--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি ৪ মহীয়া শিশুৱে গঢ়িলে বিশ্ব অভিলেখ। আচৰিত নহয়নে! আচৰিত যেন লাগিলেও এয়াই সত্য। বয়সৰ লেখেৰে শিশুটিৰ বয়স মাথোঁ ৪ মাহ কিন্তু এই বয়সতে শিশুটিয়ে এক অনন্য অভিলেখ গঢ়ি বিশ্বৰ বুকুত নাম উজলালে। 

এটি ৪ মহীয়া শিশুৱে কৰিব পাৰেই বা কি! সেয়েহে শিশুটিৰ বিশ্ব অভিলেখত সকলো আনন্দিত আৰু আশ্চৰ্যচকিত হৈ উঠিছে।

অন্ধ্ৰ প্ৰদেশৰ নন্দীগামৰ পৰা আহিছে এই খবৰ। ইয়াৰে এগৰাকী চাৰি মহীয়া কন্যা শিশুৱে নিজৰ নাম বিশ্ব অভিলেখত পঞ্জীয়ন কৰিছে। চাৰিমহীয়া কৈভাল্যাৰ প্ৰতিভা দেখি সমগ্ৰ দেশৰ লগতে বিশ্বৰ মানুহে আচৰিত হৈ পৰিছে।

নন্দিগামৰ দম্পতী ৰমেশ আৰু হেমাৰ চাৰিমহীয়া কন্যা কৈভাল্যাই কেৱল চায়েই ১২০টা বস্তু চিনাক্ত কৰিব পাৰে। ইয়াৰ ভিতৰত চৰাই, শাক-পাচলি, ফল-মূল আদি বহু ধৰণৰ বস্তু অন্তৰ্ভূক্ত। উল্লেখ্য যে কৈভাল্যাৰ মাতৃয়ে প্ৰথমে কন্যাৰ প্ৰতিভাক চিনি পাই সকলোৰে সন্মুখত কথাটো পোহৰলৈ আনিছিল।

ইয়াৰ পাছত হেমাই কৈভাল্যাৰ ভিডিঅ’ বনাই তাৰপাছত নোবেল ৱৰ্ল্ড ৰেকৰ্ডছলৈ প্ৰেৰণ কৰে। নোবেল ৱৰ্ল্ড ৰেকৰ্ডে কৈভাল্যাৰ দক্ষতা পৰীক্ষা কৰিছিল আৰু তাৰপাছত তেওঁৰ নাম বিশ্ব অভিলেখত লিপিবদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কৈভাল্যাক নোবেল ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত এই অভিলেখ গঢ়িছিল কৈভাল্যাই। উল্লেখ্য যে কৈভাল্যক ১০০+ ফ্লেছকাৰ্ড চিনি পোৱা বিশ্বৰ প্ৰথম চাৰিমহীয়া কেঁচুৱা বুলি অভিহিত কৰা হৈছে।

এই কথাত কৈভাল্যাৰ পিতৃ-মাতৃয়ে অতিশয় সুখী হোৱাৰ লগতে সকলোকে ধন্যবাদ জনায়। লগতে তেওঁলোকে কয় যে আন অভিভাৱকসকলেও যাতে তেওঁলোকৰ সন্তানৰ প্ৰতিভাক চিনি পাই তেওঁলোকক বিশেষ দক্ষতাৰে গঢ়ি তোলে। আনকি কৈভাল্যাৰ প্ৰতিভা দেখি আচৰিত হৈ পৰিছে নোবেল বঁটাপ্ৰাপ্তসকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ