--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় নাগৰিক। ব্যৱসায়িক কাৰণত দেশখনলৈ যোৱা ভাৰতীয় ব্যক্তিগৰাকী নিৰুদ্দেশ হোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰে।

আনহাতে দেশখনৰ ভূমিকম্পপীড়িত আন অঞ্চলত দহগৰাকী ভাৰতীয় আৱদ্ধ হৈ আছে বুলিও চৰকাৰে সদৰী কৰিছে। অৱশ্যে আটাইকেইগৰাকী ব্যক্তি বৰ্তমান নিৰাপদ বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে।

ভাৰত চৰকাৰে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ পৰিয়াল আৰু তেওঁ কৰ্মৰত বেংগালুৰুস্থিত প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিছে বুলি বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই লগতে কয়।

উল্লেখ্য যে, কেইবাটাও প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত ১১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে আৰু স্বাভাৱিকতেই নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভূমিকম্প বিধ্বস্ত ছিৰিয়ালৈ ভাৰতে চিকিৎসা সামগ্ৰী আৰু সা-সঁজুলি যোগান ধৰাৰ লগতে ‘অপাৰেচন ডষ্ট’ৰ অধীনত তুৰস্কলৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন