--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভিত্তিহীন অভিযোগত প্ৰতিচ্ছবি ক্ষতিগ্ৰস্ত হৈছে নৱাজুদ্দিন ছিদ্দিকীৰ । এই অভিযোগত নৱাজুদ্দিন ছিদ্দিকীয়ে আন এক পদক্ষেপ গ্ৰহণ কৰে। অভিনেতাৰ অধিবক্তা সুনীল কুমাৰে তেওঁৰ প্ৰাক্তন পত্নী আৰু ভাতৃৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।

অধিবক্তাগৰাকীৰ দাবী অনুসৰি ২০০৮ চনৰ পৰাই নৱাজৰ ৱৰ্ক এংগেজমেণ্ট আৰম্ভ হৈছিল। সেই সময়ত অভিনেতাজনৰ ভাতৃ ছামছুদ্দিন নিবনুৱা আছিল। গতিকে তেওঁৰ মেনেজাৰ হিচাপে চাকৰি এটা দিলে। শ্বামছুদ্দিনে সেই সময়ত অভিনেতাজনৰ বেংক একাউণ্ট, জি এছ টি, কৰ সম্পৰ্কীয় সকলো কাম চম্ভালি আছিল। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ভাতৃৰ হাতত তুলি দি নৱাজে অভিনয়ৰ জগতখনত ডুব গ’ল।

অভিযোগ অনুসৰি সেই উপলক্ষে শ্বামছুদ্দিনে অভিনেতাজনক প্ৰতাৰণা কৰিছিল। লগতে অভিনেতাজনৰ ধনেৰে যৌথ মালিকীস্বত্বত ইটোৰ পিছত সিটো সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদ কৰাৰ বাবেই অভিনেতাজনৰ ভাতৃ বিচলিত হৈ পৰে। ইয়াৰ পাছতেই তেওঁৰ প্ৰাক্তন পত্নী অঞ্জনা পাণ্ডয়েও অভিনেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।

অভিযোগ অনুসৰি দুয়োজনে অভিনেতাজনৰ নামত ছচিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰৰ ষড়যন্ত্ৰ কৰিছিল। ততাতৈয়াকৈ নৱাজৰ অধিবক্তাই প্ৰাক্তন পত্নী অঞ্জন পাণ্ডে আৰু ভাতৃ শ্বামছুদ্দিনৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি মানহানিৰ গোচৰ তৰে। ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু হৈছে। অভিনেতাজনৰ অধিবক্তাই দাবী কৰিছে যে তেওঁলোকে লিখিতভাৱে ক্ষমা খুজিব লাগে। ৩০ মাৰ্চত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ