--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে পাকিস্তানে। দেশ খনে উন্নয়নৰ বাবে অহা ধনো সন্ত্ৰাসবাদীৰ বৰণ-পোষণৰ বাবে খৰচ কৰাৰ তথ্য এতিয়া আৰু নতুন হৈ থকা নাই। ভাৰতৰ মুম্বাই কাণ্ডকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰা বহু সন্ত্ৰাসবাদীক পাকিস্তানে ৰক্ষণাবেক্ষন দি অহাৰ কথা বহুবাৰ প্ৰমাণ হৈছে। 

 শেহতীয়াকৈ পাকিস্তানৰ আন এক জঘন্য কাৰ্য পোহৰলৈ আহিছে।  এনে কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে পাকিস্তানে  মুকলিকৈ সন্ত্ৰাসবাদক সমৰ্থন  কৰে। শেহতীয়াকৈ দেখা গৈছে যে পাকিস্তানৰ সেনাই হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনৰ সুৰক্ষাৰ বাবে উঠিপৰি লাগিছে। পাক সেনাই সন্ত্ৰাসবাদী নেতা জনক সুৰক্ষাৰ স্বাৰ্থতে  এখন বুলেট প্ৰুফ গাড়ী দিয়াৰ তথ্য বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। শেহতীয়াকৈ ছালাউদ্দিনে পাকিস্তানৰ মাটিত  মুক্তভাৱে ঘূৰি ফুৰাও দেখা গৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।

 তেওঁ পাকিস্তান চৰকাৰৰ নিৰাপত্তাৰ মাজত লাহোৰত এটা অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাও বহুতে দেখা বুলি দাবী কৰিছে। উল্লেখ্য ভাৰতৰ কাশ্মীৰত ২০ জনতকৈও অধিক কাশ্মীৰী পণ্ডিতৰ হত্যাৰ সৈতে হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিন জড়িত আছিল। সন্ত্ৰাসবাদীজনক ভাৰতে বিচাৰি আছে যদিও আজিলৈকে পাকিস্তানৰ চৰকাৰে হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনক  ভাৰতৰ হাতত গটাই দিয়া নাই। আনকি হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিন পাকিস্তানত নাই বুলিও বহু সময়ত পাক চৰকাৰে ইংগিত দিছিল। ইয়াৰ মাজতে পাক সেনাই প্ৰদান কৰা বুলেট প্ৰুফ গাড়ীত উঠি সন্ত্ৰাসবাদী জনে মুক্তভাবে ঘূৰি ফুৰাৰ কথাই পাকিসস্তান চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি বহুতে মন্তব্য কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত