--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামত থাকে। বিভিন্ন বিষয়ত উচ্চস্বৰে মাত মাতে অভিনেত্ৰীগৰাকীয়ে। এটা মন্তব্যৰ বাবে পুনৰ চৰ্চাত আছে কংগনা। ছলমান খানে লাভ কৰা মৃত্যুৰ ভাবুকিক লৈ মৌনতা ভংগ কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া নিৰাপত্তা ব্যৱস্থা নিৰাপদ বুলি অভিনেত্ৰীগৰাকীয়ে কয়। গতিকে, নিৰাপত্তাৰ প্ৰতি ছলমান খানে ভয় কৰাৰ প্ৰয়োজন নাই বুলি কয় কংগনাই।

কংগনাই কয়, ‘‘আমি ছবিৰ তাৰকা। কেন্দ্ৰই ছলমান খানক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা নিৰাপত্তা লাভ কৰিছে, গতিকে ভয় কৰিবলগীয়া একো নাই।’’ কংগনাই আৰু কয়, ‘‘যেতিয়া মোক ভাবুকি দিয়া হৈছিল, তেতিয়া মোকো চৰকাৰে সুৰক্ষা দিছিল। আজি দেশ সুৰক্ষিত মানুহৰ হাতত। আমি চিন্তা কৰাৰ প্ৰয়োজন নাই।’’

উল্লেখ্য যে মৃত্যুৰ ভাবুকিৰ ছলমান খানক মুম্বাই আৰক্ষীয়ে Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে।

শেহতীয়াকৈ ছলমান খানে কয় যে, ‘‘নিৰাপত্তাহীনতাতকৈ নিৰাপত্তা ভাল। মোক নিৰাপত্তা দিয়া হৈছে। ৰাস্তাত চাইকেল চলোৱা বা অকলে যিকোনো ঠাইলৈ যোৱাটো এতিয়া সম্ভৱ নহয়। এই সকলোবোৰতকৈ এতিয়া মোৰ এটা সমস্যা হৈছে যে যেতিয়া মই ট্ৰেফিকত থাকোঁ তেতিয়া বহুত নিৰাপত্তা থাকে। নিৰাপত্তাৰক্ষীৰ বাহনৰ বাবে সাধাৰণ মানুহ সমস্যাৰ সন্মুখীন হয়। হয়তো মোৰ ওপৰত তেওঁলোকৰ খং উঠিবও পাৰে। কিন্তু মোৰ মৰমৰ অনুৰাগীসকল, মোৰ জীৱনলৈ অতি গুৰুতৰ ভাবুকি আহিছে, গতিকে নিৰাপত্তা দিয়া হৈছে।’’

ছলমানে খানে লগতে কয়, ‘‘মই সম্পূৰ্ণ নিৰাপত্তাৰে সকলোতে যাওঁ, কিন্তু মই এইটোও জানো যে যি হ’ব লগা আছে সেয়া হ’বই, আপুনি যিয়েই নকৰক কিয়। কিন্তু, এনেকুৱা নহয় যে মই নিৰাপত্তা অবিহনে ক’ৰবালৈ যাম। মোৰ চৌপাশে আজিকালি বহু নিৰাপত্তাৰক্ষী। ইমানবোৰ বন্দুকে মোক আগুৰি থাকে যে কেতিয়াবা মই নিজে ভয় খাই যাওঁ।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল