--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বর্তমানৰ সময়ত ভাৰতত ৩৫ বছৰ বয়সতকৈ অনুর্ধ্ব ৬৫ শতাংশ জনসংখ্যাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈ আহিছে। বৰ্তমানৰ সময়ত ভাৰতত ৬০ বছৰতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা হৈছে মুঠ জনসংখ্যাৰ ১০ শতাংশ। ভাৰতৰ জনসংখ্যাৰ ১০৪ নিযুত অর্থাৎ ১০.০৪ কোটি নাগৰিক হৈছে চৰকাৰী তথ্য অনুসৰি জ্যেষ্ঠ নাগৰিক। 

কিন্তু ৰাষ্ট্রসংঘৰ পপুলেচন ফাণ্ডৰ অনুমান অনুসৰি, ২০২৫ত ভাৰতত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ১৫৮ নিযুত অর্থাৎ ১৫.৮ কোটিলৈ বৃদ্ধি পাব। একেদৰে দেশত ২০৫০ বর্ষলৈ মুঠ জনসংখ্যাৰ ১৯.৫ শতাংশ অর্থাৎ প্রায় ৩১৯ নিযুত (৩১.৫ কোটি) লোক জ্যেষ্ঠ নাগৰিক হ'ব। ২০৫০ বর্ষত ভাৰতত প্রতি চতুর্থজন নাগৰিক হ'ব জ্যেষ্ঠ নাগৰিক। অর্থাৎ চাৰিজন নাগৰিকৰ এজনৰ বয়স ৬০ বছৰৰ ঊর্ধ্বত হ'ব। 

এই সন্দর্ভত নিটি আয়োগে কিছু দিহা-পৰামর্শ আগবঢ়ালে। জ্যেষ্ঠ নাগৰিকৰ চোৱা-চিতা আৰু বিত্তীয় সৱলীকৰণৰ বিষয়টোত নিটি আয়োগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। 

নিটি আয়োগে সম্প্রতি এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, দেশত বয়োজ্যেষ্ঠ নাগৰিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এইসকল জ্যেষ্ঠ লোকৰ চোৱা-চিতাৰ বাবে বিত্তীয় সুৰক্ষাত চৰকাৰে বিশেষ গুৰুত্ব দিব লাগিব। 

বর্তমান ভাৰতত ৬০ বছৰ ঊর্ধ্বৰ বয়সৰ মাত্র ১৮ শতাংশ নাগৰিকৰহে স্বাস্থ্য বীমা আছে। সেয়েহে আগন্তুক সময়ত জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যৰ দিশটোক অধিক গুৰুত্ব দিয়া জৰুৰী বুলি নিটি আয়োগে প্রতিবেদনত উল্লেখ কৰিছে। 

একেখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি জ্যেষ্ঠ নাগৰিকৰ ৭৫ শতাংশৰো অধিক নানা ৰোগত আক্রান্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement