--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ভাৰত৷ নুমলীগড় তেল শোধনাগাৰৰ পৰা চুবুৰীয়া দেশ বাংলাদেশে ৯০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰিব৷ এই কথা সদৰী কৰে বাংলাদেশৰ বিত্তমন্ত্ৰী আহমদ মোস্তাফা কালামে৷ বাংলাদেশৰ বিত্ত মন্ত্ৰীৰ সভাপতিত্বত এখন কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ চলিত বৰ্ষৰ জানুৱাৰীৰপৰা ডিচেম্বৰৰ ভিতৰত এই তেল ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে সংশ্লিষ্ট কমিটীখনে৷ ভাৰতীয় হিচাপত এই তেলৰ মূল্য হ’ব ৪৯,০৯২.০০ টকা৷ ইয়াৰ বিপৰীতে বাংলাদেশে ব্যয় কৰিব প্ৰতি টন তেলত ৫৬,৯৪২ টকা৷ অসমৰ পৰা ক্ৰয় কৰা এই তেল বাংলাদেশে ঘাইকৈ উত্তৰ অংশৰ জিলাসমূহত ব্যৱহাৰ কৰিব৷ বাংলাদেশলৈ ৰপ্তানী কৰিব লগা এই তেলৰ প্ৰকল্পৰ বাবেই ইতিমধ্যে ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মৈত্ৰী পাইপলাইন নিৰ্মাণ কৰিছে৷ ২০১৮ বৰ্ষতে পাইপলাইন নিৰ্মাণৰ কাম মুকলি কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰদানমন্ত্ৰী শ্বেখ হাছিনাই৷ প্ৰকল্পৰ কাম এই বৰ্ষৰ জুনৰ ভিতৰতে সম্পূৰ্ণ হ’ব৷ পাইপলাইন নিৰ্মাণৰ পাছতে প্ৰাথমিকভাৱে ২.৫ লাখ মেট্ৰিক টন তেল সৰবৰাহ কৰিব আৰু পৰৱৰ্তী সময়ত ২.৫ লাখ মেট্ৰিক টনলৈ সৰবৰাহ বৃদ্ধি কৰা হ’ব৷ উল্লেখ্য যে, বাংলাদেশে নুমলীগড় শোধনাগাৰৰ পৰা মাহত ১২ হেজাৰ লিটাৰ ডিজেল আমদানি কৰিছে৷ এই তেল চট্টগ্ৰাম বন্দৰসহ আন কেইবাখনো নদী আৰু স্থলপথেৰে তেল সৰবৰাহ কৰিছে৷ এই বছৰত পাইপলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশৰ দিনাজপৰু জিলাৰ পাৰ্বতীপুৰ ডিপোসহ বিভিন্ন ডিপোলৈ তেল সৰবৰাহ কৰা হ’ব৷ ভাৰত-বাংলাদেশৰ এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ