--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামত থাকে। বিভিন্ন বিষয়ত উচ্চস্বৰে মাত মাতে অভিনেত্ৰীগৰাকীয়ে। এটা মন্তব্যৰ বাবে পুনৰ চৰ্চাত আছে কংগনা। ছলমান খানে লাভ কৰা মৃত্যুৰ ভাবুকিক লৈ মৌনতা ভংগ কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া নিৰাপত্তা ব্যৱস্থা নিৰাপদ বুলি অভিনেত্ৰীগৰাকীয়ে কয়। গতিকে, নিৰাপত্তাৰ প্ৰতি ছলমান খানে ভয় কৰাৰ প্ৰয়োজন নাই বুলি কয় কংগনাই।

কংগনাই কয়, ‘‘আমি ছবিৰ তাৰকা। কেন্দ্ৰই ছলমান খানক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা নিৰাপত্তা লাভ কৰিছে, গতিকে ভয় কৰিবলগীয়া একো নাই।’’ কংগনাই আৰু কয়, ‘‘যেতিয়া মোক ভাবুকি দিয়া হৈছিল, তেতিয়া মোকো চৰকাৰে সুৰক্ষা দিছিল। আজি দেশ সুৰক্ষিত মানুহৰ হাতত। আমি চিন্তা কৰাৰ প্ৰয়োজন নাই।’’

উল্লেখ্য যে মৃত্যুৰ ভাবুকিৰ ছলমান খানক মুম্বাই আৰক্ষীয়ে Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে।

শেহতীয়াকৈ ছলমান খানে কয় যে, ‘‘নিৰাপত্তাহীনতাতকৈ নিৰাপত্তা ভাল। মোক নিৰাপত্তা দিয়া হৈছে। ৰাস্তাত চাইকেল চলোৱা বা অকলে যিকোনো ঠাইলৈ যোৱাটো এতিয়া সম্ভৱ নহয়। এই সকলোবোৰতকৈ এতিয়া মোৰ এটা সমস্যা হৈছে যে যেতিয়া মই ট্ৰেফিকত থাকোঁ তেতিয়া বহুত নিৰাপত্তা থাকে। নিৰাপত্তাৰক্ষীৰ বাহনৰ বাবে সাধাৰণ মানুহ সমস্যাৰ সন্মুখীন হয়। হয়তো মোৰ ওপৰত তেওঁলোকৰ খং উঠিবও পাৰে। কিন্তু মোৰ মৰমৰ অনুৰাগীসকল, মোৰ জীৱনলৈ অতি গুৰুতৰ ভাবুকি আহিছে, গতিকে নিৰাপত্তা দিয়া হৈছে।’’

ছলমানে খানে লগতে কয়, ‘‘মই সম্পূৰ্ণ নিৰাপত্তাৰে সকলোতে যাওঁ, কিন্তু মই এইটোও জানো যে যি হ’ব লগা আছে সেয়া হ’বই, আপুনি যিয়েই নকৰক কিয়। কিন্তু, এনেকুৱা নহয় যে মই নিৰাপত্তা অবিহনে ক’ৰবালৈ যাম। মোৰ চৌপাশে আজিকালি বহু নিৰাপত্তাৰক্ষী। ইমানবোৰ বন্দুকে মোক আগুৰি থাকে যে কেতিয়াবা মই নিজে ভয় খাই যাওঁ।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে