--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিপদ কেতিয়া কৰাৰ কেনেকৈ আহে সেয়া কোনেও ক’ব নোৱাৰে।  মোবাইল ফোনৰ বিস্ফোৰণ ঘটাৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ । এনে অঘটনৰ ফলত বহু সময়ত বহু লোক ঘূণীয়া হৈ আহিছে বা বহুতৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণৰ অঘটনো ঘটিছে। আজি প্ৰায় সংখ্যক লোকৰে হাতে হাতে স্মাৰ্টফোন। এক কথাত ক'বলৈ গ'লে স্মাৰ্টফোনটো  এতিয়া বহুতৰে  জীৱনৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। এতিয়া এনে কিছুমান কামো আছে যি বোৰ কাম স্মাৰ্টফোন অবিহনে কৰিব নোৱাৰি। আমাৰ বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা স্মাৰ্টফোনটোৱেই কেতিয়াবা আমাৰ জীৱনলৈ ভাবুকি নমাই আনিব পাৰে।

স্মাৰ্টফোনৰ  ব্যৱহাৰ  এতিয়া যিমানে বাঢ়িছে,সিমানেই  এনে ফোনৰ বিস্ফোৰণৰ ঘটনাও বৃদ্ধি পাইছে।  স্মাৰ্টফোনটোক নিৰাপদে ৰাখিবলৈ আৰু  বিস্ফোৰণ ঘটাৰ পৰা  পৰা ৰক্ষা কৰিবলৈ এই ভুল দুটা আমি কেতিয়াও কৰা উচিৎ নহয়—

(ক)অন্য চাৰ্জাৰেৰে  ফোনটো চাৰ্জ দিয়া–

আমি বহুতেই মোবাইল ফোনটো চাৰ্জ দিবলৈ ফোনটোত খাপ খোৱা যিকোনো চাৰ্জাৰ ব্যৱহাৰ কৰো। দৰাচলতে কোম্পানীয়ে একো একোটা মোবাইল ফোনৰ বাবে নিৰ্দিষ্ট চাৰ্জাৰ দিয়ে। সেই নিৰ্দিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে বিপদ ঘটাৰ ভয় বহু খিনি কমি যায়। কিন্তু চাৰ্জ দিবলৈ আজি এটা চাৰ্জাৰ, কাইলৈ এটা চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বৃদ্ধি পায়। দৰাচলতে একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

 আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব থাকিবলৈ বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী আন এডাল চাৰ্জাৰহে সংগ্ৰহ কৰি ল'ব।

(খ) চাৰ্জ দি থকা অৱস্থাতে ফোনটো  ব্যৱহাৰ কৰা–

বহুতেই মোবাইল ফোনটো চাৰ্জ দি থকা অৱস্থাতো ফোন কৰাকে ধৰি আন কামো কৰি থাকে। এনে কৰিলে বিপদৰ আশংকা বহু গুণে বাঢ়ি যায়।  ফোনটো চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ ঘটিব  পাৰে।

সাধাৰণ যেন লগা এই দুই দুটা ভুলৰ বাবেই মোবাইল ফোনৰ প্ৰায় ভাগ বিস্ফোৰণ ঘটি আহিছে। গতিকে এনে ভুলবোৰ নকৰাকৈ থাকিলেই ফোনটোৰ লগতে আমাৰো স্বাস্থ্য ভালে থাকিব, কুশলে থাকিব পাৰিম।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন