--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰবৈৰী চুবুৰীয়া দেশ পাকিস্তানে ভাৰতক লৈ এইবাৰ ৰচিছে আন এক নতুন কৌশল। পাকিস্তানৰ এখন বাতৰি কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, পাকিস্তানে এইবাৰ প্ৰথম ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত ভাৰত আৰু অন্যান্য নিকটতম চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শান্তি স্থাপন কৰিবলৈ ইচ্ছুক। যি পাকিস্তানে কাশ্মীৰৰ সমস্যাৰ নিষ্পত্তি নোহোৱাকৈও নতুন দিল্লীৰ সৈতে বাণিজ্যৰ দুৱাৰ মুকলি ৰাখিছে সেই পাকিস্তানে এতিয়া দ্বি-পাক্ষিক আলোচনাত বহিবলৈও প্ৰস্তুত বুলি জানিবলৈ পোৱা গৈছে।  বিগত মাহত দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা সমিতি আৰু কেবিনেটে পৃথকে পৃথকে সমৰ্থন কৰা ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ আওতাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আনুষ্ঠানিকভাৱে এই কথা ব্যক্ত কৰিছে। আনহাতে, এক্সপ্ৰেছ ট্ৰিবিউন বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি, নতুন ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত তাৎক্ষণিকভাবে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শান্তি আৰু অৰ্থনৈতিক কূটনীতি আদি বিষয়সমূহ পাকিস্তানৰ বৈদেশিক নীতিৰ মূখ্য বিষয় হ'ব বুলি প্ৰকাশ পাইছে। পাকিস্তানৰ এই প্ৰস্তাৱত ভাৰতৰ লগতে অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰ সমূহে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে হ'ব লক্ষ্যণীয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি