--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক ভয়ংকৰ ঘটনা। সোমবাৰে দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ বাহনখনক তৰোৱাল লৈ আক্ৰমণ কৰে দুৰ্বৃত্বই। পলিগ্ৰাফ টেষ্টৰ অন্তত আফতাবক লৈ ওলাই আহিল এফ এছ এলৰ দলটো। তাৰ পাছতে আক্ৰমণকাৰীয়ে সেই স্থানত উপস্থিত হৈ গাড়ীখনক আক্ৰমণ কৰে। 

আনকি অভিযুক্তক হত্যাৰো ভাবুকি দিয়ে আক্ৰমণকাৰীয়ে। আক্ৰমণ কৰা ব্যক্তিজনে কয়, "দুই মিনিটৰ বাবে  আফতাবক উলিয়াই দিয়ক, মই মাৰি পেলাম।"কেৱল সেইয়াই নহয়, ক্ষুব্ধ আক্ৰমণকাৰীয়ে আৰক্ষীৰ ভ্যানখনতো শিলগুটিও নিক্ষেপ কৰে।

আফতাবক লৈ যোৱা ভ্যানখনত হঠাতে হোৱা এই আক্ৰমণৰ পাছতে সষ্টম হয় আৰক্ষী। ভ্যানৰ পৰা ওলাই আহি এই লোকসকলৰ ফালে এজন আৰক্ষীয়ে দেখুৱাই  বন্দুক। আফতাবৰ গাড়ীত আক্ৰমণ কৰা একাংশ অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। আক্ৰমণকাৰীয়ে নিজকে হিন্দু সেনাৰ কৰ্মী বুলি দাবী কৰে। সমগ্ৰ ঘটনী সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে নাম লোৱা সংগঠনৰ তথ্যও সংগ্ৰহ কৰা হৈছে। আনহাতে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, আক্ৰমণৰ সময়ছোৱাত আফতাবৰ লগত এজন উপ পৰিদৰ্শককে ধৰি আছিল ৫ জন আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু