--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ স্নায়ুবিজ্ঞান বিভাগৰ গৱেষকসকলে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি ৪ মিনিটৰ মূৰে মূৰে ষ্ট্ৰোকত কমেও এজন লোকৰ মৃত্যু হয়। শেহতীয়াকৈ হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাও বৃদ্ধি পাইছে। বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ মাজত হৃদৰোগৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় ১ লাখ ৮৫ হাজাৰ লোক ষ্ট্ৰোকত মৃত্যু হয়। প্ৰতি ৪০ ছেকেণ্ডৰ মূৰে মূৰে ষ্ট্ৰোক হোৱাৰ দৰে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ‘গ্ল’বেল বাৰ্ডেন অব ডিজিজ’ৰ তথ্য অনুসৰি ভাৰতত ষ্ট্ৰোকৰ হাৰ ৬৮.৬ শতাংশ। ষ্ট্ৰোকৰ ফলত মৃত্যুৰ হাৰ ৭০.৯ শতাংশ আৰু ৭৭.৭ শতাংশই ষ্ট্ৰোকৰ বাবে পক্ষাঘাতগ্ৰস্ত হৈ কৰ্মক্ষমতা হেৰুৱাবলগীয়া হয়।

উল্লেখ্য যে সাধাৰণতে বয়সৰ লগে লগে এই ধৰণৰ ৰোগ হয় বুলি ভবা হয় যদিও বিশেষজ্ঞৰ মতে অসুখৰ কোনো বয়সৰ নাথাকে। কম বয়সতো ষ্ট্ৰোক হ’ব পাৰে। আনকি ২০ বছৰীয়া যুৱক-যুৱতীৰো ষ্ট্ৰোক হোৱাৰ আশংকা থাকে। দৈনন্দিন কিছুমান অভ্যাসে ষ্ট্ৰোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

অস্বাস্থ্যকৰ খাদ্য খোৱাঃ-স্বাস্থ্যসন্মত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা ৮০ শতাংশ হ্ৰাস কৰিব পাৰে। অতিৰিক্ত নিমখ, চেনি আৰু চৰ্বিযুক্ত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰলৰ আশংকাও বৃদ্ধি কৰিব পাৰে।

পৰিশ্ৰম হ্ৰাস কৰাঃ-শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু দিনটো বহি থাকিলে এই ৰোগ হয়। বহি থকা জীৱনশৈলীৰ ফলত ওজন বৃদ্ধি পায়, পেশী আৰু হাড়ৰ ক্ষমতা হ্ৰাস পায়। ইয়াৰ লগতে বিপাকীয় হাৰত নেতিবাচক প্ৰভাৱ পেলায়।

ধূমপান কৰাঃ-ধূমপানৰ ফলত শৰীৰত বহুতো ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰে আৰু ইয়াৰ ধোঁৱায়ে শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, ফলত হাওঁফাওঁৰ লগতে ৰক্ত সঞ্চালন তন্ত্ৰও ক্ষতিগ্ৰস্ত হয়।

মদ্যপান কৰাঃ-অত্যধিক মদ্যপান অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। মদ্যপানে শিৰা আৰু ধমনীসমূহৰ স্থিতিস্থাপকতাত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে, ফলত ষ্ট্ৰোকৰ অন্যতম প্ৰধান কাৰণ হৈ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক