--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে পাকিস্তানে। দেশ খনে উন্নয়নৰ বাবে অহা ধনো সন্ত্ৰাসবাদীৰ বৰণ-পোষণৰ বাবে খৰচ কৰাৰ তথ্য এতিয়া আৰু নতুন হৈ থকা নাই। ভাৰতৰ মুম্বাই কাণ্ডকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰা বহু সন্ত্ৰাসবাদীক পাকিস্তানে ৰক্ষণাবেক্ষন দি অহাৰ কথা বহুবাৰ প্ৰমাণ হৈছে। 

 শেহতীয়াকৈ পাকিস্তানৰ আন এক জঘন্য কাৰ্য পোহৰলৈ আহিছে।  এনে কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে পাকিস্তানে  মুকলিকৈ সন্ত্ৰাসবাদক সমৰ্থন  কৰে। শেহতীয়াকৈ দেখা গৈছে যে পাকিস্তানৰ সেনাই হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনৰ সুৰক্ষাৰ বাবে উঠিপৰি লাগিছে। পাক সেনাই সন্ত্ৰাসবাদী নেতা জনক সুৰক্ষাৰ স্বাৰ্থতে  এখন বুলেট প্ৰুফ গাড়ী দিয়াৰ তথ্য বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। শেহতীয়াকৈ ছালাউদ্দিনে পাকিস্তানৰ মাটিত  মুক্তভাৱে ঘূৰি ফুৰাও দেখা গৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।

 তেওঁ পাকিস্তান চৰকাৰৰ নিৰাপত্তাৰ মাজত লাহোৰত এটা অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাও বহুতে দেখা বুলি দাবী কৰিছে। উল্লেখ্য ভাৰতৰ কাশ্মীৰত ২০ জনতকৈও অধিক কাশ্মীৰী পণ্ডিতৰ হত্যাৰ সৈতে হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিন জড়িত আছিল। সন্ত্ৰাসবাদীজনক ভাৰতে বিচাৰি আছে যদিও আজিলৈকে পাকিস্তানৰ চৰকাৰে হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনক  ভাৰতৰ হাতত গটাই দিয়া নাই। আনকি হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিন পাকিস্তানত নাই বুলিও বহু সময়ত পাক চৰকাৰে ইংগিত দিছিল। ইয়াৰ মাজতে পাক সেনাই প্ৰদান কৰা বুলেট প্ৰুফ গাড়ীত উঠি সন্ত্ৰাসবাদী জনে মুক্তভাবে ঘূৰি ফুৰাৰ কথাই পাকিসস্তান চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি বহুতে মন্তব্য কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন