--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ উষ্ণতা প্ৰতি বছৰে বৃদ্ধি পাই গৈ আছে।
তাৰেই প্ৰভাৱত এতিয়া পৃথিৱীৰ জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা আন এটা ভয়াৱহ খবৰ হৈছে মেৰুৰ উষ্ণতা বৃদ্ধি।শেহতীয়াকৈ  প্ৰকাশিত গৱেষণা অনুসৰি যোৱা ৪০ বছৰত আৰ্কটিক এলেকাত পৃথিৱীৰ বাকী অংশতকৈ প্ৰায় চাৰিগুণ দ্ৰুতগতিত উষ্ণতা বৃদ্ধি হৈছে। 

এই কথাই  সূচায় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ  মেৰুৰ ওপৰত ভালকৈয়ে পৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু বিজ্ঞান পেনেলে ২০১৯ চনত এক বিশেষ প্ৰতিবেদনত কৈছিল যে আৰ্কটিক এম্প্লিফিকেচন নামৰ এক প্ৰক্ৰিয়াৰ বাবে আৰ্কটিক "বিশ্বব্যাপী গড়ৰ দুগুণতকৈও অধিক" গৰম হৈ আছে। এইটো তেতিয়া হয় যেতিয়া সাগৰীয় বৰফত প্ৰাকৃতিকভাৱে সূৰ্যৰ তাপ প্ৰতিফলিত হয় তেতিয়া  বৰফ গলা পানী  সাগৰৰ পানীত মিলি গৈ থাকে।  নৰৱে আৰু ফিনলেণ্ডস্থিত গৱেষকৰ এটা দলে ১৯৭৯ চনৰ পৰা উপগ্ৰহ অধ্যয়নৰ দ্বাৰা সংগ্ৰহ কৰা চাৰিটা উষ্ণতাৰ তথ্য বিশ্লেষণ কৰি মেৰুৰ উষ্ণতা বৃদ্ধিৰ বিষয়ত নিশ্চিত হৈছে।

 তেওঁলোকে লাভ কৰা তথ্যই দেখুৱাইছে যে আৰ্কটিক প্ৰতি দশকত ০.৭৫  চেণ্টিগ্ৰেড গৰম হৈছে, যি  গ্ৰহটোৰ বাকী ঠাইত হোৱা উষ্ণতাৰ বৃদ্ধিতকৈ  প্ৰায় চাৰিগুণ দ্ৰুতহাৰত হৈছে।কমিউনিকেশ্বন আৰ্থ এণ্ড এনভায়ৰনমেণ্ট আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত আৰ্কটিক বৃত্তৰ ভিতৰত উষ্ণতাৰ হাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক তাৰতম্য পোৱা গৈছে। উদাহৰণ স্বৰূপে, স্ভালবাৰ্ড আৰু নোভায়া জেমলিয়া দ্বীপপুঞ্জৰ ওচৰত থকা আৰ্কটিক মহাসাগৰৰ ইউৰেচিয়ান খণ্ডই প্ৰতি দশকত ১.২৫ চেণ্টিগ্ৰেড গৰম হৈছে -  এই বৃদ্ধি বাকী বিশ্বৰ আন ঠাইতকৈ সাত গুণ দ্ৰুত।

 ভয়াৱহ কথাটো হ’ল মেৰু গৰম হোৱাৰ লগে লগে ইয়াৰ হিমবাহবোৰ গলি যাব আৰু ই বিশ্বব্যাপী সাগৰৰ স্তৰবৃদ্ধি পাব। ফলত পানীৰ তলত নিমজ্জিত হ’ব বিশ্বৰ বহু ঠাই।সাগৰৰ পাৰত থকা চহৰ সমূহৰ চিন-চাব নোহোৱা হৈ পৰিব। মেৰুৰ বৰফৰ দ্ৰুত গলনলৈ লক্ষ্য কৰি তেনে ভয়াৱহ দিনলৈ আৰু বেছি দিন নাই বুলি আশংকা কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু