--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই ইতিমধ্যে পঞ্চমটো মাহত ভৰি দিলে। যোৱা ২৪ ফেব্ৰুৱাৰীত মহাশক্তিধৰ ৰাছিয়াই চুবুৰীয়া ৰাষ্ট্ৰখনক আক্ৰমণ কৰাৰ পাছৰে পৰা যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে ইউক্ৰেইনক। পোন প্ৰথমে যুদ্ধৰ সম্ভাৱনীয়তাৰ চৰ্চাৰ সময়তে আমেৰিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰই ইউক্ৰেইনক সংগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ৰাছিয়ান আক্ৰমণৰ পিছত অকলশৰেই যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হয় ইউক্ৰেইন। বিদেশী ৰাষ্ট্ৰৰ সহায়ৰ নামত আহে কেৱল কিছু যুদ্ধাস্ত্ৰৰ ভাণ্ডাৰ। ৰাছিয়াৰ দৰে শক্তিশালী ৰাষ্ট্ৰ এখনৰ আক্ৰমণৰ সন্মুখত ইউক্ৰেইনৰ দৰে এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ কোনোপধ্যেই টিকিব নোৱাৰে বুলি নিশ্চিত আছিল বিশ্ব সম্প্ৰদায়। কিন্তু এই ধাৰণাক ভুল প্ৰতিপন্ন কৰি ৰাছিয়াৰ সৈতে মহা পৰাক্ৰমে যুদ্ধত নামি পৰিছে ইউক্ৰেইন। 

অৱশ্যে ৰাছিয়াৰ আক্ৰমণত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে দেশখন। ৰাছিয়ান সৈন্যৰ হাতত হেৰুৱাইছে কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ। তাৰ পিছতো যুদ্ধৰ পৰা পিছহুঁহোকা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি। ৰাছিয়াৰ ৰুধিবলৈ বদ্ধপৰিকৰ ইউক্ৰেইনীয়ান ৰাষ্ট্ৰপতিগৰাকী। পিছে যুদ্ধৰ এনে আতংকময় পৰিস্থিতিত ভিতৰি ভিতৰি ভাগি পৰিছে নেকি জেলেনস্কি? শনিবাৰে নেতাগৰাকীৰ এক সিদ্ধান্তৰ পিছত এই প্ৰশ্ন ব্যাপক ৰূপত সমুখলৈ আহিছে।  

শনিবাৰে নিশা ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতসহ মুঠ পাঁচখন ৰাষ্ট্ৰত থকা কিয়েভৰ ৰাষ্ট্ৰদূতৰ লগতে আন কেইবাজনো শীৰ্ষ দূতক বৰ্খাস্ত কৰে। ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ অফিচিয়েল ৱেবছাইটত এই তথ্য ৰাজহুৱা কৰা হৈছে। ভাৰতৰ লগতে জেলেনস্কিয়ে জাৰ্মানী, চেক গণৰাজ্য, নৰৱে আৰু হাংগেৰীত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

অৱশ্যে হঠাতে জেলেনস্কিয়ে কিয় এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই। লগতে  বৰ্খাস্ত কৰা শীৰ্ষ বিষয়াসকলক নতুন পদবীত মকৰল কৰা হ’বনে নহয়, তাৰো কোনো স্পষ্ট নিৰ্দেশনা প্ৰকাশ কৰা নাই ৰাষ্ট্ৰপতিগৰাকীয়ে। 

ৰাছিয়াৰ শক্তি যোগানৰ লগতে ইউৰোপৰ সৰ্ববৃহৎ অৰ্থনীতিৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল জাৰ্মানীৰ সৈতে কিয়েভৰ সম্পৰ্ক বৰ্তমান সময়ত এক বিশেষ সংবেদনশীল বিষয় হৈ পৰিছে। কানাডাত নিৰ্মীয়মান অৱস্থাত থকা জাৰ্মান নিৰ্মিত টাৰ্বাইনক লৈ দুয়োখন দেশৰ মাজত বৰ্তমান মতবিৰোধ স্পষ্ট হৈ পৰিছে। ইউৰোপলৈ গেছ পাম্প কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াৰ বৃহৎ প্ৰাকৃতিক গেছ কেন্দ্ৰ গেজপ্ৰমলৈ কানাডাই টাৰ্বাইনটো হস্তান্তৰ কৰিব লাগে বুলি জাৰ্মানীয়ে জোৰ দি আহিছে।

কিন্তু কিয়েভে এই টাৰ্বাইন কানাডাই নিজৰ ওচৰত ৰাখিব লাগে বুলি আহ্বান জনাই আহিছে। কানাডাই এই টাৰ্বাইন ৰাছিয়ালৈ প্ৰেৰণ কৰিলে মস্কোৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ উলংঘন হ'ব বুলি দাবী কৰিছে ইউক্ৰেইনে।

ইফালে যুদ্ধৰ আতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে শুকুৰবাৰে ইউক্ৰেইনৰ বাবে ৪০০ নিযুত ডলাৰৰ এক নতুন অস্ত্ৰ পেকেজ মুকলি কৰে। এই পেকেজ ইউক্ৰেইনৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল বুলি উল্লেখ  কৰি জেলেনস্কিয়ে টুইটাৰ যোগে এই সামৰিক সাহায্যৰ বাবে বিডেনক ধন্যবাদ জনায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত