--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় নাগৰিক। ব্যৱসায়িক কাৰণত দেশখনলৈ যোৱা ভাৰতীয় ব্যক্তিগৰাকী নিৰুদ্দেশ হোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰে।

আনহাতে দেশখনৰ ভূমিকম্পপীড়িত আন অঞ্চলত দহগৰাকী ভাৰতীয় আৱদ্ধ হৈ আছে বুলিও চৰকাৰে সদৰী কৰিছে। অৱশ্যে আটাইকেইগৰাকী ব্যক্তি বৰ্তমান নিৰাপদ বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে।

ভাৰত চৰকাৰে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ পৰিয়াল আৰু তেওঁ কৰ্মৰত বেংগালুৰুস্থিত প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিছে বুলি বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই লগতে কয়।

উল্লেখ্য যে, কেইবাটাও প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত ১১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে আৰু স্বাভাৱিকতেই নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভূমিকম্প বিধ্বস্ত ছিৰিয়ালৈ ভাৰতে চিকিৎসা সামগ্ৰী আৰু সা-সঁজুলি যোগান ধৰাৰ লগতে ‘অপাৰেচন ডষ্ট’ৰ অধীনত তুৰস্কলৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ