--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বর্তমানৰ সময়ত ভাৰতত ৩৫ বছৰ বয়সতকৈ অনুর্ধ্ব ৬৫ শতাংশ জনসংখ্যাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈ আহিছে। বৰ্তমানৰ সময়ত ভাৰতত ৬০ বছৰতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা হৈছে মুঠ জনসংখ্যাৰ ১০ শতাংশ। ভাৰতৰ জনসংখ্যাৰ ১০৪ নিযুত অর্থাৎ ১০.০৪ কোটি নাগৰিক হৈছে চৰকাৰী তথ্য অনুসৰি জ্যেষ্ঠ নাগৰিক। 

কিন্তু ৰাষ্ট্রসংঘৰ পপুলেচন ফাণ্ডৰ অনুমান অনুসৰি, ২০২৫ত ভাৰতত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ১৫৮ নিযুত অর্থাৎ ১৫.৮ কোটিলৈ বৃদ্ধি পাব। একেদৰে দেশত ২০৫০ বর্ষলৈ মুঠ জনসংখ্যাৰ ১৯.৫ শতাংশ অর্থাৎ প্রায় ৩১৯ নিযুত (৩১.৫ কোটি) লোক জ্যেষ্ঠ নাগৰিক হ'ব। ২০৫০ বর্ষত ভাৰতত প্রতি চতুর্থজন নাগৰিক হ'ব জ্যেষ্ঠ নাগৰিক। অর্থাৎ চাৰিজন নাগৰিকৰ এজনৰ বয়স ৬০ বছৰৰ ঊর্ধ্বত হ'ব। 

এই সন্দর্ভত নিটি আয়োগে কিছু দিহা-পৰামর্শ আগবঢ়ালে। জ্যেষ্ঠ নাগৰিকৰ চোৱা-চিতা আৰু বিত্তীয় সৱলীকৰণৰ বিষয়টোত নিটি আয়োগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। 

নিটি আয়োগে সম্প্রতি এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, দেশত বয়োজ্যেষ্ঠ নাগৰিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এইসকল জ্যেষ্ঠ লোকৰ চোৱা-চিতাৰ বাবে বিত্তীয় সুৰক্ষাত চৰকাৰে বিশেষ গুৰুত্ব দিব লাগিব। 

বর্তমান ভাৰতত ৬০ বছৰ ঊর্ধ্বৰ বয়সৰ মাত্র ১৮ শতাংশ নাগৰিকৰহে স্বাস্থ্য বীমা আছে। সেয়েহে আগন্তুক সময়ত জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যৰ দিশটোক অধিক গুৰুত্ব দিয়া জৰুৰী বুলি নিটি আয়োগে প্রতিবেদনত উল্লেখ কৰিছে। 

একেখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি জ্যেষ্ঠ নাগৰিকৰ ৭৫ শতাংশৰো অধিক নানা ৰোগত আক্রান্ত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড

চহ কৰা মাটিৰ সীৰলুত কৃষকৰ সোণগুটিৰ সপোন
থাকৰে পৰিয়ালৰ মহামিলন