--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য নীতি হৈছে আচাৰ্য চাণক্যৰ লিখি থৈ যোৱা কেতবোৰ নীতি৷  প্ৰায় ২৫০০ বছৰ আগতেই  চাণক্যই মানৱ জীৱনৰ বিভিন্ন বিষয়ত পৰামৰ্শ দি থৈ গৈছে। তেওঁৰ বিভিন্ন পৰামৰ্শ আজিও আমাৰ জীৱনত সমানে প্ৰাসংগিক। ইয়াত আমি জীৱনৰ চাৰিটা ৰহস্যৰ বিষয়ে আলোচনা কৰিম৷  যিবোৰে আন কাকো কেতিয়াও ক’ব নালাগে বুলি চাণক্যই পৰামৰ্শ দি থৈ গৈছে। 

তেওঁৰ মতে, প্ৰতিজন ব্যক্তিৰ জীৱনত নিজৰ বিষয়ে কিছুমান গোপন কথা থাকে৷  যিবোৰ কোনেও কেতিয়াও পাহৰিব নালাগে। প্ৰাচীন কালৰ এজন বিশিষ্ট কূটনীতিবিদ আৰু অৰ্থনীতিবিদ চাণক্য বা কৌটিল্যৰ বহুতো পৰামৰ্শ এতিয়াও আমাৰ জীৱনত কাৰ্যকৰী হৈ আছে।  বিভিন্ন পৰিস্থিতিৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া কৰিব লাগে তাৰ স্পষ্ট নিৰ্দেশনাও তেওঁৰ আছে। আচাৰ্যই কয় যে এজন মুক্ত মনৰ ব্যক্তি হোৱাটো নিশ্চিতভাৱে ভাল। কিন্তু আপুনি কেতিয়াও নিজৰ বিষয়ে সকলো কথা সকলোকে ক'ব নালাগে। ফলস্বৰূপে, লাভতকৈ অধিক লোকচানহে হ’ব পাৰে। যদি আপুনি এই গোপন কথাবোৰ আন কাৰোবাক কয়, আপোনাৰ সমস্যা বৃদ্ধি হ'ব। চাণক্যই কাকো কি ক'বলৈ নিষেধ কৰি গৈছে  চাওঁ আহক-

বিত্তীয় লোকচান

আচাৰ্য চাণক্যৰ মতে  কেতিয়াও  কাকো লোক এজনে তেওঁৰ আৰ্থিক লোকচানৰ বিষয়ে ক’ব নালাগে। চাণক্যই কৈছিল যে যিসকলে তেওঁলোকৰ বিত্তীয় সংকটৰ বিষয়েআন লোকৰ সৈতে আলোচনা কৰে, তেওঁলোকৰ অসহায় অৱস্থা  কেতিয়াও শেষ নহ'ব। যদি আপুনি বাহিৰৰ কাৰোবাৰ সৈতে আপোনাৰ আৰ্থিক দুৰ্দশাৰ বিষয়ে আলোচনা কৰে আপুনি সেই দ্বিতীয় ব্যক্তিজনৰ পৰা আৰ্থিক সহায় নাপায়, ইয়াৰ বিপৰীতে সেই ব্যক্তিজনে আপোনাৰ দুৰ্দশাৰ সুযোগ ল'ব পাৰে। সমস্যাটোৰ বিষয়ে জানি তেওঁ আপোনাৰ সৈতে দূৰত্ব বৃদ্ধি কৰিব পাৰে।

বিবাহিত জীৱনৰ সমস্যা

আপোনাৰ জীৱনসংগী আপোনাৰ মনৰ মতে  নহ'বও পাৰে। কিন্তু বাহিৰৰ কাৰো সৈতে এই বিষয়ে আলোচনা কৰিব নালাগে৷ এজন তৃতীয় ব্যক্তিক কেতিয়াও বৈবাহিক অশান্তি বা মতবিৰোধৰ কথা   জানিবলৈ দিয়া উচিত নহয়। লগতে যদি আপোনাৰ স্বামী বা পত্নীৰ কোনো গোপনীয়তা বা দুৰ্বলতা আছে, আন কাকো কেতিয়াও সেয়া  জনাব নালাগে৷  আনকি আন লোকসকলে আপোনাৰ সন্মুখত আপোনাৰ প্ৰতি সহানুভূতি দেখুৱালেও তেওঁলোকে পিছত  আপোনাক লৈ  হাঁহিব। কেৱল সেয়াই নহয়, ই বৈবাহিক সম্পৰ্ককো অপমান কৰে আৰু যদি আপোনাৰ সঙ্গীয়ে এই বিষয়ে জানিব পাৰে সম্পৰ্কৰ তিক্ততা আৰু বৃদ্ধি পাব।

আনে কৰা অপমানৰ কথা আনক জনাব নালাগে

চাণক্যই কৈছিল যে যদি কোনোবাই কেতিয়াবা আপোনাক অপমান কৰে ঘটনাটোৰ বিষয়ে  আনক কোৱাৰ কোনো প্ৰয়োজন নাই। সেয়া নিজৰ মাজতে গোপনে  ৰাখিব। আপোনাৰ অপমানৰ বিষয়ে আন কাৰোবাক কোৱাৰ অৰ্থ হৈছে যে আপুনি সেই ব্যক্তিজনৰ পৰাও কেতিয়াবা অপমানিত হ’ব পাৰে৷ 

আপোনাৰ সমস্যাবোৰ নিজৰ মাজতে ৰাখক
চাণক্য নীতি অনুসৰি, আপোনাৰ সমস্যাৰ বিষয়ে আন দহজন  লোকক নক'ব আৰু ইয়াক নিজৰ মাজতে  ৰাখিব। ইয়াৰ কাৰণ হৈছে বেছিভাগ সময়তে আন লোকে  আপোনাৰ সমস্যাবোৰৰ বিষয়ে শুনিব আৰু আপোনাৰ দুখত দুখ প্ৰকাশ কৰিব। কাৰণ সেইটো বেছিভাগ মানুহৰ চৰিত্ৰ। কিছুমানে আনকি আপোনাৰ বেয়া সময়ৰ সুবিধা ল'ব বিচাৰিব। গতিকে আপোনাৰ সমস্যাবোৰৰ বিষয়ে আন কাকো নক'ব , যেতিয়ালৈকে ই অতি প্ৰয়োজনীয় নহয়। চাণক্যই কয় যে যদি আপুনি আন কোনোবাই  সমস্যা সমাধান কৰিব বুলি আশা কৰে, তেন্তে আপুনি প্ৰতাৰণাৰ বলিও হ’ব পাৰে৷  আপুনি আপোনাৰ সমস্যাৰ সমাধান নিজেই কৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে