--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো আই ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আই ফ্লু ৰোগক কনজাংটিভাইটিছ বা পিংক আই বুলিও কোৱা হয়। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। 

ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে। স্বাস্থ্য বিভাগেও এই বিপদজনক ফ্লু পৰিহাৰ কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে। আই ফ্লু বা কনজাংটিভাইটিছ (Conjunctivitis) হৈছে চকুৰ এক ৰোগ, ইয়ে সংক্ৰমিত লোকৰ চকুৰ বগা অংশ ৰঙচুৱা কৰি তোলে।


আই ফ্লুৰ কাৰণসমূহ হৈছে-

আই ফ্লুৰ এটা চকুৰ পৰা আৰম্ভ হৈ দুয়োটা চকুতে হয়। আচলতে বাৰিষাৰ সময়ত বতাহৰ জৰিয়তে সংক্ৰমণ বিয়পোৱা বীজাণু আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। যিহেতু আই ফ্লু এটা সংক্ৰামক ৰোগ আৰু ই এটা পৃষ্ঠৰ পৰা আন এটা পৃষ্ঠলৈ বিয়পি পৰে, গতিকে যিকোনো পৃষ্ঠ স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক আৰু হাতেৰে চকু স্পৰ্শ নকৰিব।

আই ফ্লুৰ লক্ষণ-

চকুৰ তীব্ৰ বিষ
চকু ৰঙা পৰা
চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায়
আঠাসদৃশ স্ৰাৱ ওলোৱাৰ ফলত চকুৰ পতা দুটি বন্ধ হৈ থকা
খজুৱতি, দৃষ্টিশক্তি ম্লান হোৱা
চকুৰ পতা ফুলি উঠা
চকুপানী ওলাই থকা 

আই ফ্লুৰ পৰা বাচিবলৈ কি কি কৰিব লাগে

পৰিষ্কাৰ ঠাণ্ডা পানীৰে বাৰে বাৰে চকু ধুব লাগে।
চিকিৎসকে দিয়া চকুৰ ঔষধ চকুত লগাওক।
হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
হাত নোধোৱাকৈ চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চকু দুটা ঘঁহিব নালাগে।
চকুৰ ফ্লু ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখক।
আপোনাৰ টাৱেল, কাপোৰ, চাদৰ, চশমা, মেকআপ প্ৰডাক্ট, চকুৰ টোপাল পৃথকে পৃথকে ৰাখক।
চকুৰ পতা বাৰে বাৰে চকু টিপিয়াই থাকিব।
বৰষুণত তিতাৰ পৰা বিৰত থাকক।
কেতিয়াও চুইমিং পুলত গা ধুবলৈ নাযাব।
সৰু ল’ৰা-ছোৱালীয়ে হাত সঘনাই ধুব লাগে।
শিশুৱে বাৰে বাৰে চকুত হাত ফুৰাৰ পৰা ৰক্ষা কৰক।
যিকোনো ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সংক্ৰমণ বিয়পাব পাৰে।
যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই চশমা পিন্ধিব। হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব।
আপোনাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক

আই ফ্লুৰ পৰা পৰিত্ৰাণ পাবলৈ ৰোগীজনক ৫ৰ পৰা ১০দিন সময় লাগিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস