--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক ভয়ংকৰ ঘটনা। সোমবাৰে দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ বাহনখনক তৰোৱাল লৈ আক্ৰমণ কৰে দুৰ্বৃত্বই। পলিগ্ৰাফ টেষ্টৰ অন্তত আফতাবক লৈ ওলাই আহিল এফ এছ এলৰ দলটো। তাৰ পাছতে আক্ৰমণকাৰীয়ে সেই স্থানত উপস্থিত হৈ গাড়ীখনক আক্ৰমণ কৰে। 

আনকি অভিযুক্তক হত্যাৰো ভাবুকি দিয়ে আক্ৰমণকাৰীয়ে। আক্ৰমণ কৰা ব্যক্তিজনে কয়, "দুই মিনিটৰ বাবে  আফতাবক উলিয়াই দিয়ক, মই মাৰি পেলাম।"কেৱল সেইয়াই নহয়, ক্ষুব্ধ আক্ৰমণকাৰীয়ে আৰক্ষীৰ ভ্যানখনতো শিলগুটিও নিক্ষেপ কৰে।

আফতাবক লৈ যোৱা ভ্যানখনত হঠাতে হোৱা এই আক্ৰমণৰ পাছতে সষ্টম হয় আৰক্ষী। ভ্যানৰ পৰা ওলাই আহি এই লোকসকলৰ ফালে এজন আৰক্ষীয়ে দেখুৱাই  বন্দুক। আফতাবৰ গাড়ীত আক্ৰমণ কৰা একাংশ অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। আক্ৰমণকাৰীয়ে নিজকে হিন্দু সেনাৰ কৰ্মী বুলি দাবী কৰে। সমগ্ৰ ঘটনী সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে নাম লোৱা সংগঠনৰ তথ্যও সংগ্ৰহ কৰা হৈছে। আনহাতে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, আক্ৰমণৰ সময়ছোৱাত আফতাবৰ লগত এজন উপ পৰিদৰ্শককে ধৰি আছিল ৫ জন আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক