--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ বহু  কিছু অংশত এতিয়া চলিছে গৰমৰ সংহাৰ৷  কেইবাখনো ৰাজ্য  হিটৱেভ পৰিস্থিতিৰ সন্মুখীন হৈছে। আইএমডিয়ে ভৱিষ্যতবাণী কৰিছে যে অহা পাঁচ দিনলৈ ভিতৰত বংগ, ওড়িশা, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰ প্ৰদেশত হিটৱেভৰ পৰিস্থিতি অব্যাহত থাকিব।পৰৱৰ্তী ৫ দিনত বিহাৰ, ঝাৰখণ্ড, তেলেংগানা,  কৰ্ণাটক, তামিলনাডু,  উত্তৰ প্ৰদেশত গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিব৷ দেশৰ ৰাজধানী চহৰ দিল্লীত আজি তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আজি দিল্লীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বৰষুণ হ’লে দিল্লীবাসীয়ে কিছু সকাহ পাব বুলি আশা কৰা হৈছে৷  

উল্লেখ্য বিজ্ঞানীসকলে  কৈ আহিছে যে তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিব ভাৰত আৰু পাকিস্তানক৷  বিশ্বই যোৱা কেইটামান দশক ধৰি গোলকীয় উষ্ণতাৰ আটাইতকৈ ভয়ংকৰ  ৰূপৰ সাক্ষী হ’বলগীয়া হৈছে। শক্তিশালী  ঘূৰ্ণীবতাহ, বানপানী, বৰফৰ গলন, খৰাঙৰ সন্মুখীন হৈছে বিশ্বৰ মানৱ। এক  প্ৰতিবেদনত পৰিৱেশ বিজ্ঞানীসকলে কৈছে  যে অহা কেইটামান দশকত ভাৰতৰ বহু ঠাইক  তীব্ৰ গ্ৰীষ্ম প্ৰবাহে চুই যাব। পাকিস্তানৰ বৃহৎ অংশতো একেই ঘটনা  ঘটিব।

প্ৰতিবেদনত দাবী কৰা হৈছে যে তাপমাত্ৰাই প্ৰাণীৰ  সহনশীলতাৰ স্তৰ অতিক্ৰম কৰিব। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি  লোক এই গ্ৰীষ্ম প্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। পশ্চিমীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে যুগুত কৰা প্ৰতিবেদন অনুসৰি মানৱ শৰীৰে কেৱল এক নিৰ্দিষ্ট তাপ সহ্য কৰিব পাৰে। পৰৱৰ্তী কেইটামান দশকত বতৰৰ আমূল পৰিৱৰ্তন হ'ব। তাপমাত্ৰাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যিটো মানৱ শৰীৰৰ সহনশীলতাৰ বাহিৰত হ’ব। ফলস্বৰূপে  হিট  ষ্ট্ৰোক আৰু হৃদ ৰোগৰ আক্ৰমণ অভাৱনীয়ভাবে বৃদ্ধি  পাব । ইয়াৰ উপৰি  বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।

ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলত খৰাং হ'ব। বিজ্ঞানীসকলে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে দুৰ্যোগ নামি আহিব।  নগৰীয়া সভ্যতাই সৃষ্টি কৰা  প্ৰদূষণ, গছ-গছনিৰ অবাধ ধ্বংস,   অত্যধিক তেজস্ক্ৰিয় পদাৰ্থৰ বিকিৰণে তাপ প্ৰবাহ বৃদ্ধি কৰিব।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে এল নিনো  ২০২৪ চনত পুনৰ হোৱাৰ আশংকা আছে। সামগ্ৰিকভাৱে  উষ্ণতা কল্পনাৰ বাহিৰলৈ গুচি যাব। মাটি ফাটি যাব, পুখুৰী-নদী-নলা শুকাই যাব। পৃথিৱীৰ এটা ডাঙৰ অংশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।


বিজ্ঞানীসকলৰ মতে, প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া  চিলি আৰু পেৰুৰ উপকূলত আৰু মহাসাগৰৰ কেন্দ্ৰীয় অংশত সৃষ্টি হোৱা 'এলনিনো 'য়ে ভাৰতৰ বৰ্ষা ঋতুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব পাৰে। তেনে ক্ষেত্ৰত মানুহৰ বাবে তাপ প্ৰবাহৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিব। যদি বিশ্বৰ গড় তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে, তেন্তে ভাৰত, পাকিস্তান আৰু চীনত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ  হ'ব পাৰে। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি   লোক এই তাপ প্ৰবাহৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব বুলি ধাৰণা কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ