--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভিটামিন-‘ডি’ স্বাস্থ্যৰ বাবে অন্যতম প্ৰয়োজনীয় উপাদান। ইয়াৰ প্ৰয়োজন কেৱল হাড়, দাঁত আৰু পেশীৰ বাবেই নহয়, শৰীৰত কেলচিয়াম আৰু ফছফৰাছৰ অটুট ৰখাটো সহায় কৰে। কিন্তু আমি সকলোৱে জানো যে সূৰ্যৰ পোহৰ হৈছে ভিটামিন-ডিৰ উত্তম উৎস। সেইবাবেই ইয়াক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়। কিন্তু সূৰ্য্যই কেনেকৈ ভিটামিন-ডি দিয়ে সেয় কথা জনাটো অতি গুৰুত্বপূৰ্ণ। ভিটামিন-ডি ৰ’দৰ পৰা নিৰ্গত হৈ মানুহৰ শৰীৰলৈ কেনেকৈ যায় জানো আহক।

এইদৰেই সূৰ্য্যৰ পৰা ভিটামিন-ডি পোৱা যায়-

পুষ্টিবিদ লুক ক’টিনহ’ই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক প্ৰশ্নৰ উত্তৰ দি কয় যে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন-ডি পোনে পোনে পোৱা নাযায়। বৰঞ্চ মানুহৰ শৰীৰে নিজেই ভিটামিন-ডি উৎপন্ন কৰে। যেতিয়া ছালখন সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহে আৰু সংশ্লেষণৰ সূচনা সময়তে ভিটামিন-ডি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াত যকৃৎ, বৃক্কৰো ভূমিকা আছে।

এই সময়ত সূৰ্যৰ পোহৰ পৰিহাৰ কৰক-

ৰ’দৰ পৰা ভিটামিন-ডি উৎপন্ন কৰিবলৈ হ’লে ব্যক্তিজনৰ ছালখন পোনপটীয়াকৈ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিব লাগে। কিন্তু ইয়াত এইটোও মনত ৰখাটো গুৰুত্বপূৰ্ণ যে সূৰ্য্যৰ উজ্জ্বল পোহৰত পোনে পোনে বহিব নালাগে। প্ৰবল সূৰ্যৰ পোহৰে ছালখন বেয়াকৈ ক্ষতি কৰাৰ লগতে গুৰুতৰ ৰোগো হ’ব পাৰে।

 সূৰ্যৰ পোহৰ লোৱাটোও নিৰ্ভৰ কৰে আপুনি কোনখন দেশত বাস কৰিছে তাৰ ওপৰত। বিভিন্ন দেশত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ তাৰ দিশ অনুসৰি বেলেগ বেলেগ হয়। কমেও ১৫ মিনিটৰ পৰা এঘণ্টালৈকেহে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ প্ৰয়োজন। ইয়াতকৈ বেছি বহিলে ক্ষতি হ’ব পাৰে।

 ভিটামিন-ডি উপকাৰীঃ-ব্ৰিটেইনৰ নেচনেল হেল্থ চাৰ্ভিচ (NHS)ৰ মতে ভিটামিন-ডিয়ে শৰীৰত থকা কেলচিয়াম আৰু ফছফেটৰ পৰিমাণ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কাম কৰে। হাড়, দাঁত আৰু পেশী সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। এন এইচ এছৰ তথ্য অনুসৰি ভিটামিন-ডিৰ অভাৱত শিশুৰ হাড়ৰ ৰোগ যেনে-ৰিকেটৰ ৰোগ হ’ব পাৰে। অষ্টিঅ’মেলেচিয়া নামৰ অৱস্থাৰ বাবে প্ৰাপ্তবয়স্কৰ হাড়ৰ বিষ হ’ব পাৰে। ভিটামিন-ডিৰ অভাৱত ভাগৰুৱা, হাড়ৰ বিষ, মেজাজৰ সমস্যা, চুলি সৰা, পেশীৰ দুৰ্বলতা, ভোক কমি যোৱা, সঘনাই অসুস্থ হোৱা আদি বহুতো লক্ষণে দেখা দিব পাৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক