--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত খলনায়ক হিচাপে পৰিচিত আছিল চনু সুদ এতিয়া দেশ-বিদেশত এগৰাকী চৰ্চিত ব্যক্তি৷  কোভিডৰ সময়তে হওঁক বা কোভিডৰ পিছৰ সময়ছোৱাতেই হওঁক চনু সুদে নিজৰ গাঁঠিৰ ধন ভাঙি উদাৰচিত্তে দুখীয়া আৰু  বিপদত পৰা লোকক সহায় কৰি গৈছে৷ কোভিডৰ সময়ত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা শ্ৰমিকসকলক নিজৰ ৰাজ্যলৈ ঘূৰাই পঠিয়াবলৈ চনু সুদে সম্পূৰ্ণ নিজা খৰচত শ শ বাছ দিছিল৷ 

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দেশলৈ আনিবলৈ চনু সুদে নিজৰ খৰচত বিমান দিছিল৷ দেশৰ বহুতকে দোকা খুলি দিছে, আৰু যে কিমান কি সহায়... ৷ এনে হিতকাৰী কাৰ্যৰ বাবেই  ৰাতিটোৰ ভিতৰতে পৰ্দাৰ খলনায়ক চনু দৰিদ্ৰলোকৰ বাবে 'দেৱদূত ' হৈ পৰিল।তেওঁ মানুহৰ কাম কৰিবলৈ কোটি কোটি টকা  খৰচ কৰিছে। তেওঁ হিন্দী চিনেমাৰ এক নম্বৰ নায়কো নহয়। তেন্তে ইমান টকা তেওঁ  ক'ৰ পৰা পাইছে? এই প্ৰশ্নৰ  উত্তৰ চনু সুদেই দিছে৷ এক সাক্ষাৎকাৰত, চনুৱে কয় যে তেওঁৰ উপাৰ্জনৰ উৎস হৈছে ছবিত কৰা অভিনয়৷  ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলে তেওঁক এই কামত সহায় কৰি আহিছে। তেওঁ যথেষ্ট বিজ্ঞাপনতো অভিনয়  কৰে, যিটো তেওঁৰ বাবে উপাৰ্জনৰ এক ভাল উৎস।

চনুৱে কয়  যে অভিনেতাজনে দৰিদ্ৰ লোকক  সহায় কৰা ব্ৰেণ্ডবোৰৰ পৰা বিজ্ঞাপনৰ বাবে কোনো পাৰিশ্ৰমিক নলয়। তেওঁ বিনিময়ত একো নিবিচৰাকৈ  দৰিদ্ৰ লোকসকলক সহায় কৰে।

চনুৰ দেউতাৰ কাপোৰৰ দোকান এখন আছে  পঞ্জাৱৰ মোগাৰ এটা কোণত । চনুৱে অভাৱৰ মাজতে ডাঙৰ হৈছিল। দেউতাকে তেওঁৰ পুত্ৰক অভিযান্ত্ৰিক বিষয়  পঢ়িবলৈ নাগপুৰলৈ পঠিয়াইছিল। অৱশ্যে পঢ়া শেষ কৰাৰ পাছত  চাকৰিৰ বাবে চেষ্টা নকৰি  চনুৱে সিদ্ধান্ত লৈছিল যে তেওঁ অভিনয়ক   বৃত্তি হিচাবে গ্ৰহণ কৰিব।  ১৯৯৬ চনত মুম্বাইলৈ গৈছিল চনু আৰু আৰম্ভ হৈছিল  চনুৰ বলীউড যাত্ৰা৷ কোভিডৰ সময়ত দুখীয়া লোকক সহায় কৰিবলৈ চনু সুদ আৰু তেওঁৰ পত্নীয়ে আনকি মুম্বাইত থকা তেওঁলোকৰ সম্পত্তিও বিক্ৰী কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক