--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত খলনায়ক হিচাপে পৰিচিত আছিল চনু সুদ এতিয়া দেশ-বিদেশত এগৰাকী চৰ্চিত ব্যক্তি৷  কোভিডৰ সময়তে হওঁক বা কোভিডৰ পিছৰ সময়ছোৱাতেই হওঁক চনু সুদে নিজৰ গাঁঠিৰ ধন ভাঙি উদাৰচিত্তে দুখীয়া আৰু  বিপদত পৰা লোকক সহায় কৰি গৈছে৷ কোভিডৰ সময়ত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা শ্ৰমিকসকলক নিজৰ ৰাজ্যলৈ ঘূৰাই পঠিয়াবলৈ চনু সুদে সম্পূৰ্ণ নিজা খৰচত শ শ বাছ দিছিল৷ 

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দেশলৈ আনিবলৈ চনু সুদে নিজৰ খৰচত বিমান দিছিল৷ দেশৰ বহুতকে দোকা খুলি দিছে, আৰু যে কিমান কি সহায়... ৷ এনে হিতকাৰী কাৰ্যৰ বাবেই  ৰাতিটোৰ ভিতৰতে পৰ্দাৰ খলনায়ক চনু দৰিদ্ৰলোকৰ বাবে 'দেৱদূত ' হৈ পৰিল।তেওঁ মানুহৰ কাম কৰিবলৈ কোটি কোটি টকা  খৰচ কৰিছে। তেওঁ হিন্দী চিনেমাৰ এক নম্বৰ নায়কো নহয়। তেন্তে ইমান টকা তেওঁ  ক'ৰ পৰা পাইছে? এই প্ৰশ্নৰ  উত্তৰ চনু সুদেই দিছে৷ এক সাক্ষাৎকাৰত, চনুৱে কয় যে তেওঁৰ উপাৰ্জনৰ উৎস হৈছে ছবিত কৰা অভিনয়৷  ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলে তেওঁক এই কামত সহায় কৰি আহিছে। তেওঁ যথেষ্ট বিজ্ঞাপনতো অভিনয়  কৰে, যিটো তেওঁৰ বাবে উপাৰ্জনৰ এক ভাল উৎস।

চনুৱে কয়  যে অভিনেতাজনে দৰিদ্ৰ লোকক  সহায় কৰা ব্ৰেণ্ডবোৰৰ পৰা বিজ্ঞাপনৰ বাবে কোনো পাৰিশ্ৰমিক নলয়। তেওঁ বিনিময়ত একো নিবিচৰাকৈ  দৰিদ্ৰ লোকসকলক সহায় কৰে।

চনুৰ দেউতাৰ কাপোৰৰ দোকান এখন আছে  পঞ্জাৱৰ মোগাৰ এটা কোণত । চনুৱে অভাৱৰ মাজতে ডাঙৰ হৈছিল। দেউতাকে তেওঁৰ পুত্ৰক অভিযান্ত্ৰিক বিষয়  পঢ়িবলৈ নাগপুৰলৈ পঠিয়াইছিল। অৱশ্যে পঢ়া শেষ কৰাৰ পাছত  চাকৰিৰ বাবে চেষ্টা নকৰি  চনুৱে সিদ্ধান্ত লৈছিল যে তেওঁ অভিনয়ক   বৃত্তি হিচাবে গ্ৰহণ কৰিব।  ১৯৯৬ চনত মুম্বাইলৈ গৈছিল চনু আৰু আৰম্ভ হৈছিল  চনুৰ বলীউড যাত্ৰা৷ কোভিডৰ সময়ত দুখীয়া লোকক সহায় কৰিবলৈ চনু সুদ আৰু তেওঁৰ পত্নীয়ে আনকি মুম্বাইত থকা তেওঁলোকৰ সম্পত্তিও বিক্ৰী কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু