--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: ৰাতি শোৱাৰ আগতে ভৰি দুখন ভাগৰি পৰে। যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে চিন্তা নকৰিব। আচলতে গোটেই দিনটোৰ হেঁচা ল’ব নোৱাৰাৰ বাবেই আমাৰ ভৰি দুখন ভাগৰি পৰে। সময়মতে প্ৰতিকাৰ নকৰিলে সমস্যাটো আৰু বেছি ভয়াৱহ হৈ পৰে। ঘৰতে ভৰিৰ ভাগৰ পৰা পৰিত্ৰাণ পাওক। কিন্তু কেনেকৈ? জানো আহক: 

১) সৰিয়হ তেলেৰে মালিচ কৰক - ভৰিৰ বিষ কমাবলৈ সৰিয়হ তেল উপযোগী। সৰিয়হ তেল গৰম কৰি ৰাতি ভৰি দুখন ভালদৰে মালিচ কৰক। বিষৰ পৰা উপশম পাব।

২) এপ'ল চাইডাৰ ভিনেগাৰ আৰু মৌ-  ভৰিৰ বিষ কমাবলৈ এপ'ল চাইডাৰ ভিনেগাৰ অতি ফলপ্ৰসূ। ইয়াত বিষনাশক উপাদান থাকে যিয়ে ভৰিৰ ফুলা আৰু বিষ কমোৱাত সহায় কৰে। একাপত দুচামুচ আপেল চাইডাৰ ভিনেগাৰ আৰু আধা চামুচ মৌ মিহলাই খালী পেটত খাব লাগে। বিষৰ পৰা সকাহ পাওক।

৩) মেথি – মেথিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। যিয়ে বিষ নিৰাময়কাৰী হিচাপে কাম কৰে। ইয়াৰ বাবে এচামুচ মেথি তিয়াই ৰাতিটো ৰাখিব লাগে। ৰাতিপুৱা খালী পেটত খাব লাগে। এচামুচ মেথিৰ গুটিও দিনে এবাৰ বা দুবাৰ চোবাই খাব পাৰে। ভৰিৰ বিষৰ পৰাও মুক্তি পাব পাৰে।

৪) দৈনিক যোগ - দৈনিক যোগাভ্যাস কৰিলে ভৰিৰ বিষৰ পৰা উপশম পাব পাৰি যোগাসন কৰিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। শৰীৰ নমনীয় হৈ পৰে। গতিকে ভৰি দুখনত বা শৰীৰৰ যিকোনো ঠাইত বিষ হ’লে যোগাসনক আপোনাৰ দৈনন্দিন কাৰ্যসূচীৰ অংশ হিচাপে গঢ়ি তোলক। 

৫) ঠাণ্ডা আৰু গৰম কম্প্ৰেছ – বৰফে যথেষ্ট বিষৰ পৰা উপশম দিয়ে ভৰিত বৰফ লগালে বিষ কমি যায় যিকোনো বেগত বৰফ ভৰাই ভৰিৰ বিষ হোৱা অংশত লগাওক।

উষ্ণ কম্প্ৰেছও ফলপ্ৰসূ কম্প্ৰেছ বেগত গৰম পানী লগাব লাগে সকাহ পাওক। কি ধৰণৰ কম্প্ৰেছ প্ৰয়োগ কৰিব লাগে সেয়া বিষৰ ওপৰত নিৰ্ভৰ কৰে। দুৰ্বল ৰক্তসঞ্চালন বাবে হোৱা বিষৰ কাৰণে গৰম কম্প্ৰেছ ব্যৱহাৰ কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ