--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন এ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। আমাৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাত ভিটামিন এৰ বহুত অৱদান আছে। প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই এই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। ভিটামিন এৰ অভাৱ হলে চকুৰ দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ বাবে কুকুৰীকণা ৰোগ বা অন্ধ হোৱাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱে জনাইছে কোনবোৰ শাক-পাচলি খালে ভিটামিন এৰ কেতিয়াও অভাৱ নহয়।

ভিটামিন এ থকা পাচলি

১) ব্ৰকলি- ব্ৰকলি এবিধ অতি পুষ্টিকৰ পাচলি। ইয়াক খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। অন্যান্য পুষ্টিও দেহে পায় ব্ৰকলি খালে।

২) গাজৰ- গাজৰ যদিও এক শীতকালীন পাচলি, কিন্তু বছৰজুৰি ইয়াক বজাৰত পোৱা যায়। গাজৰ খালে ভিটামিন এ ভালদৰে পোৱা যায়। সেয়েহে গাজৰ খালে চকুৰ কাৰণে বৰ ভাল।

৩) ৰঙালাও- ৰঙালাও এনে এক পাচলি যিটো প্ৰায়ে ভাৰতীয় পাকঘৰত ৰন্ধা হয়। ৰঙালাওত ভিটামিন এৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে খাদ্য তালিকাত ইয়াক নিশ্চয় অন্তৰ্ভুক্ত কৰক।

৪) পালেং শাক- সেউজীয়া পাতৰ শাকৰ ভিতৰত পালেঙক স্বাস্থ্যৰ সম্পদ বুলি গণ্য কৰা হয়। ই কেৱল আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰাই নহয়, বহু ৰোগৰ পৰাও আমাক ৰক্ষা কৰে। যদি আপুনি পালেং শাক খায়, তেন্তে শৰীৰে ভিটামিন এ ভালদৰে লাভ কৰিব।

৫) মিঠা আলু- মিঠা আলুত বিটা-কেৰটিনৰ ৰূপত ভিটামিন এ থাকে, যিয়ে এ এম ডিৰ পৰা সুৰক্ষা প্ৰদান কৰে বুলি জনা যায়। এটা গোটা মিঠা আলু সিজাই খালে শৰীৰে ভালদৰে ভিটামিন এ লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement