--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ভাৰত৷ নুমলীগড় তেল শোধনাগাৰৰ পৰা চুবুৰীয়া দেশ বাংলাদেশে ৯০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰিব৷ এই কথা সদৰী কৰে বাংলাদেশৰ বিত্তমন্ত্ৰী আহমদ মোস্তাফা কালামে৷ বাংলাদেশৰ বিত্ত মন্ত্ৰীৰ সভাপতিত্বত এখন কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ চলিত বৰ্ষৰ জানুৱাৰীৰপৰা ডিচেম্বৰৰ ভিতৰত এই তেল ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে সংশ্লিষ্ট কমিটীখনে৷ ভাৰতীয় হিচাপত এই তেলৰ মূল্য হ’ব ৪৯,০৯২.০০ টকা৷ ইয়াৰ বিপৰীতে বাংলাদেশে ব্যয় কৰিব প্ৰতি টন তেলত ৫৬,৯৪২ টকা৷ অসমৰ পৰা ক্ৰয় কৰা এই তেল বাংলাদেশে ঘাইকৈ উত্তৰ অংশৰ জিলাসমূহত ব্যৱহাৰ কৰিব৷ বাংলাদেশলৈ ৰপ্তানী কৰিব লগা এই তেলৰ প্ৰকল্পৰ বাবেই ইতিমধ্যে ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মৈত্ৰী পাইপলাইন নিৰ্মাণ কৰিছে৷ ২০১৮ বৰ্ষতে পাইপলাইন নিৰ্মাণৰ কাম মুকলি কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰদানমন্ত্ৰী শ্বেখ হাছিনাই৷ প্ৰকল্পৰ কাম এই বৰ্ষৰ জুনৰ ভিতৰতে সম্পূৰ্ণ হ’ব৷ পাইপলাইন নিৰ্মাণৰ পাছতে প্ৰাথমিকভাৱে ২.৫ লাখ মেট্ৰিক টন তেল সৰবৰাহ কৰিব আৰু পৰৱৰ্তী সময়ত ২.৫ লাখ মেট্ৰিক টনলৈ সৰবৰাহ বৃদ্ধি কৰা হ’ব৷ উল্লেখ্য যে, বাংলাদেশে নুমলীগড় শোধনাগাৰৰ পৰা মাহত ১২ হেজাৰ লিটাৰ ডিজেল আমদানি কৰিছে৷ এই তেল চট্টগ্ৰাম বন্দৰসহ আন কেইবাখনো নদী আৰু স্থলপথেৰে তেল সৰবৰাহ কৰিছে৷ এই বছৰত পাইপলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশৰ দিনাজপৰু জিলাৰ পাৰ্বতীপুৰ ডিপোসহ বিভিন্ন ডিপোলৈ তেল সৰবৰাহ কৰা হ’ব৷ ভাৰত-বাংলাদেশৰ এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু