--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ স্নায়ুবিজ্ঞান বিভাগৰ গৱেষকসকলে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি ৪ মিনিটৰ মূৰে মূৰে ষ্ট্ৰোকত কমেও এজন লোকৰ মৃত্যু হয়। শেহতীয়াকৈ হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাও বৃদ্ধি পাইছে। বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ মাজত হৃদৰোগৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় ১ লাখ ৮৫ হাজাৰ লোক ষ্ট্ৰোকত মৃত্যু হয়। প্ৰতি ৪০ ছেকেণ্ডৰ মূৰে মূৰে ষ্ট্ৰোক হোৱাৰ দৰে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ‘গ্ল’বেল বাৰ্ডেন অব ডিজিজ’ৰ তথ্য অনুসৰি ভাৰতত ষ্ট্ৰোকৰ হাৰ ৬৮.৬ শতাংশ। ষ্ট্ৰোকৰ ফলত মৃত্যুৰ হাৰ ৭০.৯ শতাংশ আৰু ৭৭.৭ শতাংশই ষ্ট্ৰোকৰ বাবে পক্ষাঘাতগ্ৰস্ত হৈ কৰ্মক্ষমতা হেৰুৱাবলগীয়া হয়।

উল্লেখ্য যে সাধাৰণতে বয়সৰ লগে লগে এই ধৰণৰ ৰোগ হয় বুলি ভবা হয় যদিও বিশেষজ্ঞৰ মতে অসুখৰ কোনো বয়সৰ নাথাকে। কম বয়সতো ষ্ট্ৰোক হ’ব পাৰে। আনকি ২০ বছৰীয়া যুৱক-যুৱতীৰো ষ্ট্ৰোক হোৱাৰ আশংকা থাকে। দৈনন্দিন কিছুমান অভ্যাসে ষ্ট্ৰোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

অস্বাস্থ্যকৰ খাদ্য খোৱাঃ-স্বাস্থ্যসন্মত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা ৮০ শতাংশ হ্ৰাস কৰিব পাৰে। অতিৰিক্ত নিমখ, চেনি আৰু চৰ্বিযুক্ত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰলৰ আশংকাও বৃদ্ধি কৰিব পাৰে।

পৰিশ্ৰম হ্ৰাস কৰাঃ-শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু দিনটো বহি থাকিলে এই ৰোগ হয়। বহি থকা জীৱনশৈলীৰ ফলত ওজন বৃদ্ধি পায়, পেশী আৰু হাড়ৰ ক্ষমতা হ্ৰাস পায়। ইয়াৰ লগতে বিপাকীয় হাৰত নেতিবাচক প্ৰভাৱ পেলায়।

ধূমপান কৰাঃ-ধূমপানৰ ফলত শৰীৰত বহুতো ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰে আৰু ইয়াৰ ধোঁৱায়ে শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, ফলত হাওঁফাওঁৰ লগতে ৰক্ত সঞ্চালন তন্ত্ৰও ক্ষতিগ্ৰস্ত হয়।

মদ্যপান কৰাঃ-অত্যধিক মদ্যপান অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। মদ্যপানে শিৰা আৰু ধমনীসমূহৰ স্থিতিস্থাপকতাত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে, ফলত ষ্ট্ৰোকৰ অন্যতম প্ৰধান কাৰণ হৈ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু