--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভিত্তিহীন অভিযোগত প্ৰতিচ্ছবি ক্ষতিগ্ৰস্ত হৈছে নৱাজুদ্দিন ছিদ্দিকীৰ । এই অভিযোগত নৱাজুদ্দিন ছিদ্দিকীয়ে আন এক পদক্ষেপ গ্ৰহণ কৰে। অভিনেতাৰ অধিবক্তা সুনীল কুমাৰে তেওঁৰ প্ৰাক্তন পত্নী আৰু ভাতৃৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।

অধিবক্তাগৰাকীৰ দাবী অনুসৰি ২০০৮ চনৰ পৰাই নৱাজৰ ৱৰ্ক এংগেজমেণ্ট আৰম্ভ হৈছিল। সেই সময়ত অভিনেতাজনৰ ভাতৃ ছামছুদ্দিন নিবনুৱা আছিল। গতিকে তেওঁৰ মেনেজাৰ হিচাপে চাকৰি এটা দিলে। শ্বামছুদ্দিনে সেই সময়ত অভিনেতাজনৰ বেংক একাউণ্ট, জি এছ টি, কৰ সম্পৰ্কীয় সকলো কাম চম্ভালি আছিল। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ভাতৃৰ হাতত তুলি দি নৱাজে অভিনয়ৰ জগতখনত ডুব গ’ল।

অভিযোগ অনুসৰি সেই উপলক্ষে শ্বামছুদ্দিনে অভিনেতাজনক প্ৰতাৰণা কৰিছিল। লগতে অভিনেতাজনৰ ধনেৰে যৌথ মালিকীস্বত্বত ইটোৰ পিছত সিটো সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদ কৰাৰ বাবেই অভিনেতাজনৰ ভাতৃ বিচলিত হৈ পৰে। ইয়াৰ পাছতেই তেওঁৰ প্ৰাক্তন পত্নী অঞ্জনা পাণ্ডয়েও অভিনেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।

অভিযোগ অনুসৰি দুয়োজনে অভিনেতাজনৰ নামত ছচিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰৰ ষড়যন্ত্ৰ কৰিছিল। ততাতৈয়াকৈ নৱাজৰ অধিবক্তাই প্ৰাক্তন পত্নী অঞ্জন পাণ্ডে আৰু ভাতৃ শ্বামছুদ্দিনৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি মানহানিৰ গোচৰ তৰে। ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু হৈছে। অভিনেতাজনৰ অধিবক্তাই দাবী কৰিছে যে তেওঁলোকে লিখিতভাৱে ক্ষমা খুজিব লাগে। ৩০ মাৰ্চত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়