--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো আই ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আই ফ্লু ৰোগক কনজাংটিভাইটিছ বা পিংক আই বুলিও কোৱা হয়। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। 

ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে। স্বাস্থ্য বিভাগেও এই বিপদজনক ফ্লু পৰিহাৰ কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে। আই ফ্লু বা কনজাংটিভাইটিছ (Conjunctivitis) হৈছে চকুৰ এক ৰোগ, ইয়ে সংক্ৰমিত লোকৰ চকুৰ বগা অংশ ৰঙচুৱা কৰি তোলে।


আই ফ্লুৰ কাৰণসমূহ হৈছে-

আই ফ্লুৰ এটা চকুৰ পৰা আৰম্ভ হৈ দুয়োটা চকুতে হয়। আচলতে বাৰিষাৰ সময়ত বতাহৰ জৰিয়তে সংক্ৰমণ বিয়পোৱা বীজাণু আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। যিহেতু আই ফ্লু এটা সংক্ৰামক ৰোগ আৰু ই এটা পৃষ্ঠৰ পৰা আন এটা পৃষ্ঠলৈ বিয়পি পৰে, গতিকে যিকোনো পৃষ্ঠ স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক আৰু হাতেৰে চকু স্পৰ্শ নকৰিব।

আই ফ্লুৰ লক্ষণ-

চকুৰ তীব্ৰ বিষ
চকু ৰঙা পৰা
চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায়
আঠাসদৃশ স্ৰাৱ ওলোৱাৰ ফলত চকুৰ পতা দুটি বন্ধ হৈ থকা
খজুৱতি, দৃষ্টিশক্তি ম্লান হোৱা
চকুৰ পতা ফুলি উঠা
চকুপানী ওলাই থকা 

আই ফ্লুৰ পৰা বাচিবলৈ কি কি কৰিব লাগে

পৰিষ্কাৰ ঠাণ্ডা পানীৰে বাৰে বাৰে চকু ধুব লাগে।
চিকিৎসকে দিয়া চকুৰ ঔষধ চকুত লগাওক।
হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
হাত নোধোৱাকৈ চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চকু দুটা ঘঁহিব নালাগে।
চকুৰ ফ্লু ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখক।
আপোনাৰ টাৱেল, কাপোৰ, চাদৰ, চশমা, মেকআপ প্ৰডাক্ট, চকুৰ টোপাল পৃথকে পৃথকে ৰাখক।
চকুৰ পতা বাৰে বাৰে চকু টিপিয়াই থাকিব।
বৰষুণত তিতাৰ পৰা বিৰত থাকক।
কেতিয়াও চুইমিং পুলত গা ধুবলৈ নাযাব।
সৰু ল’ৰা-ছোৱালীয়ে হাত সঘনাই ধুব লাগে।
শিশুৱে বাৰে বাৰে চকুত হাত ফুৰাৰ পৰা ৰক্ষা কৰক।
যিকোনো ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সংক্ৰমণ বিয়পাব পাৰে।
যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই চশমা পিন্ধিব। হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব।
আপোনাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক

আই ফ্লুৰ পৰা পৰিত্ৰাণ পাবলৈ ৰোগীজনক ৫ৰ পৰা ১০দিন সময় লাগিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য