশ্ববিদ্যালয়ৰ কোলেকল্যাণ খেলপথাৰত শাৰীৰিক যোগ্যতাৰ পৰীক্ষা দি থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয়। মুম্বাই আৰক্ষীৰ মতে, দৌৰ সমাপ্ত হ’বলৈ কিছু বাকী থাকোঁতেই তেওঁ মূৰ ঘূৰাই খেলপথাৰতে ঢলি পৰে।

মুম্বাই আৰক্ষীয়ে উল্লেখ কৰা মতে, যুৱকগৰাকীয়ে আত্মীয় এগৰাকী যুৱকৰ সৈতে মুম্বাই আৰক্ষীত ড্ৰাইভাৰ আৰু কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষাত ভাগ ল’বলৈ আহিছিল।

উগালেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা মুম্বাই আৰক্ষীয়ে ৭,০৭৬টা কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষা আৰম্ভ কৰিছে। এই পদসমূহৰ বাবে ৫.৮১ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু