--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভিটামিন-‘ডি’ স্বাস্থ্যৰ বাবে অন্যতম প্ৰয়োজনীয় উপাদান। ইয়াৰ প্ৰয়োজন কেৱল হাড়, দাঁত আৰু পেশীৰ বাবেই নহয়, শৰীৰত কেলচিয়াম আৰু ফছফৰাছৰ অটুট ৰখাটো সহায় কৰে। কিন্তু আমি সকলোৱে জানো যে সূৰ্যৰ পোহৰ হৈছে ভিটামিন-ডিৰ উত্তম উৎস। সেইবাবেই ইয়াক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়। কিন্তু সূৰ্য্যই কেনেকৈ ভিটামিন-ডি দিয়ে সেয় কথা জনাটো অতি গুৰুত্বপূৰ্ণ। ভিটামিন-ডি ৰ’দৰ পৰা নিৰ্গত হৈ মানুহৰ শৰীৰলৈ কেনেকৈ যায় জানো আহক।

এইদৰেই সূৰ্য্যৰ পৰা ভিটামিন-ডি পোৱা যায়-

পুষ্টিবিদ লুক ক’টিনহ’ই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক প্ৰশ্নৰ উত্তৰ দি কয় যে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন-ডি পোনে পোনে পোৱা নাযায়। বৰঞ্চ মানুহৰ শৰীৰে নিজেই ভিটামিন-ডি উৎপন্ন কৰে। যেতিয়া ছালখন সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহে আৰু সংশ্লেষণৰ সূচনা সময়তে ভিটামিন-ডি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াত যকৃৎ, বৃক্কৰো ভূমিকা আছে।

এই সময়ত সূৰ্যৰ পোহৰ পৰিহাৰ কৰক-

ৰ’দৰ পৰা ভিটামিন-ডি উৎপন্ন কৰিবলৈ হ’লে ব্যক্তিজনৰ ছালখন পোনপটীয়াকৈ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিব লাগে। কিন্তু ইয়াত এইটোও মনত ৰখাটো গুৰুত্বপূৰ্ণ যে সূৰ্য্যৰ উজ্জ্বল পোহৰত পোনে পোনে বহিব নালাগে। প্ৰবল সূৰ্যৰ পোহৰে ছালখন বেয়াকৈ ক্ষতি কৰাৰ লগতে গুৰুতৰ ৰোগো হ’ব পাৰে।

 সূৰ্যৰ পোহৰ লোৱাটোও নিৰ্ভৰ কৰে আপুনি কোনখন দেশত বাস কৰিছে তাৰ ওপৰত। বিভিন্ন দেশত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ তাৰ দিশ অনুসৰি বেলেগ বেলেগ হয়। কমেও ১৫ মিনিটৰ পৰা এঘণ্টালৈকেহে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ প্ৰয়োজন। ইয়াতকৈ বেছি বহিলে ক্ষতি হ’ব পাৰে।

 ভিটামিন-ডি উপকাৰীঃ-ব্ৰিটেইনৰ নেচনেল হেল্থ চাৰ্ভিচ (NHS)ৰ মতে ভিটামিন-ডিয়ে শৰীৰত থকা কেলচিয়াম আৰু ফছফেটৰ পৰিমাণ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কাম কৰে। হাড়, দাঁত আৰু পেশী সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। এন এইচ এছৰ তথ্য অনুসৰি ভিটামিন-ডিৰ অভাৱত শিশুৰ হাড়ৰ ৰোগ যেনে-ৰিকেটৰ ৰোগ হ’ব পাৰে। অষ্টিঅ’মেলেচিয়া নামৰ অৱস্থাৰ বাবে প্ৰাপ্তবয়স্কৰ হাড়ৰ বিষ হ’ব পাৰে। ভিটামিন-ডিৰ অভাৱত ভাগৰুৱা, হাড়ৰ বিষ, মেজাজৰ সমস্যা, চুলি সৰা, পেশীৰ দুৰ্বলতা, ভোক কমি যোৱা, সঘনাই অসুস্থ হোৱা আদি বহুতো লক্ষণে দেখা দিব পাৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু