--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠ কাৰ্যসূচীক লৈ সমগ্ৰ দেশতে উৎসাহৰ শেষ নাই। ৰাম ভক্তসকলেও মানুহক এই বিশাল অনুষ্ঠানৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছে। প্ৰয়াগৰাজত ভগৱান ৰামৰ এজন ভক্ত আছে, যিয়ে মানুহক ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ  এক অনন্য উপায়েৰে  আমন্ত্ৰণ জনাইছে। এই ভক্তগৰাকীয়ে মন্দিৰৰ এটা আৰ্হি  মূৰত লৈ মানুহৰ কাষলৈ গৈছে আৰু মানুহক অয্যধ্যালৈ আমন্ত্ৰণ জনাইছে।  


তেওঁ মানুহক ৰাম মন্দিৰৰ বিষয়েও বহলাই  কৈ গৈছে।উল্লেখ্য  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অহা বছৰৰ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।  এয়া হ’ব  দেশৰ বাবে এক ঐতিহাসিক দিন।

অযোধ্যাত পূৰ্ণ গতিত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে  এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল ।

তেতিয়াৰে  পৰা ২০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক