--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি ৪ মহীয়া শিশুৱে গঢ়িলে বিশ্ব অভিলেখ। আচৰিত নহয়নে! আচৰিত যেন লাগিলেও এয়াই সত্য। বয়সৰ লেখেৰে শিশুটিৰ বয়স মাথোঁ ৪ মাহ কিন্তু এই বয়সতে শিশুটিয়ে এক অনন্য অভিলেখ গঢ়ি বিশ্বৰ বুকুত নাম উজলালে। 

এটি ৪ মহীয়া শিশুৱে কৰিব পাৰেই বা কি! সেয়েহে শিশুটিৰ বিশ্ব অভিলেখত সকলো আনন্দিত আৰু আশ্চৰ্যচকিত হৈ উঠিছে।

অন্ধ্ৰ প্ৰদেশৰ নন্দীগামৰ পৰা আহিছে এই খবৰ। ইয়াৰে এগৰাকী চাৰি মহীয়া কন্যা শিশুৱে নিজৰ নাম বিশ্ব অভিলেখত পঞ্জীয়ন কৰিছে। চাৰিমহীয়া কৈভাল্যাৰ প্ৰতিভা দেখি সমগ্ৰ দেশৰ লগতে বিশ্বৰ মানুহে আচৰিত হৈ পৰিছে।

নন্দিগামৰ দম্পতী ৰমেশ আৰু হেমাৰ চাৰিমহীয়া কন্যা কৈভাল্যাই কেৱল চায়েই ১২০টা বস্তু চিনাক্ত কৰিব পাৰে। ইয়াৰ ভিতৰত চৰাই, শাক-পাচলি, ফল-মূল আদি বহু ধৰণৰ বস্তু অন্তৰ্ভূক্ত। উল্লেখ্য যে কৈভাল্যাৰ মাতৃয়ে প্ৰথমে কন্যাৰ প্ৰতিভাক চিনি পাই সকলোৰে সন্মুখত কথাটো পোহৰলৈ আনিছিল।

ইয়াৰ পাছত হেমাই কৈভাল্যাৰ ভিডিঅ’ বনাই তাৰপাছত নোবেল ৱৰ্ল্ড ৰেকৰ্ডছলৈ প্ৰেৰণ কৰে। নোবেল ৱৰ্ল্ড ৰেকৰ্ডে কৈভাল্যাৰ দক্ষতা পৰীক্ষা কৰিছিল আৰু তাৰপাছত তেওঁৰ নাম বিশ্ব অভিলেখত লিপিবদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কৈভাল্যাক নোবেল ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত এই অভিলেখ গঢ়িছিল কৈভাল্যাই। উল্লেখ্য যে কৈভাল্যক ১০০+ ফ্লেছকাৰ্ড চিনি পোৱা বিশ্বৰ প্ৰথম চাৰিমহীয়া কেঁচুৱা বুলি অভিহিত কৰা হৈছে।

এই কথাত কৈভাল্যাৰ পিতৃ-মাতৃয়ে অতিশয় সুখী হোৱাৰ লগতে সকলোকে ধন্যবাদ জনায়। লগতে তেওঁলোকে কয় যে আন অভিভাৱকসকলেও যাতে তেওঁলোকৰ সন্তানৰ প্ৰতিভাক চিনি পাই তেওঁলোকক বিশেষ দক্ষতাৰে গঢ়ি তোলে। আনকি কৈভাল্যাৰ প্ৰতিভা দেখি আচৰিত হৈ পৰিছে নোবেল বঁটাপ্ৰাপ্তসকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু