--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ মন্দিৰ চৌহদত প্ৰেমৰ প্ৰস্তাৱ দি বাবে সমস্যাত পৰিছে এহাল প্ৰেমিক-প্ৰেমিকা। তেওঁলোকৰ বিৰুদ্ধে আইনী পদক্ষেপো লোৱা হৈছে। তাৰপাছতে প্ৰেমিক-প্ৰেমিকাহালক সমৰ্থন জনাইছে ৰবীনা টেণ্ডনে। 

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে কেদাৰনাথ মন্দিৰৰ সমীপত প্ৰেমিকৰ সৈতে খোজ কাঢ়ি যোৱা দেখা গৈছে এগৰাকী যুৱতী। তাই আঁঠু কাঢ়ি প্ৰেমিকক এটা আঙঠিৰে এজন যুৱকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। এই ভিডিঅ’টোৱে সমাজৰ একাংশৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল। উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত উত্তৰাখণ্ড আৰক্ষীয়ে কয় যে সেই ভিডিঅ’ আৰু ৰিলৰ শ্বুটিংৰ বিৰুদ্ধে “ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

তাৰপাছতে বলিউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনে দম্পতীহালক সমৰ্থন আগবঢ়াই কয়- ''কেতিয়াৰ পৰা আমাৰ ভগৱানে প্ৰেমৰ বিৰোধিতা কৰিলে?’’


ইনষ্টাগ্ৰামত ৰবীনাই লিখিছে- “প্ৰেমৰ এই মুহূৰ্তটোক পবিত্ৰ কৰিব বিচৰা এজন ভক্তৰ বিৰুদ্ধে ভগৱানে কেতিয়া থিয় দিলে? হয়তো প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত পশ্চিমীয়া পদ্ধতি আৰু সংস্কৃতি অধিক নিৰাপদ।’’

উল্লেখ্য যে প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ’টোৰ ব্যতিক্ৰম গ্ৰহণ কৰি মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীলৈ পত্ৰ লিখি মন্দিৰ চৌহদত ভিডিঅ’ নিৰ্মাণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। কমিটীয়ে কয় যে এই ভিডিঅ’সমূহে “স্থানৰ ধৰ্মীয় পবিত্ৰতাত নেতিবাচক প্ৰভাৱ পেলায়।”

যদিও সেই পত্ৰত প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ’টোৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা নাই, তথাপিও চৌহদত ভিডিঅ’ নিৰ্মাণ কৰা লোকসকলৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰক্ষীক কয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক