--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা শোকাৱহ ঘটনা সংঘটিত হৈছে শুকুৰবাৰে পুৱা মুম্বাইত। মুম্বাই আৰক্ষীৰ গাড়ী চালক পদৰ বাবে হোৱা শাৰীৰিক যোগ্যতা পৰীক্ষাৰ ১৬০০ মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰি দৌৰি থকা অৱস্থাতে মৃত্যু হয় এগৰাকী প্ৰাৰ্থীৰ।

২৬ বছৰীয়া প্ৰাৰ্থীগৰাকীৰ নাম গণেশ উত্তম উগালে। প্ৰাৰ্থীগৰাকীয়ে কলিনা বিশ্ববিদ্যালয়ৰ কোলেকল্যাণ খেলপথাৰত শাৰীৰিক যোগ্যতাৰ পৰীক্ষা দি থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয়। মুম্বাই আৰক্ষীৰ মতে, দৌৰ সমাপ্ত হ’বলৈ কিছু বাকী থাকোঁতেই তেওঁ মূৰ ঘূৰাই খেলপথাৰতে ঢলি পৰে।

মুম্বাই আৰক্ষীয়ে উল্লেখ কৰা মতে, যুৱকগৰাকীয়ে আত্মীয় এগৰাকী যুৱকৰ সৈতে মুম্বাই আৰক্ষীত ড্ৰাইভাৰ আৰু কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষাত ভাগ ল’বলৈ আহিছিল।

উগালেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা মুম্বাই আৰক্ষীয়ে ৭,০৭৬টা কনিষ্টবল পদৰ বাবে নিযুক্তি পৰীক্ষা আৰম্ভ কৰিছে। এই পদসমূহৰ বাবে ৫.৮১ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক