--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ পাঁচ বছৰৰ পাছতো তেওঁলোকৰ প্ৰেম কমি যোৱা নাই। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ৰেড কাৰ্পেটৰ পৰা আৰম্ভ কৰি ইভেণ্ট বা পাৰ্টিলৈকে সকলোতে ইজনে সিজনৰ হাতত ধৰি থকা দেখা যায়। একেলগে গৈ মন্দিৰ বা আশ্ৰমতো পূজা কৰে। কিন্তু শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক এক অনুষ্ঠানত অকলে দেখা গ’ল।

অনুষ্ঠানত ৰেড কাৰ্পেটত ক’লা পোছাক আৰু সাপৰ হাৰ পিন্ধি অনুষ্কা আবিৰ্ভাৱ হয়। অনুষ্কাই ৰেড কাৰ্পেটত ভৰি দিয়াৰ লগে লগে ফটোগ্ৰাফাৰসকলে ফটো তুলিবলৈ আগ্ৰহী হৈ পৰিল। কিন্তু সেই ৰেড কাৰ্পেটখনত এটা অদ্ভুত কথা ঘটিল। অনুষ্কাই কেমেৰাৰ সন্মুখলৈ অহাৰ লগে লগে ফটোগ্ৰাফাৰসকলে ‘মিচেছ কোহলী’ বুলি চিঞৰি উঠিল। অনুষ্কা সেইটোতে অসন্তুষ্ট হৈ পৰিল। অনুষ্কাই সিহঁতক ক'লে, "মই কাণেৰে শুনিব নোৱাৰা হৈছো। লাহে লাহে কথা কওক!'’

অনুষ্কাৰে এইদৰে কৈ স্পষ্ট কৰি দিয়ে যে 'মিচেছ কোহলী' বুলি সম্বোধন কৰাত তাইৰ খং হোৱা নাছিল। বৰঞ্চ কেমেৰামেনৰ চিঞৰ-বাখৰত বিৰক্ত হৈ পৰিল অভিনেত্ৰীগৰাকী। ইয়াৰ পিছতো কেমেৰাৰ সন্মুখত হাঁহি হাঁহি ৰেড কাৰ্পেটৰ পৰা আঁতৰি যায় অভিনেত্ৰীগৰাকী।

অনুষ্কাক ‘মিচেছ কোহলী’ বুলি সম্বোধন কৰাৰ প্ৰতিক্ৰিয়াই অনুৰাগীৰ মনত একে প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু বিয়াৰ পাঁচ বছৰৰ পাছতো যে অনুষ্কা-বিৰাটৰ প্ৰেম পূৰ্ণগতিত চলিছে, সেই কথা স্পষ্ট হৈ পৰিল অনুষ্ঠানটোৰ সমগ্ৰ ভিডিঅ’টো ওলোৱাৰ পিছতহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক