--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্পত বিধ্বস্ত তুৰস্ক, চিৰিয়ালৈ সহায়ৰ প্ৰতিশ্ৰুতি দিলে অভিনেত্ৰী  ছানী লিয়নে৷ ভূমিকম্পৰ ফলত তুৰস্ক আৰু চিৰিয়া বিধ্বস্ত হৈছে। এতিয়ালৈকে, ভূমিকম্পৰ ফলত ৪৭,০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷   ভুক্তভোগীসকলক সহায় কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য প্ৰদান কৰা হৈছে। এইবাৰ বলীউডৰ অভিনেত্ৰী ছানী লিয়নী  আগবাঢ়ি আহিছে আৰ্তজনৰ সহায়ৰ বাবে। তেওঁ কৈছে যে তেওঁ তেওঁৰ প্ৰসাধন কোম্পানীৰ উপাৰ্জনৰ এটা অংশ সাহায্য হিচাবে  দিব।


৬ ফেব্ৰুৱাৰীত তুৰস্কৰ কেন্দ্ৰীয় আৰু দক্ষিণ অংশ ভূমিকম্পত কঁপি উঠিছিল। উত্তৰ আৰু পশ্চিম চিৰিয়াতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৮ আছিল। প্ৰথম কম্পনৰ প্ৰায় ন ঘণ্টা পিছত তুৰস্কৰ উত্তৰ আৰু উত্তৰ-পূব অংশ পুনৰ জোকাৰি গৈছিল। সেই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৭ আছিল। ভূমিকম্পৰ পিছত সমগ্ৰ তুৰস্ক আৰু চিৰিয়াত ২,০০০ ৰো অধিক আফটাৰশ্বক অনুভৱ কৰা হৈছিল। এতিয়ালৈকে তুৰস্কত হোৱা ভূমিকম্পত ৪১,০০০ ৰো অধিক লোক নিহত   হৈছে। 


চিৰিয়াত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে। বলীউডৰ অভিনেত্ৰী এনে সময়তে  ছানী লিয়নী আৰু তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। দম্পতীহালে অভিনেত্ৰীগৰাকীৰ প্ৰসাধন কোম্পানী ষ্টাৰষ্ট্ৰাকৰ উপাৰ্জনৰ ১০ শতাংশ  দান কৰাৰ কথা ঘোষণা কৰিছে। ছ'চিয়েল মিডিয়াত এই কথা ঘোষণা কৰি ছানীয়ে লিখিছে, "ভূমিকম্পৰ পিছত আমি পুনৰ একেলগে থিয় হ'বলৈ সক্ষম হ'ম। এই সময়ত সকলোৱে ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ "

কেৱল ছানীয়েই নহয়, তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰও এই কামত তেওঁৰ কাষত আছে। ছ'চিয়েল মিডিয়াত বিত্তীয় সাহায্য ঘোষণা কৰাৰ পিছত ডেনিয়েলে লিখিছিল, "তুৰস্ক আৰু চিৰিয়াৰ লোকসকলে অতি কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিছে । মানৱতাৰ বাবে, আমি তেওঁলোকৰ কাষত থিয় দিয়া উচিত।" নেটিজেনসকলে ছানী লিয়ন আৰু ডেনিয়েলৰ সিদ্ধান্তৰ প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু