--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযোদ্ধা ফেডাৰেচনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগক লৈ দেশৰ বিখ্যাত মল্লযুঁজাৰুসকলে ধৰ্ণাত বহিছে৷ সোমবাৰ (১ মে’) খেলুৱৈসকলৰ ধৰ্মঘটৰ নৱম দিন। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক মিছা আখ্যা দি ব্রিজ ভূষনে খেলুৱৈসকলক মল্লযুঁজ ফেডাৰেচনৰ দায়িত্ব ল’ব বিচৰা বুলি ষড়যন্ত্রৰ অভিযোগ উত্থাপন কৰিছে৷ মল্লযুঁজাৰু বিনেশ ফোগাটে কয় যে ব্রিজ ভূষণৰ অহংকাৰ ৰাৱণতকৈও ডাঙৰ৷

অভিযোগ সন্দৰ্ভত ভাষণ দি মল্লযুঁজাৰু বজৰং পুনিয়াই কয় যে যেতিয়ালৈকে ব্রিজ ভূষণক অভিযোগৰ পৰা মুক্ত নহয় তেতিয়ালৈকে সংবাদ মাধ্যমে তেওঁক কথা ক’বলৈ মঞ্চ দিব নালাগে৷ দেশৰ হৈ খেলুৱৈয়ে পদক লাভ কৰে আৰু পদক লাভ কৰাসকলক তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। এই দেশত কিমানজন সাংসদ হয় আৰু কিমানজনে অলিম্পিকৰ পদক লাভ কৰে? আজিলৈকে অলিম্পিকৰ পদক বিজয়ী প্ৰায় ৪০ জনেই নাই, আনহাতে হাজাৰ হাজাৰ সাংসদ হৈছে।

যোৱা ২৩ এপ্ৰিলত ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত দেশৰ প্রখ্যাত মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে জানুৱাৰী মাহতো মল্লযুঁজাৰুসকলে ধৰ্ণাত বহিছিল যদিও ক্ৰীড়া মন্ত্ৰালয়ে তদাৰকী সমিতি গঠন কৰাৰ পিছত ধৰ্মঘট বাতিল কৰা হয়। ব্রিজ ভূষণৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ অভিযোগ নোলোৱাৰ বাবে পুনৰ প্রতিবাদ আৰম্ভ কৰিছে মল্লযুঁজাৰুসকলে৷


ইপিনে মল্লযুঁজাৰুসকলৰ এই প্ৰদৰ্শনৰ আঁৰত কংগ্ৰেছৰ সাংসদ দীপেন্দৰ হুদা আৰু বজৰং পুনিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে সাংসদ ব্রিজ ভূষণে৷ ব্রিজ ভূষণ সিঙে কয়, "গোটেই ষড়যন্ত্ৰ কংগ্ৰেছ নেতা দীপেন্দৰ হুদা আৰু মল্লযুঁজাৰু বজৰংগ পুনিয়াই ৰচনা কৰিছিল। আমাৰ হাতত এটা অডিঅ' ক্লিপ আছে, যিয়ে সকলো প্ৰমাণ কৰিব। সময় আহিলে আমি দিল্লী আৰক্ষীক দিম।" লগতে কোৱা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে বিষয়টো বুজি নোপোৱাকৈয়ে মল্লযুঁজাৰুসকলক সমৰ্থন কৰিছে, যেতিয়া তেওঁ সত্য জানিব তেতিয়া তেৱোঁ অনুতাপ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে