--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেন্দি খাই আপুনি কেনে পায়? ভেন্দি বহু লোকেই খাই ভালপায় আৰু কিছুমানে বেয়া পায় ইয়াৰ বিজলুৱা গুণটোৰ বাবে। ভেন্দি ভাজি বা দাইলত দিও খাব পাৰি। ভেন্দিৰ বহুতো উপকাৰিতা আছে। ভেন্দি তিয়াই ৰখা পানী খালে মানুহৰ শৰীৰ যথেষ্ট স্বাস্থ্যৱান হৈ উঠে। 

ভেন্দি খালে কলেষ্টেৰল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়, আনহাতে যেতিয়া আপুনি ইয়াৰ পানী সেৱন কৰিব তেতিয়া আপুনি আচৰিত ধৰণৰ উপকাৰ পাব। ইয়াৰ বাবে প্ৰথমে আপুনি দুটা ভেন্দি ডোখৰ ডোখৰকৈ কাটি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থব৷ পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব৷ এনে কৰিলে আপুনি বহুতো সুফল লাভ কৰিব।গতিকে জানো আহক ভেন্দি পানীৰ কি কি উপকাৰিতা আছে।

১)হৃদযন্ত্ৰ সুৰক্ষিত কৰেঃ ভেন্দি পানীয়ে হৃদযন্ত্ৰ সুৰক্ষিত কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে অপকাৰী ক'লেষ্টৰল কমাই শৰীৰক ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে৷ 

২)চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰতো ভেন্দি অতি উপকাৰী। ভেন্দিত ভিটামিন এ আৰু বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। চকুৰ সমস্যা থকা লোকসকলে ভেন্দি পানী খালে সুফল লাভ কৰিব।

৩)পেটৰ বাবেও উপকাৰীঃ কোষ্ঠকাঠিন্যৰ সমস্যা বা শৌচ কৰোতে কষ্ট পোৱা মানুহৰ বাবে ভেন্দি পানী অতি সহায়ক। অৰ্থাৎ যি লোকৰ পেটৰ অৱস্থা ভাল নহয় তেওঁলোকে নিশ্চিতভাৱে ভেন্দি পানী সেৱন কৰা উচিত। ই আপোনাক নিশ্চয়কৈ সহায় কৰিব। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

৪)ওজন নিয়ন্ত্ৰণত সহায় কৰেঃ যিয়ে ওজন কমাবলৈ চেষ্টা কৰি আছে, তেওঁলোকেও ভেন্দি পানী ব্যৱহাৰ কৰিব পাৰে। ভেন্দিত যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াৰ পানী খোৱাৰ লগে লগে বিপাকীয় ক্ৰিয়া ঠিকেই থাকিব যাৰ ফলত ওজন নিয়ন্ত্ৰণ হ’ব।

৫)ৰক্তহীনতা দূৰ হ’বঃ যদি আপুনি ভেন্দি পানী সেৱন কৰে তেন্তে শৰীৰত তেজৰ অভাৱ দূৰ হ’ব। আচলতে ভেন্দিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ বাবে হিম’গ্লবিন বৃদ্ধি পায়। হিম’গ্লবিন বৃদ্ধি হ’লে এনিমিয়াৰ অভাৱ দূৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক