--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ মন্দিৰ চৌহদত প্ৰেমৰ প্ৰস্তাৱ দি বাবে সমস্যাত পৰিছে এহাল প্ৰেমিক-প্ৰেমিকা। তেওঁলোকৰ বিৰুদ্ধে আইনী পদক্ষেপো লোৱা হৈছে। তাৰপাছতে প্ৰেমিক-প্ৰেমিকাহালক সমৰ্থন জনাইছে ৰবীনা টেণ্ডনে। 

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে কেদাৰনাথ মন্দিৰৰ সমীপত প্ৰেমিকৰ সৈতে খোজ কাঢ়ি যোৱা দেখা গৈছে এগৰাকী যুৱতী। তাই আঁঠু কাঢ়ি প্ৰেমিকক এটা আঙঠিৰে এজন যুৱকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। এই ভিডিঅ’টোৱে সমাজৰ একাংশৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল। উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত উত্তৰাখণ্ড আৰক্ষীয়ে কয় যে সেই ভিডিঅ’ আৰু ৰিলৰ শ্বুটিংৰ বিৰুদ্ধে “ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

তাৰপাছতে বলিউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনে দম্পতীহালক সমৰ্থন আগবঢ়াই কয়- ''কেতিয়াৰ পৰা আমাৰ ভগৱানে প্ৰেমৰ বিৰোধিতা কৰিলে?’’


ইনষ্টাগ্ৰামত ৰবীনাই লিখিছে- “প্ৰেমৰ এই মুহূৰ্তটোক পবিত্ৰ কৰিব বিচৰা এজন ভক্তৰ বিৰুদ্ধে ভগৱানে কেতিয়া থিয় দিলে? হয়তো প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত পশ্চিমীয়া পদ্ধতি আৰু সংস্কৃতি অধিক নিৰাপদ।’’

উল্লেখ্য যে প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ’টোৰ ব্যতিক্ৰম গ্ৰহণ কৰি মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীলৈ পত্ৰ লিখি মন্দিৰ চৌহদত ভিডিঅ’ নিৰ্মাণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। কমিটীয়ে কয় যে এই ভিডিঅ’সমূহে “স্থানৰ ধৰ্মীয় পবিত্ৰতাত নেতিবাচক প্ৰভাৱ পেলায়।”

যদিও সেই পত্ৰত প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ’টোৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা নাই, তথাপিও চৌহদত ভিডিঅ’ নিৰ্মাণ কৰা লোকসকলৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰক্ষীক কয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু