--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এটা বিল্ডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ বাবে বিল্ডিংটো খহিও পৰিল। পোহৰলৈ আহিল ভয়ংকৰ দৃশ্য।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে দিল্লীৰ ৰোশনাৰা ৰোডৰ এটা চাৰি মহলীয়া ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। সেই ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখিছিল স্থানীয় ৰাইজে। ইয়াৰ পিছত তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। প্ৰায় ১১:৫০ বজাত সেই বহুমহলীয়া অট্টালিকাটোত জুই লাগে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সেই বহুমহলীয়া বিল্ডিংটোত আগতে এটা লজিষ্টিক কোম্পানীয়ে কাম কৰিছিল। অগ্নিকাণ্ডৰ সময়ত এপাৰ্টমেণ্টটোত কোনো নাছিল। স্থানীয় লোকে প্ৰথমে ক’লা ধোঁৱা দেখিছিল। তাৰ লগে লগে বহুমহলীয়া অট্টালিকাটোৰ ভিতৰৰ পৰা জুইৰ শিখা ওলাই আহিবলৈ ধৰিলে। জুইয়ে লাহে লাহে গোটেই ঘৰটো ভস্মীভূত কৰি পেলালে।

১৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে যেতিয়া জুই নিৰ্বাপনৰ কাম কৰি আছিল তেতিয়া বহুমহলীয়া অট্টালিকাটো ভাঙি পৰে। পাঁচ ছেকেণ্ডৰ ভিতৰতে সমগ্ৰ বহুমহলীয়া অট্টালিকাটো মাটিত ভাঙি পৰিল।

আৰক্ষীয়ে জনোৱা মতে, বহু মহলীয়া অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে আশে-পাশে থকা অঞ্চলটো খালী কৰা হয়। ফলত বহুমহলীয়া অট্টালিকাটো ভাঙি যায় যদিও কোনো লোক আহত হোৱা নাই। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে কেনেকৈ জুই আৰম্ভ হৈছিল, জুইৰ উৎস কি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু