--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্পত বিধ্বস্ত তুৰস্ক, চিৰিয়ালৈ সহায়ৰ প্ৰতিশ্ৰুতি দিলে অভিনেত্ৰী  ছানী লিয়নে৷ ভূমিকম্পৰ ফলত তুৰস্ক আৰু চিৰিয়া বিধ্বস্ত হৈছে। এতিয়ালৈকে, ভূমিকম্পৰ ফলত ৪৭,০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷   ভুক্তভোগীসকলক সহায় কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য প্ৰদান কৰা হৈছে। এইবাৰ বলীউডৰ অভিনেত্ৰী ছানী লিয়নী  আগবাঢ়ি আহিছে আৰ্তজনৰ সহায়ৰ বাবে। তেওঁ কৈছে যে তেওঁ তেওঁৰ প্ৰসাধন কোম্পানীৰ উপাৰ্জনৰ এটা অংশ সাহায্য হিচাবে  দিব।


৬ ফেব্ৰুৱাৰীত তুৰস্কৰ কেন্দ্ৰীয় আৰু দক্ষিণ অংশ ভূমিকম্পত কঁপি উঠিছিল। উত্তৰ আৰু পশ্চিম চিৰিয়াতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৮ আছিল। প্ৰথম কম্পনৰ প্ৰায় ন ঘণ্টা পিছত তুৰস্কৰ উত্তৰ আৰু উত্তৰ-পূব অংশ পুনৰ জোকাৰি গৈছিল। সেই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৭ আছিল। ভূমিকম্পৰ পিছত সমগ্ৰ তুৰস্ক আৰু চিৰিয়াত ২,০০০ ৰো অধিক আফটাৰশ্বক অনুভৱ কৰা হৈছিল। এতিয়ালৈকে তুৰস্কত হোৱা ভূমিকম্পত ৪১,০০০ ৰো অধিক লোক নিহত   হৈছে। 


চিৰিয়াত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে। বলীউডৰ অভিনেত্ৰী এনে সময়তে  ছানী লিয়নী আৰু তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। দম্পতীহালে অভিনেত্ৰীগৰাকীৰ প্ৰসাধন কোম্পানী ষ্টাৰষ্ট্ৰাকৰ উপাৰ্জনৰ ১০ শতাংশ  দান কৰাৰ কথা ঘোষণা কৰিছে। ছ'চিয়েল মিডিয়াত এই কথা ঘোষণা কৰি ছানীয়ে লিখিছে, "ভূমিকম্পৰ পিছত আমি পুনৰ একেলগে থিয় হ'বলৈ সক্ষম হ'ম। এই সময়ত সকলোৱে ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ "

কেৱল ছানীয়েই নহয়, তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰও এই কামত তেওঁৰ কাষত আছে। ছ'চিয়েল মিডিয়াত বিত্তীয় সাহায্য ঘোষণা কৰাৰ পিছত ডেনিয়েলে লিখিছিল, "তুৰস্ক আৰু চিৰিয়াৰ লোকসকলে অতি কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিছে । মানৱতাৰ বাবে, আমি তেওঁলোকৰ কাষত থিয় দিয়া উচিত।" নেটিজেনসকলে ছানী লিয়ন আৰু ডেনিয়েলৰ সিদ্ধান্তৰ প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক