--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন আৰু খনিজ পদাৰ্থই আমাৰ দেহটোক সক্ৰিয় কৰি ৰাখে। আন ভিটামিনৰ লগতে ভিটামিন ইৰ অভাৱত আমাৰ দেহত স্নায়ুজনিত সমস্যাৰ লগতে চুলি, দাঁত আদিৰ সমস্যায়ো দেখা দিব পাৰে৷  ভিটামিন ই-ৰ অভাৱ হ’লে  হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

সেয়ে ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। 
ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।

ভিটামিন ই চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে, দৃষ্টিশক্তি দুৰ্বল হৈ পৰে।

বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। 

ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ