--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ৰে’ল  দুৰ্ঘটনাই জোকাৰি গ’ল গ্ৰীচক। দেশ খনত দুয়োখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত কমেও ৩২গৰাকী যাত্ৰী  নিহত হৈছে । আহত হৈছে শতাধিক যাত্ৰী। নিহতৰ আৰু বৃদ্ধি হোৱাৰ আশংকা আছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

 দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।প্ৰকৃততে কি ঘটিছিল? এখন যাত্ৰীবাহী ৰে’লে এথেন্সৰ পৰা থেচোলোনিকিলৈ গৈ আছিল। হঠাতে একে পথেৰে বিপৰীত দিশৰ পৰা আহি থকা  এখন মালবাহী ৰে’লৰ সৈতে যাত্ৰীবাহী ৰে’ল খনৰ  মুখামুখি সংঘৰ্ষ হয়। থেচালিৰ  গভৰ্ণৰে  এই কথা প্ৰকাশ কৰিছে। দুয়োখন ৰে’লৰ মাজত কেনেকৈ সংঘৰ্ষ হ’বলৈ পালে  সেয়া অনুসন্ধান কৰি থকা হৈছে বুলিও তেওঁ কয়। সংঘৰ্ষৰ পিছত ৰে’লখনৰ কমেও তিনিটা ডবাত জুই লাগে।

 কেইবাটাও ডবা লাইনচ্যুত হৈ পৰে।  অগ্নিকাণ্ডত বহুতো যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী  আৰু ২০ খন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হৈছে । উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ৰে’ল খনত থকা  যাত্ৰী ২৮ বছৰীয়া ষ্টুৰ্গিউছ মিনেনিছে কয়, "আমি হঠাতে এটা ডাঙৰ শব্দ শুনিছিলো। লগে লগে আতংক বিয়পি পৰিছিল। সকলোতে জুই  কেৱল জুই, এক ভয়ংকৰ অৱস্থা হৈছিল।’’ তেওঁ লগতে  কয় যে আৰম্ভণিতে তেওঁলোকে সেয়া ভূমিকম্প বুলি ভাবিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন