--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেন্দি খাই আপুনি কেনে পায়? ভেন্দি বহু লোকেই খাই ভালপায় আৰু কিছুমানে বেয়া পায় ইয়াৰ বিজলুৱা গুণটোৰ বাবে। ভেন্দি ভাজি বা দাইলত দিও খাব পাৰি। ভেন্দিৰ বহুতো উপকাৰিতা আছে। ভেন্দি তিয়াই ৰখা পানী খালে মানুহৰ শৰীৰ যথেষ্ট স্বাস্থ্যৱান হৈ উঠে। 

ভেন্দি খালে কলেষ্টেৰল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়, আনহাতে যেতিয়া আপুনি ইয়াৰ পানী সেৱন কৰিব তেতিয়া আপুনি আচৰিত ধৰণৰ উপকাৰ পাব। ইয়াৰ বাবে প্ৰথমে আপুনি দুটা ভেন্দি ডোখৰ ডোখৰকৈ কাটি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থব৷ পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব৷ এনে কৰিলে আপুনি বহুতো সুফল লাভ কৰিব।গতিকে জানো আহক ভেন্দি পানীৰ কি কি উপকাৰিতা আছে।

১)হৃদযন্ত্ৰ সুৰক্ষিত কৰেঃ ভেন্দি পানীয়ে হৃদযন্ত্ৰ সুৰক্ষিত কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে অপকাৰী ক'লেষ্টৰল কমাই শৰীৰক ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে৷ 

২)চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰতো ভেন্দি অতি উপকাৰী। ভেন্দিত ভিটামিন এ আৰু বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। চকুৰ সমস্যা থকা লোকসকলে ভেন্দি পানী খালে সুফল লাভ কৰিব।

৩)পেটৰ বাবেও উপকাৰীঃ কোষ্ঠকাঠিন্যৰ সমস্যা বা শৌচ কৰোতে কষ্ট পোৱা মানুহৰ বাবে ভেন্দি পানী অতি সহায়ক। অৰ্থাৎ যি লোকৰ পেটৰ অৱস্থা ভাল নহয় তেওঁলোকে নিশ্চিতভাৱে ভেন্দি পানী সেৱন কৰা উচিত। ই আপোনাক নিশ্চয়কৈ সহায় কৰিব। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

৪)ওজন নিয়ন্ত্ৰণত সহায় কৰেঃ যিয়ে ওজন কমাবলৈ চেষ্টা কৰি আছে, তেওঁলোকেও ভেন্দি পানী ব্যৱহাৰ কৰিব পাৰে। ভেন্দিত যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াৰ পানী খোৱাৰ লগে লগে বিপাকীয় ক্ৰিয়া ঠিকেই থাকিব যাৰ ফলত ওজন নিয়ন্ত্ৰণ হ’ব।

৫)ৰক্তহীনতা দূৰ হ’বঃ যদি আপুনি ভেন্দি পানী সেৱন কৰে তেন্তে শৰীৰত তেজৰ অভাৱ দূৰ হ’ব। আচলতে ভেন্দিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ বাবে হিম’গ্লবিন বৃদ্ধি পায়। হিম’গ্লবিন বৃদ্ধি হ’লে এনিমিয়াৰ অভাৱ দূৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক