--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এটা বিল্ডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ বাবে বিল্ডিংটো খহিও পৰিল। পোহৰলৈ আহিল ভয়ংকৰ দৃশ্য।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে দিল্লীৰ ৰোশনাৰা ৰোডৰ এটা চাৰি মহলীয়া ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। সেই ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখিছিল স্থানীয় ৰাইজে। ইয়াৰ পিছত তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। প্ৰায় ১১:৫০ বজাত সেই বহুমহলীয়া অট্টালিকাটোত জুই লাগে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সেই বহুমহলীয়া বিল্ডিংটোত আগতে এটা লজিষ্টিক কোম্পানীয়ে কাম কৰিছিল। অগ্নিকাণ্ডৰ সময়ত এপাৰ্টমেণ্টটোত কোনো নাছিল। স্থানীয় লোকে প্ৰথমে ক’লা ধোঁৱা দেখিছিল। তাৰ লগে লগে বহুমহলীয়া অট্টালিকাটোৰ ভিতৰৰ পৰা জুইৰ শিখা ওলাই আহিবলৈ ধৰিলে। জুইয়ে লাহে লাহে গোটেই ঘৰটো ভস্মীভূত কৰি পেলালে।

১৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে যেতিয়া জুই নিৰ্বাপনৰ কাম কৰি আছিল তেতিয়া বহুমহলীয়া অট্টালিকাটো ভাঙি পৰে। পাঁচ ছেকেণ্ডৰ ভিতৰতে সমগ্ৰ বহুমহলীয়া অট্টালিকাটো মাটিত ভাঙি পৰিল।

আৰক্ষীয়ে জনোৱা মতে, বহু মহলীয়া অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে আশে-পাশে থকা অঞ্চলটো খালী কৰা হয়। ফলত বহুমহলীয়া অট্টালিকাটো ভাঙি যায় যদিও কোনো লোক আহত হোৱা নাই। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে কেনেকৈ জুই আৰম্ভ হৈছিল, জুইৰ উৎস কি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে