--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ৰে’ল  দুৰ্ঘটনাই জোকাৰি গ’ল গ্ৰীচক। দেশ খনত দুয়োখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত কমেও ৩২গৰাকী যাত্ৰী  নিহত হৈছে । আহত হৈছে শতাধিক যাত্ৰী। নিহতৰ আৰু বৃদ্ধি হোৱাৰ আশংকা আছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

 দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।প্ৰকৃততে কি ঘটিছিল? এখন যাত্ৰীবাহী ৰে’লে এথেন্সৰ পৰা থেচোলোনিকিলৈ গৈ আছিল। হঠাতে একে পথেৰে বিপৰীত দিশৰ পৰা আহি থকা  এখন মালবাহী ৰে’লৰ সৈতে যাত্ৰীবাহী ৰে’ল খনৰ  মুখামুখি সংঘৰ্ষ হয়। থেচালিৰ  গভৰ্ণৰে  এই কথা প্ৰকাশ কৰিছে। দুয়োখন ৰে’লৰ মাজত কেনেকৈ সংঘৰ্ষ হ’বলৈ পালে  সেয়া অনুসন্ধান কৰি থকা হৈছে বুলিও তেওঁ কয়। সংঘৰ্ষৰ পিছত ৰে’লখনৰ কমেও তিনিটা ডবাত জুই লাগে।

 কেইবাটাও ডবা লাইনচ্যুত হৈ পৰে।  অগ্নিকাণ্ডত বহুতো যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী  আৰু ২০ খন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হৈছে । উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ৰে’ল খনত থকা  যাত্ৰী ২৮ বছৰীয়া ষ্টুৰ্গিউছ মিনেনিছে কয়, "আমি হঠাতে এটা ডাঙৰ শব্দ শুনিছিলো। লগে লগে আতংক বিয়পি পৰিছিল। সকলোতে জুই  কেৱল জুই, এক ভয়ংকৰ অৱস্থা হৈছিল।’’ তেওঁ লগতে  কয় যে আৰম্ভণিতে তেওঁলোকে সেয়া ভূমিকম্প বুলি ভাবিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক